Flipkart Big Billion Days ছেল শেষ হৈছে যদিও পুনৰ এবাৰ ঘুৰি আহিছে ছেল। অহা ২৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব প্ৰাক্ দেৱালী ছেল।
অহা ২৯ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া Flipkart Big Diwali ছেল ৪নৱেম্বৰলৈকে চলিব।
এই ছেলত Axis বেংকৰ ডেবিট বা ক্ৰেডিট কাৰ্ডেৰে শ্ব’পিং কৰিলে ইনষ্টেন্ট ডিছকাউন্ট লাভ কৰিব।
উল্লেখ্য যে এই ছেল’তো আগতীয়া সুবিধা Flipkart Plus য়ুজাৰ্ছে লাভ কৰিব। তেওঁলোকে আন য়ুজাৰ্ছতকৈ প্ৰথমতে ক্ৰয় কৰিব পাৰিব। ২৯ অক্টোবৰৰ দিনৰ ১২ বজাৰ পৰা এই সুবিধা উপলব্ধ হ’ব।
ফ্লিপকার্টে জানিবলৈ দিয়া মতে SBI, ICICI Bank, HDFC আৰু Axis কাৰ্ডেৰে ক্ৰয় কৰিলে গ্ৰাহকক খৰচহীন ইএমআইৰ অপশ্যনো দিয়া হ’ব। ডেবিট কাৰ্ডতো ইএমআইৰ অপশ্যন দিয়া হ’ব।
এই ছেলৰ সময়ত স্মাৰ্টফোনতো বৃহৎ ৰেহাই আগবঢ়োৱা হ’ব। উদাহৰণ স্বৰূপে ৭০,০০০টকীয়া LG G8X Dual মাত্ৰ ২৪,৯৯০টকাত ক্ৰয় কৰিব পাৰিব।
Vivo V20ৰ দাম ২৭,৯৯০টকা যদিও এই ছেলৰ সময়ত গ্ৰাহকে ইয়াক ২৪,৯৯০টকাত ক্ৰয় কৰিব পাৰিব।
সেইদৰে, Samsung Galaxy F41ৰ দাম ১৯,৯৯০টকা যদিও ছেলৰ সময়ত ইয়াক ১৫,৪৯৯টকাত ক্ৰয় কৰিব পাৰিব।স্মাৰ্টফোনৰ উপৰি আন ইলেকট্ৰ’নিকছ সামগ্ৰী টিভি, লেপটপ, স্পীকাৰ্ছ, কেমেৰা আৰু হেডফোনত আকৰ্ষণীয় ডিছকাউন্ট দিয়া হ’ব।
আনহাতে, ফ্ৰীজ, ৱাশ্বিং মেচিন, অ’ভেনকে ধৰি পাকঘৰৰ সামগ্ৰীসমূহতো ডিছকাউন্ট তথা আন ক্ৰয় সম্পৰ্কীয় সুবিধাসমূহ লাভ কৰিব।