ভাস্কৰ শৰ্মা মুৰ্দাবাদ ধ্বনিৰে পুনৰ আজি উত্তাল হ’ল মাৰ্ঘেৰিটা নগৰৰ উপকণ্ঠ নামদাং নামটক পথ।
আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে যেন পৰিস্ফুত হৈছে মাৰ্ঘেৰিটা সমষ্টিৰ উন্নয়নৰ নামত প্ৰৱঞ্চনাৰ ছবিখন। বিগত সময়ছোৱাত সমষ্টিটোৰ বিধায়ক ভাস্কৰ শৰ্মাই সমষ্টিবাসীক দিলে কেৱল প্ৰতিশ্ৰুতি আৰু প্ৰৱঞ্চনা।
এই অভিযোগ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ। আদিবাসী ছাত্ৰ সন্থাই কালি এঘণ্টীয়া পথ অৱৰোধৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল মাৰ্ঘেৰিটাৰ কুমাৰপট্টী গাওঁ পঞ্চায়ত ৮ নং ৱাৰ্ডৰ নামদাং চাহ বাগিচাৰ ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ নামদাং -নামটক পথছোৱা নিৰ্মাণৰ দাবীত।
আজি পুনৰ সংগঠনটোৱে আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু নামদাং আৰু নামটক বাসী ৰাইজৰ সহযোগত নামদাং নামটক পথ অৱৰোধ কাৰ্য্যসূচী ৰূপায়ণেৰ লগতে ভাস্কৰ শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰে।
স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিল, কংগ্ৰেছে এই পথ নিৰ্মাণ নকৰিলে মোক ভোট দিয়ক মই এই পথ নিৰ্মাণ কৰি দিম। কিন্তু পাঁচ বছৰ উকলি যাবলৈ হল আজি পৰ্য্যন্ত নিৰ্মাণ নহল এই পথ। যাৰ ফলত নামদাং চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰী, গৰ্ভৱতী মহিলা সৰ্বসাধাৰণ ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে।
আজিৰ প্ৰতিবাদস্থলীত মাৰ্ঘেৰিটা মহকুমা দণ্ডাধীশৰ উপস্থিত হৈ অহা সপ্তাহৰ ভিতৰত মহকুমাধিপতিৰ কাৰ্যালয়ত আছাৰ নেতৃত্ব তথা পথ নিৰ্মাণকাৰী বিভাগৰে এখন আলোচনা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে।
অন্যহাতে আছাৰ তৰফৰ পৰাও পথ নিৰ্মাণৰ দাবীত মহকুমাধিপতিলৈ দণ্ডাধীশৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। আজিৰ প্ৰতিবাদস্থলীত অৰুণাচল প্ৰদেশৰ নামটক অঞ্চলৰ পুৰুষ মহিলা সকলেও অংশগ্ৰহণ কৰি কয় যে অসম অৰুণাচল সংযোগী এই পথ নিৰ্মাণৰ ক্ষীপ্ৰ ব্যৱস্থা মাৰ্ঘেৰিটা বিধায়কে গ্ৰহণ কৰিব লাগে অন্যথা অৰুণাচল মাজেৰে নামটক অঞ্চলৰ পৰা অহা কেঁচা চাহ পাত যি সমূহ গাড়ী আহে সেই সমূহ অহা বন্ধ কৰি দিবলৈ বাধ্য হ’ব নামটকবাসী ৰাইজ।
আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি জাৰ্নেল মিঞ্জে স্থানীয় বিধায়কক সকীয়নী প্ৰদান কৰি কয় যে ২০২০ বৰ্ষৰ ভিতৰত পথ নিৰ্মাণৰ সেউজ সংকেত যদি লাভ নকৰে তেনেহ’লে আগন্তুক বিধান সভা নিৰ্বাচনত বিজেপিক যোগ্য প্ৰত্ত্যুত্তৰ দিব আছাই।