১৫ অক্টোবৰৰ পৰা চৰকাৰৰ বিৰুদ্ধে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে ছয় ৰাভা জাতীয় সংগঠনে ৷ সংগঠন কেইটাই এই বুলি সকিয়াই দিছে যে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ সময়ত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’লে জগৰীয়া হ’ব অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা ৷
আনকি বৈষম্যমূলক আচৰণৰ প্ৰতিবাদত প্ৰয়োজন সাপেক্ষে বিজেপি নেতৃত্বাধীন চৰকাৰৰ সৈতে থকা মিত্ৰতা ভংগৰো হুংকাৰ দিলে ৰাভা সংগঠনে ৷
অসমৰ বিজেপি মিত্ৰজোঁটৰ নেতৃত্বাধীন চৰকাৰখনে ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদখনক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত নকৰি ৰাভা জাতিটোক অস্তিত্বৰ সংকটলৈ ঠেলি দিয়াৰ লগতে বিজেপি দল আৰু চৰকাৰখনে গ্ৰহণ কৰা বৈষম্যমুলক নীতিৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ ভাবুকি প্ৰদান কৰিছে ছয় ৰাভা জাতীয় সংগঠনে ৷
শুকুৰবাৰে দুধনৈস্থিত নিখিল ৰাভা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত অনুস্থিত এক সংবাদ মেলত ছয়টাকৈ ৰাভা সংগঠনে চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে ৷
নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ, ষষ্ঠ অনুসূচী দাবী সমিতি, নিখিল ৰাভা সাহিত্য সভা, নিখিল ৰাভা জাতীয় পৰিষদ আৰু সদৌ ৰাভা কৃষ্টি সন্মিলনে অহা ১৫ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ ৰাভা হাছং এলেকাত অসম চৰকাৰৰ বৈষম্যমুলক আচৰণৰ প্ৰতিবাদত ‘জনজাগৰণ সভা’ৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে ৷
আনহাতে অহা নৱেম্বৰ মাহৰ পৰা পৰ্যায়ক্ৰমে সৰ্বাত্মক বন্ধ, অৰ্থনৈতিক অৱৰোধ, পথ অৱৰোধ, ধৰ্ণা, জোৰ সমদল, গণ সমাৱেশ আৰু অসহযোগ আন্দোলনৰ কাৰ্যসূচীও সংবাদমেলৰ জৰিয়তে আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৷
এই কাৰ্যসূচী সমুহ ৰূপায়ণ কৰাৰ সময়ত যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তাৰ বাবে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বাবে জগৰীয়া হব বুলিও সংগঠন কেইটাই প্ৰকাশ কৰে ৷
সংবাদ মেলত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খান্দাই প্ৰকাশ কৰামতে বিজেপিৰ সৈতে মিত্ৰতা থকা স্বত্বেও ৰাভা জনগোষ্ঠীটোৰ সমস্যা সমাধানত চৰকাৰে গুৰুত্ব নিদিলে ৷
সেয়েহে অহা নিৰ্বাচনৰ আগমুহুৰ্তত এই মিত্ৰতা ভংগ কৰাৰো হুংকাৰ দিয়ে ৰাভা সংগঠন কেইটাই ৷
ইফালে যিসকল ৰাভা জনগোষ্ঠীয় ব্যক্তি তথা নেতা কৰ্মী বিজেপিত জড়িত তেওঁলোকক বিজেপিৰ কাম কাজৰ পৰা বিৰত ৰখাৰ ব্যবস্থা গ্ৰহণ কৰিব বুলিও সংবাদমেলৰ জৰিয়তে সকিয়াই দিয়ে ৷
আনহাতে পৰৱৰ্তী সময়ত ৰাভা জাতীয় সংগঠন সমুহৰ লগতে যৌথ সংগ্ৰাম সমিতিয়ে ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰিবৰ বাবে ৰাজনৈতিক কোষ গঠন কৰাৰো ইংগিত দিয়ে ৰাভা নেতৃত্বতই ৷
ইয়াৰ উপৰিও ৰাভা হাছঙক শীঘ্ৰে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰিবলৈ অসম চৰকাৰক দাবী জনায় ৷ উল্লেখিত ছয় ৰাভা জাতীয় সংগঠন সমুহৰ মাজত আন্দোলনৰ কাৰ্যসূচী সন্দৰ্ভত এখন জৰুৰী সভা অনুস্থিত হোৱাৰ পিচতে সংবেদমেল আয়োজন কৰি এই আন্দোলনৰ কথা ঘোষণা কৰা হয় ৷