• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিপিএফৰ গেলা পচা ডাষ্টবিনত থকাতকৈ বিজেপিৰ চাফ চিকুণ ডাষ্টবিনত থকাই ভাল : বিশ্বজিৎ দৈমাৰী

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
November 15, 2020 6:52 am
IMG-20201114-WA0074

শনিবাৰে তামুলপুৰত সংবাদমেলত সাংসদ বিশ্বজিৎ দৈমাৰী। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিপিএফ দলৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বিপিএফ দলৰ কাৰ্যকৰী সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ পিছত শনিবাৰে পোন প্ৰথমবাৰৰ বাবে দৈমাৰীৰ গৃহ সমষ্টি তামুলপুৰত উপস্থিত হৈ  তামুলপুৰ প্ৰেছ ক্লাৱত এক সংবাদ মেল সম্বোধন কৰে।

সংবাদ মেলখন সম্বোধন কৰি সাংসদ দৈমাৰীয়ে কয়, ‘’বিপিএফ দলৰ  কামকাজত মই অসন্তুষ্ট । মই বিটিএডি অঞ্চলৰ জনস্বাৰ্থৰ বাবে যি কথা ভাবো, সেই কথাটোত বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ লগতে দলৰ অন্য নেতাৰ মিল নাথাকে। সেই কাৰণে মই বিপিএফ দল ত্যাগ কৰিছো আৰু বৰ্তমান মোৰ বিপিএফ দলৰ সৈতে কোনো সম্পৰ্ক নাই ৷’’

Apply Now

বিপিএফ দলৰ নেতৃত্বৰ বিৰুদ্ধে অধিক সোচ্চাৰ হৈ পুনৰ সাংসদ গৰাকীয়ে দৈমাৰীয়ে কয় যে বিপিএফৰ শাসন কালত  জনসাধাৰণৰ সমস্যাৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নহল ৷ বিপিএফে লোৱা সিদ্ধান্ত সমূহ জনহিতকৰ হোৱা নাছিল।

‘’বৰ্তমান বিটিচি ৩০০০ কোটি টকাৰ ধাৰত পোত গৈ আছে ৷ বিটিচিৰ উন্নয়ন প্ৰক্ৰিয়া এতিয়া শেষ ৷ আগন্তুক দহ বছৰলৈকে বিটিচি অঞ্চলত একো উন্নয়নৰ  কাম কৰিব পৰাটো কঠিন হৈ পৰিছে ৷ কিন্ত বিজেপি দলে চৰকাৰ গঠন কৰিলে ৰাইজৰ সৰ্বাংগীণ উন্নয়নৰ বাবে দলৰ নেতা কৰ্মীৰ লগতে ময়ো কাম কৰি যাম,’’-দৈমাৰীয়ে কয়।

বিজেপি দলৰ নীতি আদৰ্শক ভূয়সী প্ৰশংসা কৰি তেওঁ কয় যে বিজেপি দলত নিৰ্দিষ্ট কোনো জাতি-জনগোষ্ঠীৰ উন্নয়নৰ কথা বুলি কথা নাই ৷ প্ৰতিটো জাতি- জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত লৈ প্ৰতিটো জাতি-জনগোষ্ঠীৰ বিকাশৰ বাবে বিজেপি দলে কাম কৰি আহিছে, কাম কৰি আছে আৰু ভৱিষ্যতলৈও কাম কৰি যাব।  সাম্প্রতিক সময়ত বিটিচিবাসী ৰাইজৰ কাৰনে বিকল্প পথ এটাই আছে, সেয়া হৈছে বিটিচিত বিজেপিৰ নেতৃত্বত এখন চৰকাৰ গঠন কৰাটো।

তামুলপুৰ মহকুমাৰ অধীনস্থ পাঁচটা পৰিষদীয় সমষ্টি ক্ৰমে ২৬ নম্বৰ দৰঙাজুলি , ২৭ নম্বৰ নাগ্ৰীজুলি , ২৮ নম্বৰ গয়বাৰী , ২৯ নম্বৰ শুক্লাই চেৰফাং আৰু ৩০ নম্বৰ গোৰেশ্বৰ সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী পৰাজিত হোৱাৰ বিপৰীতে এই পাঁচটা সমষ্টিতেই বিজেপি দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাটো নিশ্চিত বুলি দৈমাৰীয়ে দৃঢ়তাৰে মন্তব্য কৰে ৷

বিগত কিছুদিন ধৰি  বিটিচি অঞ্চলত দেখা দিয়া বড়ো-অনাবড়োৰ সমস্যাৰ প্ৰসংগ টানি আনি তেওঁ কয় যে বিজিপি দলে বিটিচিৰ বড়ো -অনাবড়োৰ সংঘাত দূৰ হোৱাতো বিচাৰে ৷

