যোৰহাট জিলাৰ টীয়কৰ পংকজ বৰুৱা নামৰ এগৰাকী যুৱকে নিজৰ ঘৰৰ চোতালত গঢ় দিয়া এখন উদ্যানৰ বাবে বৰ্তমান সময়ত চৰ্চা লাভ কৰিছে।
যিটো সময়ত থলুৱা বিভিন্ন উদ্ভিদ, ফুল আদিবোৰ বিলুপ্তিৰ ফালে গতি কৰিছে সেই সময়ত পংকজ বৰুৱাই নিজস্ব প্ৰচেষ্টাৰে এই উদ্ভিদ সমূহৰ লগতে ফুলবোৰ সংৰক্ষণৰ দিহা কৰি নিজৰ ঘৰৰ চৌহদত ৰোপন কৰি এক সুন্দৰ পৰিবেশ সৃষ্টি কৰিছে ৷
বিশেষকৈ প্ৰায় ৮০ বিধ বিভিন্ন প্ৰজাতিৰ অৰ্কিড বিভিন্ন পদ্ধতিৰে ৰোপন কৰি সংৰক্ষণ কৰিছে যুৱক জনে।
নিজৰ ঘৰৰ চৌহদতে প্ৰস্তুত কৰা এই উদ্যানখন চাবলৈ বহু সময়ত বিভিন্ন লোকে আহি পংকজৰ ঘৰত ভিৰ কৰা পৰিলক্ষিত হৈছে।
যি সময়ত ব্যৱস্ততাই মানুহৰ জীৱন যান্ত্ৰিকতাময় কৰি তোলাৰ লগতে জীৱনবোৰ ক্ৰমাৎ জতিলতাৰ ফালে গতি কৰিছে সেই সময়ত পংকজে প্ৰকৃতিৰ মাজত নিজকে ৰাখি প্ৰকৃতি সংৰক্ষণৰ বাবে কৰা কামে সকলোৰে মাজত এক আদৰ্শ স্থাপন কৰাৰ লগতে এই আদৰ্শ উত্তৰ পুৰুষলৈ কঢ়িয়াই নিবলৈ সক্ষম হ’ব বুলি স্থানীয় লোকে মত প্ৰকাশ কৰে।
পংকজ বৰুৱাই অৰ্কিড সংৰক্ষণৰ লগতে সামাজিক দ্বায়ৱদ্ধতা পালন কৰি নিজৰ ঘৰতে বিগত তিনিমাহৰ পৰা শিশুসকলক দিহা নাম, নাগাৰা বাদন আদিৰ প্ৰশিক্ষণ প্ৰদান কৰি সমাজৰ সকলো দিশৰ লগতে নৱপ্ৰজন্মক আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰি সুস্থ এখন সমাজ গঢ়াৰ পৰিকল্পনা হাতত লৈছে।