• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঢ়মপুৰ সমষ্টিত বৰ্তমানৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ বাবে সহজ নহ’ব জয়

নগাঁও জিলাৰ প্ৰতিটো সমষ্টিত আৰম্ভ হৈছে নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা

মুৰলী বৰুৱা by মুৰলী বৰুৱা
November 18, 2020 1:51 pm
a4
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিধান সভা নিৰ্বাচনলৈ মাজত কেইটামান মাহ বাকী আছে । ইতিমধ্যে বিটিচিৰ নিৰ্বাচনী বতাহে সমান্তৰাল ভাবে অসমৰ ৰাজনৈতিক বতাহো গৰম কৰি তুলিছে । কাৰণ বিটিচিৰ নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণাই কৰিছে বিটিচিৰ নিৰ্বাচন অসম বিধান সভা নিৰ্বাচনৰ বাবে চেমি ফাইনেল হব ।

সেয়ে সমগ্ৰ অসমৰ অন্যান্য জিলা সমূহৰ লগতে নগাঁও জিলাৰ ৮টা বিধান সভা সমষ্টিত ইতিমধ্যে আৰম্ভ হৈছে ব্যাপক নিৰ্বাচনী তৎপৰতা । অসমৰ ৰাজনৈতিক ক্ষেত্ৰত এইবাৰ নতুনকৈ আত্মপ্ৰকাশ ঘটিছে দুটাকৈ আঞ্চলিক ৰাজনৈতিক দলৰ । শাসকীয় বিজেপি অগপ মিত্ৰজোটঁ ,কংগ্ৰেছ, এ আই ইউ ডি এফ ৰ লগতে নতুনকৈ আত্মপ্ৰকাশ ঘটা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলেও নগাঁও জিলাৰ প্ৰতিটো সমষ্টিত  আৰম্ভ কৰি দিছে প্ৰচাৰ অভিযান ।

অসমৰ ৰাজনীতিত অতি গুৰুত্বপূৰ্ণ সমষ্টি বুলি বিবেচিত নগাঁও সদৰ সমষ্টি অগপ বিজেপিৰ মিত্ৰতা সূত্ৰে পূৰ্বৰ দৰে এইবাৰো বিজেপিৰ পৰাই প্ৰাৰ্থিত্ব প্ৰদান কৰাটো নিশ্চিত । ঠিক তেনেকৈ কংগ্ৰেছ, এ আই ইউ ডি এফ মিত্ৰতা সূত্ৰে এইবাৰ নগাঁও সদৰ বিধান সভা সমষ্টিটো এ আই ইউ ডি এফ দলে সমষ্টিতো কংগ্ৰেছৰ সমৰ্থনত এৰি দিয়াৰ সম্ভৱনা আছে । সেয়ে ইতিমধ্যে বিজেপি আৰু কংগ্ৰেছৰ ফালৰ পৰা সমষ্টিটোত ব্যাপক নিৰ্বাচনী প্ৰচাৰ তথা তৎপৰতা অব্যাহত ৰখাটো পৰিলক্ষিত হৈছে ।

a6

নগাঁও সদৰ সমষ্টিত বিজেপিৰ বৰ্তমানৰ বিধায়ক ৰূপক শৰ্মাৰ প্ৰাৰ্থিত্ব নিশ্চিত হৈ থকাৰ বিপৰীতে কংগ্ৰেছ দলৰ পৰা প্ৰাক্তন বিধায়ক দু্ৰ্লভ চমুৱা ,শান্তনু শৰ্মা আৰু মৃনাল হাজৰিকাই প্ৰাৰ্থিত্ব বিচাৰিছে ।

ইপিনে অসমৰ ৰাজনৈতিক ক্ষেত্ৰ খনত  সকলোৰে পৰিচিত এটা  গুৰুত্বপূৰ্ণ সমষ্টি হৈছে বঢ়মপুৰ সমষ্টি । কাৰণ এই সমষ্টিটোত বিগত ৩০ বছৰ ধৰি প্ৰতিনিধিত্ব কৰি আহিছে দুবাৰকৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হোৱা প্ৰফুল্ল কুমাৰ মহন্তই । উল্লেখযোগ্য যে বিগত বিধান সভা নিৰ্বাচনত প্ৰফুল্ল কুমাৰ মহন্ত বঢ়মপুৰ সমষ্টিৰ পৰা বিজয়ী হলেও তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছিল কংগ্ৰেছে ।

ইয়াৰ উপৰিও বিগত ১৫ বছৰ ধৰি বঢ়মপুৰ সমষ্টিত উন্নয়নৰ ক্ষেত্ৰত একপ্ৰকাৰ বিফল প্ৰফুল্ল কুমাৰ মহন্ত । তাৰো ৰাজনৈতিক কাৰণ নথকা নহয় । কিন্তু সকলোতকৈ ডাঙৰ কথা বঢ়মপুৰ সমষ্টি এইবাৰ বিজেপিয়ে অগপক এৰি দিবনে নিদিয়ে । কাৰণ শেহতীয়াকৈ বঢ়মপুৰত বিজেপিৰ ৰাজনৈতিক তৎপৰতা যঠেষ্ট বৃদ্ধি পাবলৈ ধৰিছে ।

ইয়াৰ উপৰি অগপ নেতৃত্বতই বঢ়মপুৰৰ প্ৰতি বৰ বিশেষ আগ্ৰহ প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই । এনে পৰিস্থিতিত বঢ়মপুৰত বিজেপিয়ে যদি প্ৰাৰ্থিত্ব প্ৰদান কৰে তেনেহলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ৰাজনৈতিক ভৱিষ্যতৰ প্ৰতি এক ডাঙৰ প্ৰত্যাহ্বান যে আহিব সেয়া নিশ্চিত । সমষ্টিটোত এইবাৰো কংগ্ৰেছ দলৰ পৰা সুৰেশ বৰাৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত হৈ আছে । কাৰণ এই সমষ্টিত কোনো বিশেষ গণভিত্তি নাই এ আই ইউ ডি এফ দলৰ । ইয়াৰ উপৰিও সমষ্টিটোত নতুনকৈ গঠিত আঞ্চলিক ৰাজনৈতিক দল দুটাই কিছু প্ৰভাৱ পেলাব পাৰে বিজেপিৰ ক্ষেত্ৰত ।

জিলা খনৰ আন এটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে একালৰ কংগ্ৰেছৰ প্ৰভাৱশালী মন্ত্ৰী ৰকিবুল হুছেইনে প্ৰতিনিধিত্ব কৰি অহা চামগুৰি বিধান সভা সমষ্টি । এইবাৰো চামগুৰিত কংগ্ৰেছ দলৰ হৈ ৰকিবুল হুছেইনে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত ।সমষ্টিটো বিজেপিয়ে মিত্ৰতা সূত্ৰে অগপক এৰি দিলেও অগপ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হব । এই সমষ্টিত অগপ দলৰ হৈ মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ মণিমাধৱ মহন্তই নিৰ্বাচনী তৎপৰতা অব্যাহত ৰাখিছে । ইপিনে ধিং বিধান সভা সমষ্টিত পুনৰ বাৰ এ আই ইউ ডি এফৰ পৰা  প্ৰাৰ্থিত্ব পাব পাৰে বৰ্তমানৰ বিধায়ক আমিনুল ইছলামে ।

ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে সমষ্টিটোত নিৰ্বাচন কেন্দ্ৰীক তৎপৰতা অব্যাহত ৰাখিছে যদিও আমিনুল ইছলামৰ স্থিতি এতিয়াও শক্তিশালী হৈয়ে আছে । সমষ্টিটোত সংখ্যালঘু ভোটাৰে সদায়ে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে । জিলা খনৰ আন এটা সংখ্যালঘু বসতিপ্ৰধান গুৰুত্বপূৰ্ণ সমষ্টি হৈছে ৰূপহীহাট বিধান সভা সমষ্টি ।  বৰ্তমান কংগ্ৰেছৰ দখলত থকা এই সমষ্টিত এইবাৰো কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই প্ৰাৰ্থিত্ব পাব পাৰে । কিন্তু কংগ্ৰেছ এ আই ইউ ডি এফৰ মিত্ৰতাৰ সূত্ৰে এই সমষ্টিটো এ আই ইউ ডি এফে বিচৰাৰ সম্ভাৱনা আছে । ৰূপহীহাট সমষ্টিৰ একালৰ প্ৰাক্তন অগপ বিধায়ক আব্দুল আজিজে শেহতীয়াকৈ বিজেপি দলত যোগদান কৰি সমষ্টিটোত বিজেপিৰ নিৰ্বাচনী তৎপৰতা অব্যাহত ৰাখিছে ।

হয়তো আব্দুল আজিজকে সমষ্টিটোৰ পৰা বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিব পাৰে । ইয়াত ৰাইজৰ দলেও নিৰ্বাচনী তৎপৰতা অব্যাহত ৰাখিছে । মন্ত্ৰী কেশৱ মহন্তই পুনৰ বাৰ অগপৰ প্ৰাৰ্থিত্বৰে কলিয়াবৰৰ  পৰা প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত । মিত্ৰতাৰ সূত্ৰে এই সমষ্টি বিজেপিয়ে অগপক এৰি দিব । সমষ্টিটোত বৰ্তমানলৈকে কংগ্ৰেছ দলৰ বিশেষ নিৰ্বাচন তৎপৰতা পৰিলক্ষিত হোৱা নাই । বৰ্তমান বিজেপি ৰ দখলত থকা বটদ্ৰৱা বিধান সভা সমষ্টিত পুনৰ বাৰ বিধায়িকা আঙুৰলতা ডেকাই প্ৰাৰ্থিত্ব পাব পাৰে । ঠিক তেনেকৈ কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী গৌতম বৰাই প্ৰাৰ্থিত্ব পোৱাটো নিশ্চিত ।