তেওঁ লগতে কয় যে বিজেপি দলে বিটিচি শাসন কৰিলে সমগ্ৰ বিটিচিবাসীৰ ভাষা -কৃষ্টি-সংস্কৃতি, মাটি-বাৰী আদি সকলো সমস্যা সমাধান কৰিব যিটো বিপিএফ দলৰ কাৰ্যকালত সম্ভৱ নহল।

চন্দন ব্ৰহ্মই শুক্লাই চেফাংত এখন সভাত বিজেপি গমন কৰিব বিচৰা বিশ্বজিত দৈমাৰীয়ে যদি বিটিচি নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰিত্ব নাপায় তেন্তে ডাষ্টবিনত পৰিব বুলি কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত দৈমাৰীয়ে কয় যে ইমান দিনে চন্দন ব্ৰহ্ম নিজেই ডাষ্টবিনত আছে ৷ মই ডাষ্টবিনৰ পৰিবৰ্তে ৰাজনীতিত সঠিক পথত আহিছো ৷  বিপিএফৰ গেলা পচা ডাষ্টবিনত থকাতকৈ বিজেপিৰ চাফ চিকুণ নতুন ডাষ্টবিনত থকাই ভাল বুলিও দৈমাৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

ইমানুৱেল মোছাহাৰী  আৰু বিশ্বজিত দৈমাৰীৰ পিছত আৰু কোনোবা বিপিএফৰ মন্ত্ৰী-বিধায়কে বিজেপি লৈ আহিব নেকি বুলি সোধা সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বিপিএফ দলৰ কোন বিধায়কে বিজেপি দলত যোগদান কৰিব সেয়া বিধায়ক সকলেহে জানিব ৷ মই বিজেপিত এগৰাকী সাধাৰণ কৰ্মী হিচাপে প্ৰবেশ কৰিম ৷ বিজেপি দলৰ মই বহু কথাই জানিব আছে, শিকিব আছে ৷ ভাৰত মাতা কি জয়, বন্দে মাতৰমকে ধৰি বহু কথাই মই শিকিবলগীয়া আছে ৷

বিশ্বজিত দৈমাৰীক বিজেপিয়ে বিটিচি প্ৰধান পাতিব বুলি ৰাজনৈতিক মহলত চৰ্চা চলা বুলি সোধা আন এক প্ৰশ্নৰ উত্তৰত তেওঁ স্পষ্ট মত প্ৰকাশ কৰি কয় যে এই কথা মই  নাজানো। বিজেপি দলেহে চিন্তা চৰ্চা কৰিব কোন বিটিচিৰ চীফ হব ৷ মই বিটিচিবাসী ৰাইজৰ, সকলো জাতি-জনগোষ্ঠীৰ উন্নয়নৰ হকে কাম কৰাৰ মানসিকতাৰে বিজেপি দলৰ নিচিনা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলত যোগদান কৰিছো।

‘’মই কোনো আশা লৈ দললৈ আহিব বিচৰা নাই। মই বিটিচিবাসী ৰাইজৰ লগত থাকি সকলো জাতি-জনগোষ্ঠীৰ ৰাইজৰ সমস্যা সমাধানৰ বাবে কাম কৰাৰ উদ্দেশ্য আগত ৰাখি বিজেপি দলত যোগদান কৰিবলৈ সিদ্ধান্ত লৈছো,’’-দৈমাৰীয়ে কয়।

সংবাদমেলত বাক্সা  জিলা বিজেপিৰ সভাপতি ৰাম দাহাল, উপ সভাপতি দ্বীপেন কলিতা ,সাধাৰণ সম্পাদক ৰাজেশ বড়ো , ২৮ নম্বৰ গয়বাৰী পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী হেমন্ত কুমাৰ ৰাভা , বিজেপি নেতা হৰেন্দ্ৰ নাথ ৰাভা আদিকে ধৰি কেইবাজনো বিজেপি নেতাই দৈমাৰীৰ লগত অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে হাগ্ৰামা মহিলাৰীৰ একালৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত বিশ্বজিৎ দৈমাৰীয়ে হাগ্ৰামাৰ সংগ এৰি গেৰুৱা বসন পিন্ধাৰ সিদ্ধান্ত লৈছে। বিপিএফ দল এৰি শনিবাৰে দৈমাৰী প্ৰথমবাৰৰ কাৰণে তামুলপুৰত ভৰি দিয়ে। আনুষ্ঠানিকভাবে বিজেপি দলত যোগদান নকৰিলেও আজিৰে পৰাই তেওঁ বিজেপি দলৰ হৈ কাম কৰি যাব বুলি স্পষ্ট কৰি দিয়ে ।

কেতিয়া বিজেপি দলত যোগদান কৰিব সেই কথা জানিব পৰা হোৱা নাই যদিও অহা ২০ নৱেম্বৰত তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰীৰ লগতে বিশ্বজিত দৈমাৰীয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত তামুলপুৰৰ কুমাৰীকাটাত বিজেপি দলত  যোগদান কৰাৰ সম্ভভাৱনা আছে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd