• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নির্বাচন সমাগত! : ডিচেম্বৰৰ ভিতৰত ৰাজ্য চৰকাৰে আৰু এক লাখ খিলঞ্জীয়া পৰিয়ালক প্রদান কৰিব মাটিৰ পট্টা

শাৰদীয় দুৰ্গোতসৱৰ প্রাকক্ষণত ৰাজ্যৰ আইন-শৃংখলা তথা ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰিলে মুখ্যমন্ত্ৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 13, 2020 9:08 pm
2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভিডিঅ’ কনফাৰেঞ্চযোগে ৰাজ্যখনৰ ‘সকলোবোৰ জিলাৰ উপায়ুক্ত তথা আৰক্ষী অধীক্ষকসকলৰ সৈতে মত-বিনিময় কৰি আগন্তক শাৰদীয় দুৰ্গোৎসৱৰ প্রাকৃকালত ৰাজ্যখনৰ আইন-শৃংখলাজনিত পৰিস্থিতি, ক’ভিড-১৯ সৃষ্ট পৰিস্থিতি আৰু আধাৰ পঞ্জীয়নৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।

জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত ভিডিঅ’ কনফাৰেঞ্চযোগে হোৱা এই পৰ্যালোচনাৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ দ্বাৰা উপকৃত হোৱাৰ বাবে হিতাধিকাৰীসকলৰ আধাৰ পঞ্জীয়ন হোৱাটো বাধ্যতামূলক। ৰাজ্যখনৰ বহুসংখ্যক জিলাত আধাৰ কাৰ্ডৰ পঞ্জীয়নৰ গতি অতি লেহেমীয়া হোৱাৰ দিশটোলৈ আঙুলিয়াই মুখ্যমন্্ৰীয়ে সকলোবোৰ জিলা উপায়ুক্তক আধাৰ পঞ্জীয়নৰ কাম-কাজ দ্ৰুততৰ কৰি তুলিবলৈ নিৰ্দেশ দিয়ে।

Apply Now

আধাৰ পঞ্জীয়নৰ কামত নিয়োজিত দুৰ্বল প্রদৰ্শনকাৰী তথা লেহেমীয়া কাম-কাজ কৰা প্রতিষ্ঠানসমূহক আঁতৰাই তাৰ ঠাইত যোগ্যতাসম্পন্ন অধিকসংখ্যক ব্যক্তিগত প্রতিষ্ঠানক নিয়োজিত কৰিবলৈ তেওঁ জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়ে যাতে এই বছৰৰ শেষলৈ আধাৰ পঞ্জীয়নৰ দিশত ১০০ শতাংশ সফলতা লাভ কৰিব পৰা যায়।

মুখ্যমন্ত্ৰীয়ে লগতে এই কামত অধিক থলুৱা যুৱক-যুৱতীক নিয়োজিত কৰাৰো পোষকতা কৰে। চৰকাৰী আঁচনিসমূহৰ দ্বাৰা লক্ষ্য নিৰ্দ্ধাৰিত হিতাধিকাৰীসকলৰ আঁচনিৰ ধন প্রাপ্তিৰ দিশত ‘কোনো মধ্যভোগীয়ে যাতে হস্তক্ষেপ কৰিব নোৱাৰে, সেই দিশটোৰ প্রতি লক্ষ্য ৰাখিয়েই আধাৰ পঞ্জীয়নৰ কামত বিশেষ অগ্ৰাধিকাৰ প্রদান কৰিবলৈ তেওঁ জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়ে।

ৰাজ্যখনৰ ১ লাখৰো অধিক ভূমিহীন খিলঞ্জীয়া পৰিয়ালক মাটিৰ পটা তথা আবন্টন পত্ৰ প্রদানৰ দিশত জিলা প্রশাসনসমূহে লোৱা সক্ৰিয় ভূমিকাৰ শলাগ লৈ অহা ডিচেম্বৰৰ ভিতৰত ৰাজ্য চৰকাৰে আৰু ১ লাখ থলুৱা ভূমিহীন খিলঞ্জীয়া পৰিয়ালক মাটিৰ পট্টা প্রদানৰ যি লক্ষ্য লৈছে সেই লক্ষ্য পূৰণৰ দিশত জিলা উপায়ুক্তসকলক সক্ৰিয় ভূমিকা পালনৰ বাবেও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে এই ভূমিপট্টা প্রদানৰ বিষয়টোক কেৱল চৰকাৰী দায়িত্ব হিচাপে নলৈ ইয়াক এক নৈতিক দায়িত্ব হিচাপে গ্ৰহণ কৰাৰ বাবেও উপায়ুক্তসকলক নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে লগতে ‘অৰুন্ধতী’ আঁচনি সম্পৰ্কত তৃণমূল পৰ্যায়ত গাৱে-ভূঞে প্রচাৰৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰে।এই দিশত পঞ্চায়তৰ নিৰ্বাচিত প্রতিনিধি তথা মহিলা আত্মসহায়ক গোটসমূহক নিয়োজিত কৰাৰ পদক্ষেপ ল’বলৈও জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে লগতে অলপতে আৰম্ভ কৰিবলগীয়া অসম চৰকাৰৰ অভিলাষী আঁচনি ‘অৰুণোদয়’ সম্পৰ্কতো উপযুক্ত প্রচাৰৰ পদক্ষেপ ল’বলৈ জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়ে যাতে কোনো যোগ্য মহিলা হিতাধিকাৰীয়েই এই আঁচনিৰ আওতাৰ পৰা বাদ পৰি নাযায়।

ক’ভিড-১৯ৰ এই জটিল সময়ত পালিত হ’বলগীয়া আগন্তুক শাৰদীয় দুৰ্গোৎসৱৰ প্রতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে ইতিমধ্যে ধাৰ্য কৰি দিয়া ক’ভিড প্রট’কল সম্পূৰ্ণৰূপত মানি চলি শাৰদীয় দুৰ্গোৎসৱ উদ্যাপন নিশ্চিত কৰিবলৈ জিলা উপায়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে যাতে উৎসৱৰ এই বতৰত ক’ভিড সংক্ৰমণ কোনো কাৰণতে বৃদ্ধি নহয়। এই প্রসংগত মুখ্যমনত্ৰীয়ে পূজা সমিতিকে ধৰি সৰ্বসাধাৰণ ৰাইজৰ মাজত উপয়ুক্ত সজাগতা সৃষ্টিৰ পদক্ষেপ ল’বলৈ জিলা উপায়ুক্তসকলৰ লগতে আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ দিয়ে।

শাৰদীয় উৎসৱৰ সময়ছোৱাত ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি যাতে অটুট থাকে তথা এই সময়ত যাতে দুষ্কৃতিকাৰীৰ দ্বাৰা কোনোধৰণৰ কূটাঘাটমূলক কাৰ্যকলাপ সংঘটিত নহয়, সেইটো নিশ্চিত কৰাৰ পদক্ষেপ ল’বলৈও জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক মুখ্যমন্ত্ৰীয়ে আজিৰ বৈঠকত নিৰ্দেশ দিয়ে।

উৎসৱৰ বতৰত আৰক্ষী বাহিনীয়ে আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৈতে ব্যস্ত থকাৰ সুৰুঙা লৈ যাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি অন্যান্য অভয়াৰণ্যসমূহত চোৰাং চিকাৰীৰ কোনোধৰণৰ ঘটনা সংঘটিত নহয় সেই দিশতো চোকা দৃষ্টি ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd