• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ বিৰুদ্ধে মহিলাৰ শ্লীলতা হানিৰ অভিযোগ

দিছপুৰ থানাত এজাহাৰ দাখিল ভুক্তভোগী মহিলাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 16, 2020 4:29 pm
Dr Jodumoni Kochari
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান  মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ যদুমণি কছাৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে মহিলাৰ শ্লীলতা হানি কৰাৰ অভিযোগ।

এগৰাকী মহিলা দণ্ডাধীশে  কছাৰীৰ বিৰুদ্ধে  তেওঁৰ মাতৃ আৰু জ্যেষ্ঠ ভগ্নীক গাত হাতেৰে  থেলি পেলাই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

Apply Now

এই ঘটনা সন্দৰ্ভত মহিলা দণ্ডাধীশগৰাকীয়ে দিছপুৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ নং ধাৰাৰ অধীনত এক এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰে।

ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ ধাৰাটো এক জামিনবিহীন ধাৰা আৰু এগৰাকী মহিলাৰ শ্লীলতা হানিৰ চেষ্টা কৰিলে এই ধাৰাৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু হয়।

ঘটনা অনুসৰি মহিলাগৰাকীয়ে এজনী কুকুৰৰ বন্ধ্যাকৰণ কৰাবলৈ ছয়মাইলস্থিত এপিজ হেপী পজ পেট হ’ম নামৰ এখন ক্লিনিকলৈ লৈ আনিছিল ৭ অক্টোবৰত। যিখন ক্লিনিকত ড০ যদুমণি কছাৰীয়ে আমন্ত্ৰিত চিকিৎসক হিচাপে আছিল।

চাৰ্জাৰী কৰাৰ পাছতেই কুকুৰজনীৰ অৱস্থা বেয়াৰ ফালে ঢাল খায়। ক্লিনিকৰ স্বত্বাধিকাৰীয়ে জনোৱা অনুসৰি অপাৰেশ্যন কৰাৰ ৭-৮ ঘন্টালৈকে কুকুৰজনীক একো খুৱাবলৈ মানা কৰিছিল। কিন্তু কুকুৰজনীৰ বমিওৱাৰ দৰে হোৱাত মহিলাগৰাকীয়ে পানী খুৱাই দিয়াত পুনৰ বমি কৰিবলৈ আৰম্ভ কৰে। চিকিৎসকে দৰৱ-পাতি খুৱাই দিয়াত বমি বন্ধ হয় যদিও ৩:৪৫ বজাত কুকুৰজনীৰ মৃত্যু হয়।

তাৰ পাছত মহিলাগৰাকীয়ে কুকুৰটোৰ চিকিৎসকৰ গাফিলতিৰ বাবে মৃত্যু হোৱা বুলি অভিযোগ তোলে। লগতে তেওঁ দিছপুৰ থানাত চিকিৎসক যদুমণি কছাৰীৰ বিৰুদ্ধে  মাতৃ আৰু ভগ্নীক গাত ধৰি গতিয়াই থেলি দিয়া, কাপোৰত ধৰি ভাবুকি দিয়া ইত্যাদি অভিযোগৰে এজাহাৰ দাখিল কৰে।

এই গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাছতো বৰ্তমান পৰ্য্যন্ত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই চিকিৎসক ড০ যদুমণি কছাৰীক। কালি ক্লিনিকৰ স্বত্বাধিকাৰী আৰু চিকিৎসকক মাতি আনি সোধা-পোছা কৰিছিল বুলি জানিব পৰা গৈছে।

চিকিৎসকগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত আমি প্ৰতিক্ৰিয়া বিচাৰি ফোনযোগে যোগাযোগ কৰিছিলো ড০ যদুমণি কছাৰীৰ সৈতে।

অভিযোগ সন্দৰ্ভত তেওঁক সোধাত এই অভিযোগ পোনচাটেই নাকচ কৰে। তেনেকুৱা কোনোধৰণৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল বুলি তেওঁ আমাৰ সাংবাদিকক কয়।

‘তেনেকুৱা একো কৰা নাছিলো। আমি চাকৰি কৰা মানুহ তথা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক। এগৰাকী ৬৫ বছৰৰ বৃদ্ধাক আমি কেনেকৈ গতিয়াব পাৰো? আমি জোৰকৈ মাত এটাও মতা নাছিলো। মোৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ ভিত্তিহীন।‘

ইপিনে, এই সন্দৰ্ভত ক্লিনিকৰ স্বত্বাধিকাৰীক সোধাত তেওঁ ওলোটাই দণ্ডাধীশ মহিলা, তেওঁৰ জ্যেষ্ঠ ভগ্নীয়ে কুকুৰজনীৰ মৃত্যুৰ পাছত আমি নিজে কুকুৰজনীক মাৰি পেলাইছো বুলি অভিযোগ তুলি দিছপুৰ থানাত গোচৰ দিয়াৰ ভাবুকি দিয়া বুলি কয়।

