কৃত্ৰিম বানপানীয়ে বিখ্যাত কৰা মহানগৰীৰ ভিতৰৰে দুখন নগৰৰ কথা। কৃত্ৰিম বানপানীৰ বাবেই সকলোৱে নাম শুনা এই নগৰ দুখন হ’ল অনিল নগৰ আৰু নবীন নগৰ। বাৰিষাৰ সময়ছোৱাত গুৱাহাটীত হোৱা সামান্য এজাক বৰষুণেই এই দুখন ঠাইৰ বাসিন্দাসকলক আতংকিত কৰি তোলে। বাৰিষাৰ বৰষুণে গোটেই মহানগৰীলৈকে কৃত্ৰিম বান নমাই আনে যদিও এই দুখন নগৰৰ বাসিন্দাই সৰ্বাধিক ভুক্তভোগী হৈ আহিছে দীৰ্ঘদিনৰ পৰা।
প্ৰতি বছৰেই এই দুখন ঠাইৰ বাসিন্দাসকলে কৃত্ৰিম বানৰ সমাধানৰ বাবে চৰকাৰৰ মুখলৈ চাই থাকে যদিও সেয়া হৈ নুঠে। খৰালিৰ দিনবোৰত কাৰ্য্যতঃ নিষ্ক্ৰিয় হৈ থাকি বাৰিষা ইটো-সিটো সমাধান দি পাল মাৰি আহিছে গুৱাহাটীৰ প্ৰশাসন।
এইবাৰো ইয়াৰ ব্যতিক্ৰম নহ’ব যেন পাইছে এই দুখন নগৰৰ বাসিন্দাসকলে। কাৰণ এই পৰ্যন্ত গুৱাহাটী পৌৰ নিগম অথবা গুৱাহাটী উন্নয়ন বিভাগ- এটাকো এই বিষয়টোক লৈ সক্ৰিয় হোৱা দেখা নাই বাসিন্দাসকলে।
কৃত্ৰিম বানপানীৰ পৰা পৰিত্ৰাণ পাবৰ বাবে অনিল নগৰ-নবীন নগৰবাসীয়ে বহু প্ৰতিবাদ কৰিলে যদিও কেৱল যেন আশ্বাসতেই ৰৈ গৈছে পৌৰ নিগমৰ দ্বায়িত্ব।
আজি এন ই নাওৰ সন্মুখত অনিল নগৰ-নবীন নগৰবাসীয়ে কৰা অভিযোগ অনুসৰি কৃত্ৰিম বানপানীৰ সময়ত বহুতো নেতা-পালিনেতা আহি তেওঁলোকক কৃত্ৰিম বানপানীৰ পৰা মুক্ত কৰাৰ আশ্বাস প্ৰদান কৰে যদিও প্ৰতিবছৰে তেওঁলোকে বাৰিষাৰ এজাক বৰষুণতেই কৃত্ৰিম বানপানীত জীয়াতু ভুগিব লগীয়া হয়।
তেওঁলোকে কয় কৃত্ৰিম বানপানী ৰোধ কৰাৰ বাবে বহুতো আঁচনি ঘোষণা কৰা হ’ল, লগতে বহুতো নেতাই ইয়াক নিৰ্বাচনী ইছ্যু হিচাপে লৈ শাসনৰ গাদী দখল কৰিলে যদিও বৰ্তমানলৈকে নলা-নৰ্দমাৰ জাবৰৰ দ’মখিনিকে আঁতৰাবলৈ সক্ষম নহ’ল গুৱাহাটী পৌৰনিগম। কৃত্ৰিম বানপানী যেন হৈ পৰিছে অনিল নগৰবাসীৰ বাবে এক সমাধানহীন সমস্যা।
অনিল নগৰৰ নিবাসী তথা অনিল নগৰৰ কৃত্ৰিম বানপানীৰ ৰোধৰ বাবে দীৰ্ঘদিন মাত মাতি অহা প্ৰশান্ত বৰ্মন নামৰ এজন ব্যক্তিয়ে নৰ্থ-ইষ্ট নাওক কয় ‘’কৃত্ৰিম বানপানীৰ বিষয়টো আমাৰ বাবে এটা দুৰ্ভাগ্যজনক বিষয়। আমি প্ৰশাসন তথা গুৱাহাটী পৌৰ নিগমক বাৰম্বাৰ এই বিষয়টো অৱগত কৰি আহিছো যদিও আমাৰ কথাত গুৰুত্ব নিদিয়ে, আমাৰ সমস্যাৰ প্ৰতি ভ্ৰুক্ষেপ নাই। সময় থাকোতেই এই সমস্যা সমাধান কৰিব লাগিছিল।
তাৰোপৰি ভুক্তভোগী ব্যক্তিজনে ক্ষোভ প্ৰকাশ কৰি কয়, ‘’এতিয়া জোঁৰ পুৰি হাত পালেহি। ২০১৬ চনত ৭ মাৰ্চৰ দিনা আৰু ২০১৭ চনত ৩ এপ্ৰিলৰ দিনা বানপানী হৈছিল। এইবছৰো তেওঁলোকে মাৰ্চ মাহ পৰ্যন্ত ভৰলু নদী খনন নকৰিলে। গতিকে এইবছৰো অনিল-নবীন নগৰকে ধৰি সমগ্ৰ জু-ৰ’ড তিনিআলি অঞ্চলটো বানপানীৰ কবলত পৰাটো নিশ্চিত।‘’
তেওঁ লগতে কয়, ‘’আমি জনাত মহানগৰ উন্নয়ন বিভাগৰ হাতত যথেষ্ট ধন মজুত আছে। যিহেতু বৰ্তমানলৈকে তেওঁলোকে ডি পি আৰেই প্ৰস্তুত কৰা নাই গতিকে অহা ৩১ মাৰ্চৰ ভিতৰত কৃত্ৰিম বানপানীৰ নামত আবণ্টিত ধনৰাশি ঘূৰি যোৱাটো নিশ্চিত। আমি শুনিবলৈ পাইছো এপ্ৰিলত ভৰলু খননৰ কাম আৰম্ভ কৰিব। এই কথা বৰষুণ যোৱাৰ পিছত জাপি আৰু চোৰ যোৱাৰ পিছত বুদ্ধিৰ সৈতে তুলনা কৰিব পাৰি।‘’
তদুপৰি তেওঁ পৌৰনিগম তথা চৰকাৰৰ এই হেমাহিক চাঙত তুলি তলত ধোঁৱা দিয়া বুলি মন্তব্য কৰি কয়, ‘’স্মাৰ্ট চিটি নিৰ্মাণ আৰু এডভাণ্টেইজ আছামৰ নামত ৰাস্তা-পদূলি সজাই তুলিছে। কিন্তু তেওঁলোকে কৃত্ৰিম বানপানীৰ সমস্যাটো সমস্যা কৰিয়েই ৰাখিলে। এনে পৰিস্থিতিত স্মাৰ্ট চিটি নিৰ্মাণ কৰাটো অযুক্তিকৰ কথা।‘’
আনহাতে তেওঁ কয় ‘’১৯৯৬ চনৰ পৰাই আমি কৃত্ৰিম বানপানীৰ সমস্যাত ভুগি আহিছো। লগতে গেলা জাবৰ-জোঁথৰৰ এই কদৰ্য্যময় পৰিৱেশত বাস কৰি আহিছো। ১০-১৫ বছৰ ধৰি কৃত্ৰিম বানপানী সমস্যা প্ৰতিৰোধ কৰিবৰ বাবে মাত মাতি আহিছো।‘’
গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়া সন্দৰ্ভত তেওঁ কয়, ‘’তেখেতক আমি যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে এই কৃত্ৰিম বানপানীৰ সমস্যাৰ সঠিক সমাধান কৰিব বুলি ভাবিয়েই ভোটদান কৰি জয়যুক্ত কৰিছিলো। কিন্তু তেঁৱো ইয়াৰ সঠিক সমাধান কৰিব নোৱাৰিলে। ভৰলু এতিয়া নদী হৈ থকা নাই , ই এতিয়া নলাত পৰিণত হৈছে। গতিকে আমি মেয়ৰ মৃগেন শৰণীয়াক অনুৰোধ জনাইছো যাতে তেওঁ বৈজ্ঞানিক পদ্ধতিৰে ভৰলুত জমা হৈ থকা জাবৰ-জোঁথৰ নিষ্কাশন কৰক, অন্যথা আমি সমগ্ৰ গুৱাহাটীবাসী কৃত্ৰিম বানপানীৰ কবলৰ পৰা পৰিত্ৰাণ নাপাম।‘’
লক্ষণীয় যে জু-তিনিআলিস্থিত জোনালী এলেকাত ভৰলুত জমা হৈ থকা জাবৰখিনিৰ বাবে এজাক বৰষুণ দিলেই পানী বাগৰি সমগ্ৰ অঞ্চল জলমগ্ন হৈ পৰে।
মন কৰিব লগীয়া যে সেই অঞ্চলতে বহুতো বিদ্যালয় আছে, যিবিলাকত কৃত্ৰিম বানপানীৰ সময়ত পাঠদান বন্ধ কৰিব লগীয়া হয় বুলি স্থানীয় লোকসকলে জানিবলৈ দিয়ে।
জানিব পৰা মতে, গুৱাহাটী পৌৰ নিগমে বিভিন্ন সময়ত আঁচনি ৰূপায়ণ কৰোঁতে হাজাৰ হাজাৰ কোটি টকা ভৰলু খনন তথা মহানগৰীৰ জাবৰ নিষ্কাশনৰ নামত ধাৰ্য্য কৰে যদিও সেয়া ফোটোকাৰ ফেনত পৰিণত হয়।