• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিহু সুৰক্ষা সমিতি ,অসমৰ সভাপতি লোক শিল্পী লক্ষীকান্ত বৰদলৈৰ দেহাৱসান

এন ই নাও নিউজ by এন ই নাও নিউজ
November 7, 2020 2:11 pm
a morigaon
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৰিগঁঞা লোক শিল্পী তথা বিহু সুৰক্ষা সমিতি, অসমৰ সভাপতি লক্ষীকান্ত বৰদলৈ(৭২)য়ে অসমৰ লোক সংস্কৃতিৰ পথাৰখন উকা কৰি যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখ্য যে শৰীৰৰ অসুস্থতাৰ বাবে যোৱা ২১ অক্টোবৰত গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয় এখনত পৰিয়ালৰ লোকে ভৰ্তি কৰিছিল।পিছত কিছু সুস্থ হৈ পৰিছিল যদিও হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটি যোৱা নিশা ১২-৪০ বজাত চিকিৎসাধীন অৱস্থাতে তেওঁ মৃত্যুক আকোৱালি লয়।

Apply Now

উল্লেখ্য যে মৰিগাঁও জিলাৰ নিজ চৰাইবাহীত ১৯৪৮ চনত জন্মগ্ৰহণ কৰা বৰদলৈয়ে ২০১১ চনত জিলাখনৰ ঘগুৱা হাই স্কুলৰ পৰা প্ৰধান শিক্ষক ৰূপে অৱসৰ গ্ৰহণ কৰে।

ইফালে জিলাখনৰে বঙালপাৰা কটহজাৰী গাঁৱত স্থায়ী হিচাপে বসবাস কৰিবলৈ লোৱা বৰদলৈ আছিল মৰিগঁঞা লোক সংস্কৃতিৰ সাধক তথা শিল্পী।

১৯৭২ চনত তেওঁ কলিকতাত এইচ এম ভিত বিহুগীত বাণী বন্ধন কৰাৰ লগতে ১৯৭৬ চনত মৰিগঁঞা লোক সংস্কৃতিৰ গৈদাল পৰীয়া গীত বাণী বন্ধনৰ জৰিয়তে মৰিগাঁও লোক কৃষ্টিক প্ৰতিষ্ঠা কৰি যায়।

বিশিষ্ট লোক শিল্পী বৰদলৈয়ে মৃত্যুৰ সময়লৈকে বিহু সুৰক্ষা সমিতি,অসমৰ সভাপতিৰ দায়িত্বত থকাৰ উপৰিও শ্ৰীমন্ত শংকৰ গুৰু নাম ধৰ্ম জনজাতি সমাজৰ প্ৰাক্তন পদাধিকাৰ,বিহু সুৰক্ষা সমিতিৰ মৰিগাঁও জিলাৰ প্ৰাক্তন সভাপতি, বঙালপাৰা আঞ্চলিক ৰাস সমিতিৰ প্ৰাক্তন সভাপতিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয় বাবত থাকি দায়িত্ব পালন কৰি যোৱাৰ লগতে অঞ্চলটোৰ বহুতো অনুষ্ঠান প্ৰতিষ্ঠান, বিদ্যালয় আদি প্ৰতিষ্ঠা কৰি গৈছে।

বৰদলৈক মৰিগাঁও জিলা প্ৰশাসনে ২০১৯ চনত শিল্পী বঁটা প্ৰদান কৰে।ইয়াৰোপৰি শিৱসাগৰৰ সোমেশ ডেকা পৰিয়ালৰ সাংস্কৃতিক সমন্বয় বঁটাকে ধৰি বহু কেইটা বঁটাৰে সন্মানিত হৈ বৰদলৈয়ে জীৱন কালত জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল।

বৰদলৈয়ে মৃত্যুৰ সময়ত পত্নীৰ লগতে তিনিজন পুত্ৰ, তিনি গৰাকী বোৱাৰীসহ নাতি-নাতিনীকে ধৰি ভালেমান আত্মীয় স্বজনক এৰি থৈ যায়। ইফালে আজি আবেলি তেওঁৰ মৃতদেহ ঘৰ আহি পোৱাৰ পিছত অলেখ গুণমুগ্ধই তেওঁৰ ঘৰত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জনায়।

ইয়াৰোপৰি তেওঁৰ মৃতদেহ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ লৈ যায় আৰু সকলোৱে শেষ শ্ৰদ্ধা নিবেদন কৰে ।ইফালে তেওঁৰ মৃত্যুৰ সংবাদ বিয়পি পৰাৰ লগে লগে ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা শুভাকংক্ষী সকল আহি তেওঁৰ ঘৰত উপস্থিত হয়।

উল্লেখ্য যে বৰদলৈৰ মৃতদেহ কালিলৈ পুৱাহে সামাজিক নীতি নিয়মেৰে সৎকাৰ কৰিব।উল্লেখ্য যে বৰদলৈৰ মৃত্যুত বিহু সুৰক্ষা সমিতি, অসম,শ্ৰীমন্ত শংকৰ গুৰু নাম ধৰ্ম জনজাতি সমাজ,মৰিগাঁও জিলা হাই স্কুল শিক্ষক সন্থা আদিকে ধৰি বহুতো দল সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd