• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰঞ্জিত দাসৰ বিপৰীত স্থিতিত হিমন্ত! : বাঘবৰ-জনীয়া-জলেশ্বৰলৈ ২১ ত কিয় ভোট বিচাৰি নাযায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 31, 2020 8:53 pm
Himanta-Biswa-Sarma
388
VIEWS
Share on FacebookShare on Twitter

সংখ্যালঘু ভোট নোলোৱাকৈয়ে চৰকাৰ গঠন কৰিব নেকি বিজেপিয়ে?

২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বাঘবৰ-জনীয়া দক্ষিণ শালমৰা আৰু জলেশ্বৰলৈ ভোট বিচাৰি নাযায় প্ৰতাপী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

লোকসভা নিৰ্বাচনৰ পূৰ্বেও বাঘবৰ, জনীয়া ইত্যাদি সংখ্যালঘু অধ্যুষিত সমষ্টিৰ প্ৰসংগৰে ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি অহা মন্ত্ৰী হিমন্তৰ মুখতে এইবাৰ সেই অঞ্চললৈ ভোট বিচাৰি নোযোৱাৰ প্ৰসংগ উত্থাপন হৈছে।

প্ৰশ্ন হৈছে, কিয় সংখ্যালঘু অধ্যুষিত সমষ্টিলৈ ভোট বিচাৰি নাযায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? সংখ্যালঘু লোকে বিজেপিক বেয়া পায় নেকি? নে সংখ্যালঘু ভোট নোলোৱাকৈয়ে বিজেপিয়ে গঠন কৰিব চৰকাৰ?

সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মত ‘‘মই বাঘবৰ, জনিয়া, জলেশ্বৰলৈ ভোট বিচাৰি নাযাওঁ, গ’লেও তেওঁলোকে বিজেপিক ভোট নিদিয়ে। সেই সমষ্টিৰ ছাত্ৰ-ছাত্ৰীয়ো বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিছে। ৰাজনীতি মানুহৰ আশীৰ্বাদ লাভৰ বাবে কৰিব লাগে অভিশাপৰ বাবে নহয়।’’

‘বাঘবৰ, জনিয়া, দক্ষিণ শালমাৰা আদিৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে বিজেপিক ভোট দিব নেকি? জলেশ্বৰত ১৬ হাজাৰ পৰিয়ালে অৰুণোদয় আঁচনিৰ সুবিধা পাব তেওঁলোকে আমাক ভোট দিব নেকি?  বুলিও প্ৰশ্ন কৰে হিমন্তই।

ইপিনে, জনীয়া সমষ্টিত ১০ হাজাৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া নামভৰ্তিৰ সুবিধা কৰি দিয়াৰ পাছতো তেওঁলোকে বিজেপিক ভোট নিদিলে বুলি দাবী কৰে হিমন্তই।

আনহাতে, হিমন্তৰ এই মন্তব্যৰ বিপৰীতে ২১ত সংখ্যালঘুৰ সহায়েৰে বিজয় সাব্যস্ত কৰাৰ ইতিমধ্যে লক্ষ্য লৈছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।

ইতিমধ্যে, বহু সংখ্যালঘু অধ্যুষিত এলেকাত গৈ বিজেপিয়ে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। বহু সংখ্যালঘু নেতাক বিজেপিত গেৰুৱা সাজৰে আদৰি আনিছে বিজেপিৰ মজিয়ালৈ। তাৰ ভিতৰত বহু কংগ্ৰেছ, অগপ আৰু এআইয়ুডিএফৰ নেতৃত্বও থকা পৰিলক্ষিত হৈছে।

ৰঞ্জিত দাসৰ দাবী ’২০ খন সংখ্যালঘু অধ্যুষিত এলেকাত বিজেপিয়ে প্ৰাৰ্থী থিয় কৰাব আৰু কমেও ৭ খন আসনত সংখ্যালঘু প্ৰাৰ্থী জয়ী কৰাই আনিব বিজেপিয়ে।‘

তেনেক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ এনেবোৰ মন্তব্যই নিশ্চয়কৈ কেৰুণ আনিব ৰঞ্জিত দাসৰ ২১ ক লৈ দেখা সপোনত।

Recent News

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd