• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংখ্যালঘু ছাত্ৰবৃত্তিৰ ৫০১ কোটি টকীয়া কেলেংকাৰিৰ তদন্ত কৰিব চিবিআয়ে : পদক্ষেপক আদৰণি মুমিনুল আৱালৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 11, 2020 7:33 pm
124388704_1799196850233042_156655603948264583_o
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত সংখ্যালঘু ছাত্ৰবৃত্তিৰ প্ৰায় ৫০১ কোটিটকীয়া বিয়াগোম কেলেংকাৰিৰ তদন্ত কৰিব চিবিআই-এ।

অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ ছৈয়দ মুমিনুল আৱালে ছাত্ৰবৃত্তিৰ নামত ব’ৰ্ডে মোকলাই দিয়া ৫০১ কোটি ৪০ লাখ ৪ হেজাৰ টকা দুৰ্নীতিৰে আত্মসাৎ হোৱাৰ অভিযোগৰ বিষয়টো কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুক্তাৰ আব্বাছ নাকভিক অৱগত কৰি তদন্তৰ বাবে অনুৰোধ জনাইছিল।

Apply Now

সেইমৰ্মে যোৱা ৮ নৱেম্বৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিষয়টো তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰিছে। বুধবাৰে এক সংবাদমেলযোগে এই কথা জনায় সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ মুমিনুল আৱালে।

আৱালে সংবাদমেলত জনোৱা অনুসৰি ‘চিবিআই তদন্তই অসমৰ লগতে পাঞ্জাৱ¸ বিহাৰ আৰু ঝাৰখণ্ডকো সামৰি ল’ব। ছাত্ৰবৃত্তিৰ নামত হোৱা দুৰ্নীতিৰ বিষয়টোক গুৰুত্বসহকাৰে লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ইতিমধ্যে এই সন্দৰ্ভত চিআইডি তদন্তৰ ব্যৱস্থা কৰিছে।‘

আৱালে লগতে কয় যে যোৱা ৯ নৱেম্বৰত এই কেলেংকাৰিৰ লগত জড়িত ২১ জনকৈ ব্যক্তিক চিআইডিয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। ইয়াৰে ৭ জন গোৱালপাৰাৰ¸ ৭ জন দৰঙৰ¸ ৬ জন কামৰূপ গ্ৰাম্য জিলাৰ আৰু এজন ধুবুৰীৰ।

সংবাদমেলৰ জৰিয়তে এনে দুৰ্নীতিবিৰোধী সবল আৰু কঠোৰ স্থিতি গ্ৰহণৰ বাবে আৱালে সংখ্যালঘু ৰাইজৰ হৈ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।

চিআইডিকো ধন্যবাদ জ্ঞাপন কৰি আৱালে কয় যে ছাত্ৰবৃত্তিৰ ধন আত্মসাৎৰ কেলেংকাৰিত এটি বৃহৎ চক্ৰ জড়িত হৈ আছে। ২০১৮ চনৰপৰা বৰ্তমানলৈ ছাত্ৰ-ছাত্ৰীৰ নামত খোলা বিভিন্ন একাউণ্টত ছাত্ৰবৃত্তিৰ নামত কেন্দ্ৰীয় চৰকাৰে ৫০১ কোটি ৪০ লাখ ৪ হেজাৰ টকা জমা দিছে। কিন্তু এই একাউণ্টসমূহৰ গৰাকীসকলৰ কিমানগৰাকী প্ৰকৃত ছাত্ৰ সেয়া তদন্তৰ জৰিয়তেহে পোহৰলৈ আহিব।

কেলেংকাৰিত জড়িত কোনো যাতে সাৰি যাব নোৱাৰে তাৰ ব্যৱস্থা কৰিব কৰিবলৈ তদন্তকাৰী সংস্থাক আহ্বান জনাই আৱালে কয় যে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। যাৰবাবে কেলেংকাৰিত জড়িতসকল সাৰি যাব পৰা নাই।‘

‘এপিএছচি’ৰ দৰে সাংবিধানিক সংস্থা এটাত সংঘটিত কৰা কেলেংকাৰিৰ বাবে সংস্থাটোৰ মুৰব্বীসহ প্ৰায় ৭০ জন লোক জে’ললৈ যাব লগা হৈছে। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ কেলেংকাৰিত জড়িত ৭৯ জন বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে। শেহতীয়াকৈ এছ আই নিযুক্তিৰ ক্ষেত্ৰত হোৱা বেমেজালিত জড়িত ৫০ জনৰো অধিক লোকক কৰায়ত্ত কৰা হৈছে। অবৈধভাৱে কয়লা সংগ্ৰহ কৰা ৭০০ খন আৰু চুপাৰি সংগ্ৰহ কৰা ৪০০ খন ট্ৰাক জব্দ কৰা হৈছে।‘ এইদৰে কয় আৱালে।

ইপিনে, পূৰ্বৰ চৰকাৰৰ সময়ত আবকাৰী বিভাগত ৰাজহ সংগ্ৰহৰ পৰিমাণ আছিল প্ৰায় ৭০০ কোটি টকা। এই কথা উল্লেখ কৰি আৱালে লগতে কয় ‘কিন্তু বৰ্তমানৰ চৰকাৰে সংগ্ৰহ কৰিছে প্ৰায় ৩ হেজাৰ কোটি টকা। ৰাজহ ফাঁকি দিয়াৰ সুৰুঙাবোৰ বন্ধ কৰাৰ বাবে বৰ্তমানৰ চৰকাৰখনে আবকাৰী বিভাগৰ লগতে খনি আৰু খনিজ সম্পদ বিভাগত পূৰ্বৰ প্ৰায় ৩০০ কোটি টকাৰ বিপৰীতে এতিয়া প্ৰায় ২৭০০ কোটি টকা¸ পৰিবহন বিভাগত পূৰ্বৰ প্ৰায় ১৫০ কোটি টকাৰ বিপৰীতে প্ৰায় ৮০০ কোটি টকাৰ ৰাজহ সংগ্ৰহ হৈছে। বৰ্তমানৰ চৰকাৰখনে পূৰ্বৰ চৰকাৰতকৈ প্ৰায় ৭০০০ কোটিৰো অধিক টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd