মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক ৰক্ষা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ নাগৰিকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিছে। দেওবাৰে আটক হৈ মুকলি হোৱাৰ পিছত প্ৰথমখন সংবাদমেল সম্বোধন কৰি এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে ককৰোচ জনতা পাৰ্টি (চিজেপি)ৰ নেতাসকলে। নিৰ্বাচনী তালিকাৰ বিশেষ নিবিড় সংশোধন প্ৰক্ৰিয়াত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলি জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ চলি থকাৰ মাজতে এই মন্তব্য কৰে দলটোৱে।
শনিবাৰে দিল্লী বিমানবন্দৰত বিমান অৱতৰণ কৰাৰ কেইমিনিটমানৰ পিছতে আটক কৰা হৈছিল চিজেপিৰ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰংকাক। জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ কৰিবলৈ তেওঁলোক দিল্লীত উপস্থিত হৈছিল। দেওবাৰে দিল্লীৰ এখন আদালতে তেওঁলোকক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে। অৱশ্যে, এবছৰৰ বাবে শান্তি-শৃংখলা ভংগ নকৰাৰ চৰ্ত আৰোপ কৰা হৈছে।
সংবাদমেলত চিজেপিৰ নেতা সৌৰভ দাসে অভিযোগ কৰে যে মুখ্য নিৰ্বাচন আয়ুক্তক ৰক্ষা কৰিবলৈ চৰকাৰে শান্তিপূৰ্ণ প্ৰতিবাদকো দমন কৰিছে। দেশখনক গৃহযুদ্ধসদৃশ পৰিস্থিতিৰ দিশে ঠেলি দিয়া হৈছে বুলিও তেওঁ মন্তব্য কৰে। দাসে কয়, “ৰাষ্ট্ৰই নিজৰ নাগৰিকৰ বিৰুদ্ধেই যুদ্ধত নামিছে।” প্ৰতিবাদৰ সময়ত সাংবাদিকসকলকো চৰকাৰে লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰে তেওঁ।
চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি সৌৰভ দাসে কয় যে জ্ঞানেশ কুমাৰক ৰক্ষা কৰিবলৈ চৰকাৰে সকলো সীমা অতিক্ৰম কৰিছে। তেওঁ জ্ঞানেশ কুমাৰক ‘দেশদ্ৰোহী নম্বৰ এক’ বুলিও অভিহিত কৰে। দাসৰ অভিযোগ, সচেতন হৈ উঠা যুৱপ্ৰজন্মই চৰকাৰক প্ৰশ্ন কৰিব বুলি শংকিত হৈ পৰিছে শাসকপক্ষ। সেই কাৰণেই প্ৰতিবাদকাৰীৰ বিৰুদ্ধে বলপ্ৰয়োগ কৰা হৈছে বুলি তেওঁ দাবী কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীসকলক নিজ নিজ চহৰত শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰিবলৈও আহ্বান জনায় চিজেপিৰ নেতাগৰাকীয়ে।
ইফালে, দেওবাৰে দিল্লীত পুনৰ প্ৰতিবাদৰ আহ্বান জনাইছে চিজেপি আৰু বাওঁপন্থী দলৰ সৈতে জড়িত ছাত্ৰ সংগঠনসমূহে। শনিবাৰে ৰাজধানী দিল্লীৰ বিভিন্ন স্থানত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী, বিৰোধী দলৰ নেতা, কৰ্মী, অধিবক্তা আৰু সাংবাদিকক আটক কৰাৰ এদিন পিছতে এই নতুন প্ৰতিবাদৰ কাৰ্যসূচী ঘোষণা কৰা হৈছে। মুম্বাইতো বিয়লি ৪ বজাত প্ৰতিবাদ সাব্যস্ত কৰাৰ আহ্বান জনোৱা হৈছে।
শনিবাৰৰ প্ৰতিবাদৰ সময়ত আটক কৰাসকলৰ ভিতৰত আছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন আৰু ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰ। ইয়াৰ উপৰি দিল্লীত ‘স্ক্ৰ’ল’ৰ সাংবাদিক আয়ুষ তিৱাৰী আৰু ছোৱাইব দানিয়ালৰ লগতে পুনেত সাংবাদিক দিব্যা আশ্লেষাকো আটক কৰা হৈছিল।
দিল্লী আৰক্ষীয়ে শনিবাৰে নিশাই আটক কৰা অধিকাংশ লোকক মুকলি কৰি দিছিল যদিও চিজেপিৰ তিনিওজন নেতাক আটক কৰি ৰখা হৈছিল। দেওবাৰে আদালতৰ নিৰ্দেশৰ পিছত তেওঁলোক মুকলি হয়। এই ঘটনাক কেন্দ্ৰ কৰি দেশত শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰ, আৰক্ষীৰ ভূমিকা আৰু নিৰ্বাচনী ব্যৱস্থাৰ স্বচ্ছতাক লৈ নতুনকৈ প্ৰশ্ন উত্থাপন হৈছে।





