ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা কাৰ্গিল যুদ্ধক লৈ পাকিস্তানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী নৱাজ শ্বৰীফে কৰা এটা মন্তব্যই বৰ্তমান পাকিস্তানত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
পাকিস্তানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীয়ে কাৰ্গিল যুদ্ধৰ পৰা পাকিস্তানে একো লাভ নকৰিলে আনকি যুদ্ধৰ সময়ত পাকিস্তানী সৈন্যৰ হাতত অস্ত্ৰ পৰ্যন্তৰ নাটনি হৈছিল বুলি কয়।
‘‘কাৰ্গিল যুদ্ধত আমাৰ বহুতো বীৰ জোৱান শ্বহীদ হ’ল। এই যুদ্ধই বিশ্বত পাকিস্তানৰ ভাবমুৰ্তি ম্লান কৰিলে, কাৰ্গিল যুদ্ধ পাকিস্তানী সেনা বাহিনীয়ে নহয় কেইগৰাকীমান জেনেৰেলৰ বাবে যুঁজা হৈছিল,’’ নৱাজ শ্বৰীফে কয়।
‘‘কাৰ্গিল যুদ্ধৰ পৰা পাকিস্তানে একো লাভ নকৰিলে। আমাৰ সৈন্যৰ হাতত আনকি অস্ত্ৰও নাছিল,’’ নৱাজ শ্বৰীফে লগতে কয়।
উল্লেখযোগ্য যে, কাৰ্গিল যুদ্ধৰ পাছতে নৱাজ শ্বৰীফ পাকিস্তানৰ প্ৰধান মন্ত্ৰী হৈছিল।
প্ৰাক্তন পাকিস্তানী প্ৰধান মন্ত্ৰী নৱাজ শ্বৰীফৰ বিৰুদ্ধে বৰ্তমান পাকিস্তানৰ আদালতত ভালেকেইটা গোচৰ চলি আছে।
কাৰ্গিল যুদ্ধত ভাৰতীয় সেনা বাহিনীৰ হাতত পাকিস্তানী সেনাই শোচনীয়ভাৱে পৰাজয় বৰণ কৰিবলগীয়া হৈছিল।