“ৰজাঘৰ আছে শুই, বজাৰত লাগিছে জুই”, বিজেপি চৰকাৰ হায় হায়, অসম চৰকাৰৰ কাম নাই, যোগান বিভাগ মুৰ্দাবাদ আদি শ্ল’গানেৰে আজি উত্তাল হৈ পৰিল মাৰ্ঘেৰিটাৰ ৰাজপথ।
সদৌ অসম ছাত্ৰ সন্থাই আজি মাৰ্ঘেৰিটাত অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ ৰোধৰ দাবীত উত্তল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে মাৰ্ঘেৰিটা চেগুনবাৰীস্থিত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি। হাতে হাতে প্লে কাৰ্ড, বেনাৰ লৈ মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকলে চেগুনবাৰী তিনিআলিত ঘাইপথ অৱৰোধ কৰি মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে।
পথ অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত যথেষ্ট সময় ধৰি যানবাহন সমূহ আবদ্ধ হৈ পৰে ফলত কিছু সময় জান জঁটৰো সৃষ্টি হয়।
মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চিন্তু গগৈৰ আৰু ভাঃ সম্পাদক ৰুপম বৰুৱাৰ সংবাদ মাধ্যমক কয় যে সামগ্ৰীৰ আকাশ লংঘী মূল্যবৃদ্ধি ৰোধ কৰাত চৰকাৰ চূড়ান্ত ব্যৰ্থ হৈছে, জনসাধাৰণৰ ওপৰত মাধমাৰ সোধোৱা নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্য অনতিপলমে নিয়ন্ত্ৰণৰ দাবী জনায়।