তাৎপয্যপূৰ্ণভাৱে, এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে, কোনো  পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত  কৰ্মৰত চিকিৎসকে যাতে বেলেগ কোনো ব্যক্তিগত ক্লিনিক বা প্ৰতিষ্ঠানত চিকিৎসা সেৱা প্ৰদান কৰিব নোৱাৰে তাৰ বাবে নন প্ৰেকটিছিং এলাউন্স প্ৰদান কৰা হয়।

প্ৰয়োজন সাপেক্ষে  পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ নি চিকিৎসা কৰিব পাৰিব কিন্তু কোনো ব্যক্তিগত প্ৰতিষ্ঠান বা চিকিৎসালয়ত চিকিৎসা কৰাব নোৱাৰিব।

ইপিনে, এই সন্দৰ্ভত ড০ কছাৰীক সোধাত তেওঁ কয় ‘মোক আমন্ত্ৰিত চিকিৎসক হিচাপে মাননি ক্লিনিকৰ পৰা দিয়ে, মই ক্লিনিকখনত ৰেগুলাৰ নহয়।‘

আনহাতে, এই সন্দৰ্ভত ক্লিনিকৰ স্বত্বাধিকাৰীক সোধাত তেওঁ কয় যে মই অনুৰোধ জনোৱাত তেওঁ মোৰ ক্লিনিকত আহি মাজে সময়ে কুকুৰৰ চাৰ্জাৰী কৰি যায়হি। অকল চাৰ্জাৰীৰ কামৰ বাবেহে মাতো।‘

ইপিনে, ব্যক্তিগত ক্লিনিকত এনেদৰে চিকিৎসা সেৱা আগবঢ়াবলৈ অহাৰ ফলতেই চিকিৎসকগৰাকীৰ বিৰুদ্ধে এনেবোৰ অভিযোগ উত্থাপিত হোৱাৰ লগতে পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সন্মানত আঘাত হানিলে বুলি একাংশই মত পোষণ কৰে।

ইয়াৰোপৰি পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ Teaching Veterinary Clinical Complex বন্ধ থাকিলে তাৰে সমীপত চকীদাৰজনে লখিমী ভেটেইনেৰী ক্লিনিকত চিকিৎসা কৰিবলৈ পঠিয়াই দিয়ে।

আৰু খানাপাৰাত থকা এনেকুৱা বহু কেইখন  ব্যক্তিগত ক্লিনিকত পশু চিকিৎসা বিজ্ঞান মহা বিদ্যালয়ৰ বহু বিশেষজ্ঞই   নীতি বৰ্হিভূত ভাবে ধনৰ লালসাত চিকিৎসা প্ৰদান কৰি অহা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

কছাৰীৰ বিৰুদ্ধে শেহতীয়াকৈ মহিলাৰ শ্লীলতা হানিৰ অভিযোগ উঠাৰ সময়তে আন বহু চিকিৎসকে নীতি বৰ্হিভূত ভাবে কৰি অহা চিকিৎসা সেৱাৰ বিষয়টোও তদন্তৰ আওতালৈ আনিব লাগে বুলি বহুতে মন্তব্য কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপলৈ ঘূৰি আহিছে ছাম্বাৰ সুৰ! হাইটিৰ বিৰুদ্ধে ছন্দত ব্ৰাজিল, ৩-০ ব্যৱধানত জিকিল এন্সেল’টিৰ দল

বিশ্বকাপলৈ ঘূৰি আহিছে ছাম্বাৰ সুৰ! হাইটিৰ বিৰুদ্ধে ছন্দত ব্ৰাজিল, ৩-০ ব্যৱধানত জিকিল এন্সেল’টিৰ দল

June 20, 2026 9:55 am
আল কায়দাৰ লগত জড়িত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ : আফ্ৰিকাৰ নাইজাৰত ৩৫ জনৰ মৃত্যু

আল কায়দাৰ লগত জড়িত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ : আফ্ৰিকাৰ নাইজাৰত ৩৫ জনৰ মৃত্যু

June 20, 2026 9:08 am
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

June 20, 2026 8:48 am
কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

June 20, 2026 8:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপলৈ ঘূৰি আহিছে ছাম্বাৰ সুৰ! হাইটিৰ বিৰুদ্ধে ছন্দত ব্ৰাজিল, ৩-০ ব্যৱধানত জিকিল এন্সেল’টিৰ দল

বিশ্বকাপলৈ ঘূৰি আহিছে ছাম্বাৰ সুৰ! হাইটিৰ বিৰুদ্ধে ছন্দত ব্ৰাজিল, ৩-০ ব্যৱধানত জিকিল এন্সেল’টিৰ দল

June 20, 2026 9:55 am
আল কায়দাৰ লগত জড়িত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ : আফ্ৰিকাৰ নাইজাৰত ৩৫ জনৰ মৃত্যু

আল কায়দাৰ লগত জড়িত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ : আফ্ৰিকাৰ নাইজাৰত ৩৫ জনৰ মৃত্যু

June 20, 2026 9:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd