• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছ এৰি বিজেপিলৈ অজন্তা আৰু ৰ’জলীনা! : বিজেপিয়ে চলাইছে সঘনাই যোগাযোগ

কংগ্ৰেছী বিধায়কৰ বিজেপি গমন মানি ল’ব নে সমষ্টি দুটাৰ বিজেপি কৰ্মীয়ে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 15, 2020 9:05 pm
Ajanta Rojlina
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিত শীঘ্ৰেই যোগদান কৰিব নেকি প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা গোলাঘাটৰ বিধায়ক অজন্তা নেওগ আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক ৰ’জলিনা তিৰ্কীয়ে?

এই চৰ্চাই এতিয়া সঘনে চলি আছে ৰাজনৈতিক মহলত।

Apply Now

চৰ্চাটো দুই ধৰণে চলা পৰিলক্ষিত হৈছে। এটা পক্ষৰ মতে কংগ্ৰেছত থাকি সুদীৰ্ঘ সময় বিধায়ক হৈ সমষ্টিৰ উন্নয়ন কৰিব নোৱাৰাৰ বাবেই তথা ভৰিৰ তলৰ মাটি হেৰুওৱাৰ আশংকাত বিধায়ক দুগৰাকীয়ে বিজেপিলৈ গমন কৰাৰ মন মেলিছে।

আন এক পক্ষৰ মতে কংগ্ৰেছী বিধায়কৰ দুৰ্গ খহাবলৈ বিজেপিয়ে এতিয়া ৰচনা কৰিছে ব্লু-প্ৰিন্ট। কংগ্ৰেছী বিধায়কক গেৰুৱা সাজ পিন্ধাই গেৰুৱাকৰণ কৰি বিজেপিয়ে এইবাৰ ২১ৰ যুঁজত কংগ্ৰেছ শূণ্য কৰিব বিচাৰিছে।

এই সমূহ চৰ্চাৰ মাজতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ এক মন্তব্যই অধিক দৃঢ় কৰি তুলিছে বিধায়িকা দুগৰাকীৰ বিজেপি গমনৰ প্ৰসংগ।

দাসৰ মন্তব্য ‘অজন্তা নেওগে বিজেপিত যোগদান কৰাৰ বাবে আমাক কোনো লিখিত আকাৰত জনোৱা নাই। আমাৰ নেতা-কৰ্মীয়ে সম্ভৱ তেওঁৰ সৈতে যোগাযোগ কৰিছে।‘

বিজেপিৰ আন এক উচ্চস্তৰীয় সুত্ৰই আমাৰ সাংবাদিকক জনোৱা অনুসৰি অজন্তা নেওগ আৰু ৰ’জলিনা তিৰ্কীক একাংশ নেতা-কৰ্মীয়ে গেৰুৱা সাজ পিন্ধাবলৈ অশেষ চেষ্টা চলাই আছে।

এইখিনিতে প্ৰশ্ন হয়, এই দুগৰাকী বিধায়কক বিজেপিত যোগদান কৰাটো দুয়োটা সমষ্টিৰ বিজেপি কৰ্মীয়ে বিচাৰে নে?

ইয়াক লৈয়ো এতিয়া বিজেপিৰ নেতা-কৰ্মীৰ মাজত সৃষ্টি হৈছে উলম্ব বিভাজন। আন একাংশই দলৰ উচ্চস্তৰীয় নেতৃত্বই বিচাৰিলে বিজেপিলৈ আহিলে কোনো আপত্তি নাথাকিব বুলিও সদৰী কৰিছে।

এই সন্দৰ্ভত প্ৰতিদিন টাইম নামৰ ব্যক্তিগত টেলিভিছন চেনেলটোত প্ৰকাশিত এটা বাতৰিত গোলাঘাটৰ ২০১৬ৰ নিৰ্বাচনৰ প্ৰাৰ্থী বিতোপন শইকীয়াই ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হয়।

তেওঁ কয় ‘তেওঁক আদৰি ল’লেও যদি টিকট বিচাৰে তেন্তে গোলাঘাটৰ সমূহ বিজেপি কাৰ্যকৰ্তাই প্ৰতিবাদ কৰিম। অজন্তা নেওগৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈছে, সেয়েহে তেওঁৰ থকা ধনখিনি সুৰক্ষিত হোৱাটো বিচাৰিছে আৰু তেওঁক শাসনৰ বাঘজৰী লাগে।‘

ইপিনে, গোলাঘাট কংগ্ৰেছতো অজন্তাৰ বিজেপি গমনৰ প্ৰসংগক লৈ সৃষ্টি হৈছে বিক্ষোভ। বহু কংগ্ৰেছী নেতাই অজন্তাই বিজেপিত যোগদান কৰিলেও তেওঁৰ লগত বিজেপি গমন নকৰে বুলিও সকীয়াই দিয়া পৰিলক্ষিত হৈছে।

আনহাতে, এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয় “মই অজন্তা বাইদেউক ফোন কৰি আছো যদিও তেওঁ মোৰ ফোন ৰিচিভ কৰা নাই। সেয়েহে এই সন্দৰ্ভত এতিয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নোৱাৰিম।”

ইপিনে, অজন্তা নেওগৰ বিজেপি গমন বিষয়টো পূৰ্বেও চৰ্চা চলিছিল বুলিহে দাবী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

তেওঁ কয় ‘অজন্তা নেওগৰ কথাটো আগতেও ওলাইছিল। আৰু প্ৰতিবাৰেই তেওঁ স্পষ্টীকৰণ দিছে। কংগ্ৰেছৰ আদৰ্শ ৰাখিবলৈ গৈ সন্ত্ৰাসবাদীৰ হাতত তেওঁৰ স্বামীৰ মৃত্যু হৈছে। গতিকে তেনেকুৱা ছুপ্ৰিম ছেক্ৰিফাইচ কৰা এগৰাকী লোকৰ পত্নী অজন্তা নেওগে কংগ্ৰেছ আদৰ্শক লৈ কেতিয়াও কম্প্ৰমাইজ নকৰে। মোৰ দৃঢ় বিশ্বাস।”

মুঠতে, এতিয়া এই বিষয়ে গৰম কৰি ৰাখিছে ৰাজ্যৰ ৰাজনীতি।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

June 19, 2026 5:41 pm
গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

June 19, 2026 5:21 pm
পুষ্পা ২ ৰ প্ৰদৰ্শনীত ভয়ংকৰ পদপিষ্টৰ ঘটনা : ২২ জুনত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অভিনেতা আল্লু অৰ্জুনক

পুষ্পা ২ ৰ প্ৰদৰ্শনীত ভয়ংকৰ পদপিষ্টৰ ঘটনা : ২২ জুনত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অভিনেতা আল্লু অৰ্জুনক

June 19, 2026 4:53 pm
টেলিগ্ৰামত ভুৱা প্ৰশ্নকাকতৰ বেহা! দ্বিতীয়বাৰৰ নিট পৰীক্ষাৰ পূৰ্বে ৰাজস্থানত গ্ৰেপ্তাৰ ছাত্ৰ

টেলিগ্ৰামত ভুৱা প্ৰশ্নকাকতৰ বেহা! দ্বিতীয়বাৰৰ নিট পৰীক্ষাৰ পূৰ্বে ৰাজস্থানত গ্ৰেপ্তাৰ ছাত্ৰ

June 19, 2026 4:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

June 19, 2026 5:41 pm
গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

June 19, 2026 5:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd