উজনি অসমৰ তিনিখন জিলাৰ বানপীড়িত লোকৰ ক্ষতিপূৰণৰ দাবীত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ সপ্তম দিনটোত ৰাজধানী দিছপুৰত উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়। ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বৃহস্পতিবাৰে দিনজোৰা ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি দিছপুৰ, গণেশগুৰি আৰু খানাপাৰা অঞ্চল উত্তাল কৰি তোলে।
বানত ক্ষতিগ্ৰস্ত লোকসকলক পৰ্যাপ্ত ক্ষতিপূৰণ দিয়াৰ দাবীত অখিল গগৈয়ে ৭ অক্টোবৰৰ নিশা ১২ বজালৈ চৰকাৰক সময়সীমা বান্ধি দিছিল। সেই সময়সীমা উকলি যোৱাৰ পাছত ৮ অক্টোবৰৰ পুৱা ৯.৩০ বজাৰ পৰা সন্ধিয়া ৪.৩০ বজালৈ ৰাজধানীৰ বিভিন্ন স্থানত ইটোৰ পাছত সিটোকৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে দল আৰু সংগঠনকেইটাই। প্ৰতিবাদকাৰীসকলৰ মতে, বানপীড়িতৰ ন্যায়ৰ দাবীত এই আন্দোলন হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সময়ছোৱাত অন্যতম বৃহৎ প্ৰতিবাদত পৰিণত হয়।
দিনটোত আৰক্ষী আৰু প্ৰশাসনৰ সৈতে প্ৰতিবাদকাৰীসকলৰ কেইবাবাৰো সংঘাত হয়। প্ৰতিবাদকাৰীসকলক আটক কৰাৰ সময়ত আৰক্ষীয়ে টানি-আজুৰি ৰাজপথৰ পৰা আঁতৰাই নিয়াৰ অভিযোগ উত্থাপন হয়। এই ঘটনাত ৰাইজৰ দলৰ নেতা ধৈৰ্য কোঁৱৰ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, ৰাইজৰ দলৰ নেতা চিত্ৰ গগৈ আৰু অনন্ত আবান্ধৱাকে ধৰি কেইবাজনো নেতা-কর্মী আঘাতপ্ৰাপ্ত হোৱা বুলি সংগঠনকেইটাই দাবী কৰে।
পুৱা প্ৰায় ৯.৩০ বজাত ধৈৰ্য কোঁৱৰ, বিদ্যুৎ শইকীয়া, অনিল বড়ো, আজিজুৰ ৰহমান আৰু অনিন্দিতা দাসৰ নেতৃত্বত দুই সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে দিছপুৰৰ মিনিষ্টাৰ কলনীৰ প্ৰৱেশদ্বাৰত উপস্থিত হয়। হাতে হাতে প্লেকাৰ্ড আৰু ক’লা পতাকা লৈ প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বাধা অতিক্ৰম কৰি প্ৰৱেশদ্বাৰত অৱস্থান গ্ৰহণ কৰে। ‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ওলাই আহক’, ‘২৫ হাজাৰ টকাৰ তাৎক্ষণিক ক্ষতিপূৰণ অতি সোনকালে মোকলাই দিয়ক’, ‘১০ লাখ টকাৰ ক্ষতিপূৰণ দিবই লাগিব’, ‘চিবিআই তদন্ত দিয়ক’, ‘৫৫ হাজাৰ নহয়, ২ লাখ পৰিয়ালক ক্ষতিপূৰণ দিব লাগিব’ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে।
প্ৰায় আধা ঘণ্টা ধৰি মিনিষ্টাৰ কলনীৰ প্ৰৱেশদ্বাৰ অৱৰোধ কৰি ৰাখে প্ৰতিবাদকাৰীসকলে। আৰক্ষীয়ে তেওঁলোকক আঁতৰাবলৈ চেষ্টা কৰোঁতে টনা-আজোৰাৰ পৰিস্থিতিৰ সৃষ্টি হয়। সংগঠনকেইটাৰ অভিযোগ অনুসৰি, সেই সময়ত কেইবাজনো প্ৰতিবাদকাৰী আৰু নেতা-কর্মী আৰক্ষীৰ হাতত আঘাতপ্ৰাপ্ত হয়। আৰক্ষীয়ে বহুজনক আটক কৰি লৈ যায়।
ইয়াৰ কিছুসময় পাছতে প্ৰায় ১০.৩০ বজাত জনতা ভৱনৰ প্ৰৱেশদ্বাৰত দ্বিতীয়টো প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক ৰিতুমণি হাজৰিকা আৰু অৰিন্দম গগৈৰ নেতৃত্বত প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰী জনতা ভৱনৰ সন্মুখত উপস্থিত হয়। আৰক্ষীৰ বৃহৎ বাহিনীয়ে অঞ্চলটো ঘেৰি ধৰে আৰু পাছত প্ৰতিবাদকাৰীসকলক জোৰকৈ আঁতৰাই আটক কৰে।
প্ৰায় ১২ বজাত দিছপুৰৰ ছুপাৰ মাৰ্কেটৰ পৰা জনতা ভৱন অভিমুখে তৃতীয়টো প্ৰতিবাদী সমদল উলিয়াই প্ৰায় তিনি শতাধিক প্ৰতিবাদকাৰীয়ে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সম্পাদক আকাশ দলে আৰু ৰাইজৰ দলৰ সাংগঠনিক সম্পাদক অম্লান জ্যোতি গগৈয়ে এই সমদলৰ নেতৃত্ব দিয়ে। আৰক্ষীয়ে ট্ৰেফিক পইণ্টৰ ওচৰত সমদলটো ৰোধ কৰিবলৈ চেষ্টা কৰে যদিও প্ৰতিবাদকাৰীসকলে বাধা অতিক্ৰম কৰি আগবাঢ়ে। জি এছ ৰোড শ্লোগানেৰে উত্তাল হৈ পৰাৰ পাছত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰিবলৈ অভিযান চলায়। ৰাজপথৰ পৰাই বহুজনক টানি-আজুৰি আটক কৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনকেইটাই।
তৃতীয়টো কাৰ্যসূচীৰ পাছতে প্ৰায় ১ বজাত গণেশগুৰিৰ পৰা জনতা ভৱন অভিমুখে চতুৰ্থটো প্ৰতিবাদী সমদল উলিয়ায় সংগঠনকেইটাই। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰপাত্ৰ গোহাঁই আৰু ৰাইজৰ দলৰ উপ-সভাপতি হৰেশ্বৰ বৰ্মনৰ নেতৃত্বত প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি আগবাঢ়ে। জি এছ ৰোডত পুনৰ সৃষ্টি হয় তীব্ৰ উত্তেজনা। আৰক্ষীয়ে সমদলটো বাধা দিয়াৰ লগতে বহু প্ৰতিবাদকাৰীক আটক কৰে।
প্ৰায় ৩ বজাত খানাপাৰাৰ আই এছ কলনীৰ প্ৰৱেশদ্বাৰত পঞ্চমটো প্ৰতিবাদ সাব্যস্ত কৰা হয়। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা লু শ্যন শ্যাম গোহাঁই আৰু ৰাইজৰ দলৰ যুৱ বাহিনীৰ কাৰ্যকৰী সভাপতি ৰাকেশ চক্ৰৱৰ্তীৰ নেতৃত্বত দুই শতাধিক প্ৰতিবাদকাৰীয়ে আই এছ কলনীৰ সন্মুখত অৱস্থান গ্ৰহণ কৰে। বক্তব্য আৰু শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰ আৰু অসমৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক বানপীড়িতক ক্ষতিপূৰণ দিয়াত ব্যৰ্থ হোৱা বুলি অভিযোগ কৰি জবাবদিহি কৰে। পাছত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰি লৈ যায়।
দিনটোৰ অন্তিম পৰ্যায়ত প্ৰায় ৪ বজাত ষষ্ঠটো প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়। এইবাৰ গণেশগুৰিৰ পৰা জনতা ভৱন অভিমুখে হাতে হাতে ক’লা বেলুন লৈ সমদল উলিয়ায় ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বানপীড়িতক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত ব্যৰ্থতাৰ প্ৰতীক হিচাপে হাইড্ৰ’জেন গেছ ভৰ্তি বেলুন উৰুৱাই দিয়ে প্ৰতিবাদকাৰীসকলে।
এই কাৰ্যসূচীৰ নেতৃত্ব দিয়ে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন, মহম্মদ ছাহজাহান, যুৱ বাহিনীৰ কাৰ্যকৰী সভাপতি সৌৰভ বৰা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি পাপু দত্ত আৰু পিন্টু গগৈয়ে। আৰক্ষীয়ে সমদলটো আগবাঢ়িবলৈ বাধা দিয়াত প্ৰতিবাদকাৰীসকলে ৰাজপথতে শুই প্ৰতিবাদ সাব্যস্ত কৰে। পাছত আৰক্ষীয়ে তেওঁলোকক টানি-আজুৰি আটক কৰে বুলি অভিযোগ উত্থাপন হয়।
ইফালে, ৰাজধানীৰ চৌহদত ধৰ্মঘটত বহি থকা অখিল গগৈয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত আৰক্ষীৰ ব্যৱহাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে। তেওঁ এয়া গণতন্ত্ৰৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আক্ৰমণ বুলি অভিযোগ কৰে। আঘাতপ্ৰাপ্ত প্ৰতিবাদকাৰীসকলক তৎকালীনভাৱে চিকিৎসা প্ৰদান কৰাৰ দাবী উত্থাপন কৰি অখিল গগৈয়ে ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা-কর্মীসকলক দিনজোৰা আন্দোলনৰ বাবে ধন্যবাদ জনায়।
অখিল গগৈয়ে কয়, বানপীড়িত লোকৰ ন্যায়ৰ দাবীত আৰম্ভ কৰা এই আন্দোলন অব্যাহত থাকিব আৰু এই সংগ্ৰামে ন্যায় আদায় কৰি নোলোৱালৈকে থমকি নৰয়। বাতৰি লিখাৰ সময়লৈকে আটক কৰা প্ৰতিবাদকাৰীসকলক মুকলি কৰি দিয়া হোৱা নাই বুলি সংগঠনকেইটাই জানিবলৈ দিয়ে।





