• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটাৰ বহৰিত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া; উপায়ুক্ত‌ই ল’লে তাৎক্ষণিক সমাধানৰ ব্যৱস্থা

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
October 20, 2020 7:47 am
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰহ্মপুত্ৰ নৈৰ ব্যাপক খহনীয়াই বৰপেটা জিলাৰ বহৰি অঞ্চলত সৃষ্টি কৰা গৰাখহনীয়াৰ পৰিস্থিতিৰ সোমবাৰে পৰিদৰ্শন কৰি জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই ইয়াৰ পৰা সুৰক্ষাৰ বাবে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জল-সম্পদ বিভাগ আৰু চেঙা খণ্ড উন্নয়ন বিষয়াক নিৰ্দেশ দিছে।

তেওঁ সাংবাদিকৰ আগত জনোৱা মতে এই খহনীয়াই ঐতিহ্য মণ্ডিত বহৰি সত্ৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকলৰ প্ৰতি সৃষ্টি কৰা ভাবুকি তাৎক্ষণিকভাৱে প্ৰতিহত কৰাৰ বাবে জল সম্পদ বিভাগৰ মেৰামতি আঁচনিৰ অধীনত ৪৩ লাখ টকাৰ এখন হ্ৰস্বম্যাদী আঁচনি ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে আৰু ইয়াত অনতি পলমে অনুমোদন পোৱা যাব বুলি আশা কৰা হৈছে।

Apply Now

তদুপৰি অঞ্চলটোক সম্পূৰ্ণ সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা আঁচনিৰ অধীনত ৪.৮৮ কোটি টকাৰ এখন দীৰ্ঘম্যাদী আঁচনিও ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে বুলিও জনায়।

এই আচঁনি সমূহত অনুমোদন লাভ কৰিলে অঞ্চলটো এই ভয়াবহ গৰাখহনীয়া সমস্যা সফলতাৰে মোকাবিলা কৰিব পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰে।

অৱশ্যে সমস্যাটোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা খহনীয়া ৰোধৰ তাৎক্ষণিক ব্যৱস্থা সোমবাৰেই আৰম্ভ কৰিবলৈ উপায়ুক্ত গৰাকীয়ে খণ্ড উন্নয়ন বিষয়াক নিৰ্দেশ দিয়ে।

জল সম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা পুলক চৌধুৰীয়ে জনোৱা মতে এই অঞ্চলটোত খহনীয়াৰ সমস্যা দীৰ্ঘদিনীয়া।ইতিমধ্যে ভিন ভিন সময়ত কেবাখনো আঁচনি ৰূপায়ণ কৰা হৈছে যদিও এইবোৰে সাময়িকভাবে যথেষ্ট সুফল দিছিল যদিও স্থায়ী সমাধান নহ’ল।

সেয়ে স্থায়ী সমাধানৰ বাবে এছিয়ান বিকাশ বেংকৰ সাহায্যত নলবাৰী জিলাৰ চেনীমাৰীৰ পৰা বৰপেটা জিলাৰ বাঘবৰলৈ ৩৩ কিলোমিটাৰজোৰা পাৰ্কুপাইন আৰু জিও বেগৰ স্থাপনৰ ৩৯৮ কোটি টকাৰ এখন বৃহৎ আঁচনিও দাখিল কৰা হৈছে।

উপায়ুক্ত গৰাকীৰ সৈতে এই পৰিদৰ্শন কালত অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নিতুল খনিকৰ, চেঙা উন্নয়ন খণ্ডৰ বিষয়া সঞ্জীৱ ভৰালী আদি বিষয়া সকল উপস্থিত থাকে।

পিছত উপায়ুক্ত গৰাকীয়ে বহৰিৰ শ্ৰী শ্ৰী হৰিদেৱ সত্ৰৰ মজুমদাৰ খগেন পাঠক, সত্ৰ পৰিচালনা সমিতিৰ সভাপতি দীনেশ দাস, স্থানীয় সমাজ কৰ্মী অমিয় কুমাৰ তালুকদাৰ প্ৰমুখ্যে অঞ্চলটোৰ ৰাইজৰ সৈতে সত্ৰৰ অতিথিশালাত এই সম্পৰ্কত এক আলোচনাত মিলিত হয় আৰু ৰাইজৰ মতামত গ্ৰহণ কৰে।

উপায়ুক্ত শৰ্মাই অঞ্চলটোৰ দীৰ্ঘদিনীয়া জলন্ত সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে সৰ্বান্তকৰণে প্ৰয়াস চলোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। শৰ্মাই বহৰি সত্ৰ‌ও পৰিদৰ্শন কৰি সত্ৰখনত ৰূপায়ন হৈ থকা অসম দৰ্শন আঁচনিৰ কামৰ অগ্ৰগতিৰো বুজ লয়।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd