মৰিগঁঞা লোক শিল্পী তথা বিহু সুৰক্ষা সমিতি, অসমৰ সভাপতি লক্ষীকান্ত বৰদলৈ(৭২)য়ে অসমৰ লোক সংস্কৃতিৰ পথাৰখন উকা কৰি যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে।
উল্লেখ্য যে শৰীৰৰ অসুস্থতাৰ বাবে যোৱা ২১ অক্টোবৰত গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয় এখনত পৰিয়ালৰ লোকে ভৰ্তি কৰিছিল।পিছত কিছু সুস্থ হৈ পৰিছিল যদিও হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটি যোৱা নিশা ১২-৪০ বজাত চিকিৎসাধীন অৱস্থাতে তেওঁ মৃত্যুক আকোৱালি লয়।
উল্লেখ্য যে মৰিগাঁও জিলাৰ নিজ চৰাইবাহীত ১৯৪৮ চনত জন্মগ্ৰহণ কৰা বৰদলৈয়ে ২০১১ চনত জিলাখনৰ ঘগুৱা হাই স্কুলৰ পৰা প্ৰধান শিক্ষক ৰূপে অৱসৰ গ্ৰহণ কৰে।
ইফালে জিলাখনৰে বঙালপাৰা কটহজাৰী গাঁৱত স্থায়ী হিচাপে বসবাস কৰিবলৈ লোৱা বৰদলৈ আছিল মৰিগঁঞা লোক সংস্কৃতিৰ সাধক তথা শিল্পী।
১৯৭২ চনত তেওঁ কলিকতাত এইচ এম ভিত বিহুগীত বাণী বন্ধন কৰাৰ লগতে ১৯৭৬ চনত মৰিগঁঞা লোক সংস্কৃতিৰ গৈদাল পৰীয়া গীত বাণী বন্ধনৰ জৰিয়তে মৰিগাঁও লোক কৃষ্টিক প্ৰতিষ্ঠা কৰি যায়।
বিশিষ্ট লোক শিল্পী বৰদলৈয়ে মৃত্যুৰ সময়লৈকে বিহু সুৰক্ষা সমিতি,অসমৰ সভাপতিৰ দায়িত্বত থকাৰ উপৰিও শ্ৰীমন্ত শংকৰ গুৰু নাম ধৰ্ম জনজাতি সমাজৰ প্ৰাক্তন পদাধিকাৰ,বিহু সুৰক্ষা সমিতিৰ মৰিগাঁও জিলাৰ প্ৰাক্তন সভাপতি, বঙালপাৰা আঞ্চলিক ৰাস সমিতিৰ প্ৰাক্তন সভাপতিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয় বাবত থাকি দায়িত্ব পালন কৰি যোৱাৰ লগতে অঞ্চলটোৰ বহুতো অনুষ্ঠান প্ৰতিষ্ঠান, বিদ্যালয় আদি প্ৰতিষ্ঠা কৰি গৈছে।
বৰদলৈক মৰিগাঁও জিলা প্ৰশাসনে ২০১৯ চনত শিল্পী বঁটা প্ৰদান কৰে।ইয়াৰোপৰি শিৱসাগৰৰ সোমেশ ডেকা পৰিয়ালৰ সাংস্কৃতিক সমন্বয় বঁটাকে ধৰি বহু কেইটা বঁটাৰে সন্মানিত হৈ বৰদলৈয়ে জীৱন কালত জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল।
বৰদলৈয়ে মৃত্যুৰ সময়ত পত্নীৰ লগতে তিনিজন পুত্ৰ, তিনি গৰাকী বোৱাৰীসহ নাতি-নাতিনীকে ধৰি ভালেমান আত্মীয় স্বজনক এৰি থৈ যায়। ইফালে আজি আবেলি তেওঁৰ মৃতদেহ ঘৰ আহি পোৱাৰ পিছত অলেখ গুণমুগ্ধই তেওঁৰ ঘৰত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জনায়।
ইয়াৰোপৰি তেওঁৰ মৃতদেহ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ লৈ যায় আৰু সকলোৱে শেষ শ্ৰদ্ধা নিবেদন কৰে ।ইফালে তেওঁৰ মৃত্যুৰ সংবাদ বিয়পি পৰাৰ লগে লগে ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা শুভাকংক্ষী সকল আহি তেওঁৰ ঘৰত উপস্থিত হয়।
উল্লেখ্য যে বৰদলৈৰ মৃতদেহ কালিলৈ পুৱাহে সামাজিক নীতি নিয়মেৰে সৎকাৰ কৰিব।উল্লেখ্য যে বৰদলৈৰ মৃত্যুত বিহু সুৰক্ষা সমিতি, অসম,শ্ৰীমন্ত শংকৰ গুৰু নাম ধৰ্ম জনজাতি সমাজ,মৰিগাঁও জিলা হাই স্কুল শিক্ষক সন্থা আদিকে ধৰি বহুতো দল সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।