আজি অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত পুনৰ ৯ গৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়।
আজি মৃত্যু হোৱা লোক কেইগৰাকী হ’ল ক্ৰমে- ডিব্ৰুগড়ৰ দিব্য ৰঞ্জন চুতীয়া (৬২), কামৰূপ মেট্ৰ’ৰ খনিন্দ্ৰ তালুকদাৰ (৭১), লখিমপুৰৰ বৰ্ণালী শইকীয়া (৩৫), মাজুলীৰ বুপাৰাম শইকীয়া (৭৯), গোলাঘাটৰ দিলীপ দাস (৩৯), যোৰহাটৰ কুমুদ দত্ত (৭৫), কাছাৰৰ অৰ্জুন প্ৰসাদ চোনাৰ (৭৫), ধুবুৰীৰ ইমফাৰ আলী শেইখ (৬৪) আৰু কোকৰাঝাৰৰ যতীন্দ্ৰ ঘোষ (৮২)।
ইয়াৰ ফলত ৰাজ্যত বৰ্তমানলৈ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৭৯৪ গৰাকীলৈ বৃদ্ধি পায়।
স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৃত্যু হোৱা ব্যক্তিসকলৰ পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
আনহাতে, আজি ৰাজ্যত সম্পন্ন হোৱা মুঠ ৩২৪০৮ টা ক’ৰ’নাৰ পৰীক্ষাৰ ভিতৰত ১১৮৮ গৰাকী লোক ক’ৰ’না প’জিটিভ হয়।
ইয়াৰ ফলত অসমত বৰ্তমানলৈ ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ১৯১৩৯৭ গৰাকীলৈ বৃদ্ধি পায়। ৰাজ্যত চিকিৎসাৰ অন্ততত এতিয়ালৈ মুঠ ১৫৭৬৩৫ গৰাকী লোক ক’ৰ’না মুক্ত হৈছে।
বৰ্তমান ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত আৰু হোম আইছ’লেশ্যনত মুঠ ৩২৯৬৫ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।