সমষ্টিটোত  কংগ্ৰেছ এ আই ইউ ডি এফৰ মিত্ৰতাই  কিছু প্ৰত্যাহ্বান সৃষ্টি কৰিব আঙুৰলতা ডেকাৰ ক্ষেত্ৰত । কাৰণ বিগত বিধান সভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতা নথকাৰ পাছতো বহু কম ভোটৰ ব্যৱধানত বিজয়ী হৈছিল আঙুৰলতা । ইপিনে জিলা খনৰ অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত একমাত্ৰ সমষ্টিটো হৈছে ৰহা বিধান সভা সমষ্টি । বৰ্তমান বিজেপিৰ দখলত থকা এই সমষ্টিত পুনৰ বাৰ বৰ্তমানৰ বিধায়ক ডিম্বেশ্বৰ দাসে প্ৰাৰ্থিত্ব পাবনে নাপায় সেয়া এতিয়াও নিশ্চিত নহয় ।

প্ৰতিটো নিৰ্বাচনত সংখ্যালঘু ভোটাৰে বিশেষ প্ৰভাৱ বিস্তাৰ কৰি আহিছে ৰহা সমষ্টিত । কংগ্ৰেছ দলে এই সমষ্টি হয়তো এ আই ইউ ডি এফ দলক এৰি দিয়াৰ সম্ভাৱনা আছে । কাৰণ পূৰ্বে এই সমষ্টি এবাৰ এ আই ইউ ডি এফ দলে দখল কৰিবলৈ সক্ষম হৈছিল । ইয়াত অসম জাতীয় পৰিষদেও নিৰ্বাচনী তৎপৰতা অব্যাহত ৰাখিছে ।

ৰহাত বৰ্তমানৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ লগতে সঞ্জীৱ হাজৰিকা, ক্ৰিয়া সংগঠক তপন দাস, প্ৰাক্তন বিধায়ক গুণেশ্বৰ দাস আদিয়েও নিৰ্বাচনী তৎপৰতা অব্যাহত ৰাখিছে । যিয়ে নহওক বিগত বিধান সভা নিৰ্বাচনৰ তুলনাত এইবাৰ যে নগাঁও জিলাত নিৰ্বাচনী যুজঁ খন বহু আকৰ্ষণীয় হব সেয়া প্ৰায় নিশ্চিত ।

মুৰলী বৰুৱা

মুৰলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংৰক্ষিত বনাঞ্চলত পুনৰ কমাণ্ডো শিবিৰ নিৰ্মাণৰ অবৈধ অনুমোদন অসমৰ বন বিভাগৰ

সংৰক্ষিত বনাঞ্চলত পুনৰ কমাণ্ডো শিবিৰ নিৰ্মাণৰ অবৈধ অনুমোদন অসমৰ বন বিভাগৰ

September 7, 2025 9:22 am
শক্তিশালী চীনক বিধ্বস্ত কৰি হকী এছিয়া কাপৰ ফাইনেলত ভাৰত

শক্তিশালী চীনক বিধ্বস্ত কৰি হকী এছিয়া কাপৰ ফাইনেলত ভাৰত

September 7, 2025 8:56 am
বিশ্ব চেম্পিয়নশ্বিপত পৰাজয়ৰ পিছত প্ৰশিক্ষণৰ সমৰ্থনক লৈ প্ৰশ্ন উত্থাপন কৰিছে লাভলিনাই

বিশ্ব চেম্পিয়নশ্বিপত পৰাজয়ৰ পিছত প্ৰশিক্ষণৰ সমৰ্থনক লৈ প্ৰশ্ন উত্থাপন কৰিছে লাভলিনাই

September 7, 2025 8:11 am
মানসিক বিষণ্ণতাত ভুগিছে পৃথিৱীৰ ১০০ কোটি মানুহ! বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত উদ্বেগ

মানসিক বিষণ্ণতাত ভুগিছে পৃথিৱীৰ ১০০ কোটি মানুহ! বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত উদ্বেগ

September 7, 2025 7:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংৰক্ষিত বনাঞ্চলত পুনৰ কমাণ্ডো শিবিৰ নিৰ্মাণৰ অবৈধ অনুমোদন অসমৰ বন বিভাগৰ

সংৰক্ষিত বনাঞ্চলত পুনৰ কমাণ্ডো শিবিৰ নিৰ্মাণৰ অবৈধ অনুমোদন অসমৰ বন বিভাগৰ

September 7, 2025 9:22 am
শক্তিশালী চীনক বিধ্বস্ত কৰি হকী এছিয়া কাপৰ ফাইনেলত ভাৰত

শক্তিশালী চীনক বিধ্বস্ত কৰি হকী এছিয়া কাপৰ ফাইনেলত ভাৰত

September 7, 2025 8:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd