• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 10, 2026 5:28 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জগতত পাঁচ দশকজোৰা গৌৰৱোজ্জ্বল যাত্ৰাৰ সামৰণি পৰিব নেকি কোহিনুৰ থিয়েটাৰৰ? পৰিচালক তপন লহকৰে সামাজিক মাধ্যমত দিয়া এটা পোষ্টক কেন্দ্ৰ কৰি এতিয়া সৃষ্টি হৈছে ব্যাপক চৰ্চাৰ। “বহুত কথা আছে… But No More Kohinoor Theatre” বুলি লিখি মনৰ দুখ প্ৰকাশ কৰিছে তপন লহকৰে। তেওঁৰ এই পোষ্টৰ পাছতে অসমৰ জনপ্ৰিয় ভ্ৰাম্যমাণ নাট্যদলটোৰ ভৱিষ্যতক লৈ অনুৰাগীৰ মাজত দেখা দিছে অনিশ্চয়তা।

বিগত এবছৰত কোহিনুৰ থিয়েটাৰৰ সৈতে থকা সম্পৰ্ক আৰু অভিজ্ঞতাৰ কথা সোঁৱৰণ কৰি তপন লহকৰে এই পোষ্টটো দিছে। অৱশ্যে, থিয়েটাৰ দলটোৰ যাত্ৰা সঁচাকৈয়ে বন্ধ হ’ব নেকি, সেই বিষয়ে তেওঁ স্পষ্টকৈ একো ঘোষণা কৰা নাই। তথাপি তেওঁৰ পোষ্টত প্ৰকাশ পোৱা দুখে নাট্যপ্ৰেমীসকলৰ মনত বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে।

Apply Now

১৯৭৬ চনত বিশিষ্ট নাট্যব্যক্তিত্ব ৰতন লহকৰে প্ৰতিষ্ঠা কৰিছিল কোহিনুৰ থিয়েটাৰ। বজালী জিলাৰ পাঠশালাক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এই নাট্যদলটোৱে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। দশক দশক ধৰি নতুন চিন্তা, উন্নত মঞ্চসজ্জা আৰু ব্যতিক্ৰমী নাট্য উপস্থাপনেৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল কোহিনুৰ থিয়েটাৰে।

২০১৭ চনত ৰতন লহকৰৰ মৃত্যুৰ পাছত পুত্ৰ তপন লহকৰে থিয়েটাৰ দলটোৰ দায়িত্ব গ্ৰহণ কৰে। পিতৃৰ সৃষ্টিৰাজি আৰু নাট্যধাৰা আগবঢ়াই নিয়াৰ লগতে তেওঁ অসমৰ বিভিন্ন ঠাইত নাট্য প্ৰদৰ্শনৰ জৰিয়তে কোহিনুৰ থিয়েটাৰৰ জনপ্ৰিয়তা অক্ষুণ্ণ ৰখাৰ চেষ্টা চলাই আহিছে।

কেৱল পৰম্পৰাগত নাট্য উপস্থাপনতে সীমাবদ্ধ নাথাকি কোহিনুৰ থিয়েটাৰে মঞ্চত নতুন প্ৰযুক্তি আৰু অভিনৱ কৌশলৰ ব্যৱহাৰেৰে দৰ্শকক আকৰ্ষণ কৰিছিল। ‘টাইটানিক’ আৰু ‘জুৰাছিক পাৰ্ক’ৰ দৰে বিশ্ববিখ্যাত কাহিনীক ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত উপস্থাপন কৰি দলটোৱে বিশেষ পৰিচিতি লাভ কৰিছিল। বিশাল মঞ্চসজ্জা, কাৰিকৰী কৌশল আৰু দৃশ্যগত উপস্থাপনেৰে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰক এক নতুন মাত্ৰা প্ৰদান কৰিছিল কোহিনুৰে।

অসমৰ সীমা অতিক্ৰম কৰিও কোহিনুৰ থিয়েটাৰে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল। ২০১০ চনত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ আমন্ত্ৰণত নতুন দিল্লীত নাট্য প্ৰদৰ্শন কৰিছিল দলটোৱে। এই পদক্ষেপে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

গাঁৱৰ পৰা চহৰলৈ, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নাটক লৈ ঘূৰি ফুৰা ভ্ৰাম্যমাণ থিয়েটাৰ অসমৰ এক সুকীয়া সাংস্কৃতিক পৰম্পৰা। এই পৰম্পৰাক সমৃদ্ধ কৰা কোহিনুৰ থিয়েটাৰৰ যাত্ৰা সঁচাকৈয়ে থমকি ৰ’ব নেকি, সেয়া এতিয়াও স্পষ্ট নহয়। কিন্তু তপন লহকৰৰ ‘No More Kohinoor Theatre’ পোষ্টে ইতিমধ্যে বহু নাট্যপ্ৰেমীৰ মনত বিষাদৰ ছাঁ পেলাইছে। পাঁচ দশকৰ স্মৃতি আৰু অসংখ্য দৰ্শকৰ আবেগেৰে জড়িত এই নাট্যদলটোৰ ভৱিষ্যৎ সন্দৰ্ভত এতিয়া সকলোৰে দৃষ্টি তপন লহকৰৰ পৰৱৰ্তী সিদ্ধান্তলৈ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd