• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 10, 2026 6:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ যন্তৰ-মন্তৰত অনুষ্ঠিত প্ৰতিবাদৰ সমান্তৰালভাৱে গুৱাহাটীৰ চচলতো ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত ‎জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে শিল্পী-সাহিত্যিক, বুদ্ধিজীৱী, ৰাজনীতিক আৰু ছাত্ৰ-‎ছাত্ৰীসকলে। শনিবাৰে চচলত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত শতাধিক লোকৰ উপস্থিতি পৰিলক্ষিত হয়।

 

Apply Now

প্ৰতিবাদস্থলীত উপস্থিত হৈ অংশগ্ৰহণকাৰীসকলে জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী উত্থাপন কৰাৰ লগতে ‎গণতান্ত্ৰিক অধিকাৰ আৰু নিৰ্বাচনী ব্যৱস্থাৰ স্বচ্ছতাক লৈ নিজৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই কাৰ্যসূচীত ‎কংগ্ৰেছ নেতা ৰিপুণ বৰা, সাংবাদিক পৰেশ মালাকাৰ, লেখক ড০ অপূৰ্ব কুমাৰ বৰুৱা, বুৰঞ্জীবিদ ড০ ‎মনোৰমা শৰ্মা, চিপিআই এমৰ নেতা নিৰংকুশ নাথ, অধিবক্তা কৃষ্ণ গগৈ, ভূমি অধিকাৰ কৰ্মী সুব্ৰত ‎তালুকদাৰ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা পিন্টু গগৈ, নিখিল ভাৰতীয় কৃষক সভাৰ নেতা জয়ন্ত গগৈ, ‎নাট্যকৰ্মী বিৰিঞ্চি বৰা, অজাপৰ সভাপতি লুৰীনজ্যোতি গগৈ, কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ আৰু পলাক্ষী ‎দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ উপৰিও ৰাভা হাচঙৰ পৰা অৰ্ধ শতাধিক ভূমি অধিকাৰ কৰ্মীয়ে প্ৰতিবাদী অনুষ্ঠানটোত অংশগ্ৰহণ কৰি ক্ষোভ উজাৰে।

 

প্ৰতিবাদী অনুষ্ঠানটোত প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে জ্ঞানেশ ‎কুমাৰৰ পদত্যাগৰ দাবীত ধৰ্ণা দিয়ে। শাৰীৰিক অসুস্থতাৰ বাবে উপস্থিত থাকিব নোৱাৰিলেও ফোনযোগে ‎নিজৰ বক্তব্য প্ৰেৰণ কৰে চিন্তাবিদ ড০ হীৰেন গোহাঁইয়ে। অনুষ্ঠানটোত শিল্পী অৰ্ঘদ্বীপ বৰুৱা, নিৰংকুশ ‎নাথ, বিদিশা বৰ্মন আদিয়ে প্ৰতিবাদী গীত পৰিৱেশন কৰাৰ লগতে যুৱ কবি কোকিল শইকীয়াই এটা ‎স্বৰচিত প্ৰতিবাদী কবিতা পাঠ কৰে।

 

চচলত সত্যাগ্ৰহ আৰু ধৰ্ণা কাৰ্যসূচী সমাপ্ত কৰাৰ পাছত প্ৰতিবাদকাৰীসকলে পথলৈ ওলাই আহি প্ৰতিবাদ ‎অব্যাহত ৰাখিব বিচাৰিছিল। কিন্তু সেই সময়তে আৰক্ষীয়ে তেওঁলোকক আগবাঢ়ি যোৱাত বাধা প্ৰদান ‎কৰে। ফলত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ পৰিস্থিতিৰ সৃষ্টি হয় বুলি জানিব পৰা গৈছে।

 

দিল্লীৰ যন্তৰ-মন্তৰত একে দাবীত প্ৰতিবাদ অনুষ্ঠিত হোৱাৰ সময়তে গুৱাহাটীৰ চচলতো এই প্ৰতিবাদে ‎বিশেষ তাৎপৰ্য বহন কৰিছে। জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত শিল্পী, সাহিত্যিক, বুদ্ধিজীৱী, ৰাজনৈতিক ‎নেতা আৰু ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰীসকলে নিৰ্বাচনী ‎ব্যৱস্থাৰ ব্যাপক কেলেংকাৰীৰ প্ৰতি ৰাইজৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd