দিল্লীত উপস্থিত হোৱাৰ লগে লগে চিজেপিৰ তিনিগৰাকী শীৰ্ষ নেতা অভিজিত দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক আটক কৰা হয়। ইয়াৰ পূৰ্বে ইউটিউবাৰ ধ্ৰুৱ ৰাথী আৰু চিজেপি নেত্ৰী ৰত্না সিঙক আটক কৰিছিল আৰক্ষীয়ে। সেই সময়ত দীপকে দিল্লী পোৱাৰ লগে লগে তেওঁলোককো গ্ৰেপ্তাৰ কৰা হ’ব বুলি আশংকা প্ৰকাশ কৰিছিল। চিজেপি নেতৃত্বৰ আশংকাই সঁচা হ’ল।
দীপকেহঁতক আৰক্ষীয়ে আটক কৰা মুহূৰ্তৰ এটা ভিডিঅ’ মুকলি কৰা হৈছে। অৱশ্যে ইয়াৰ সত্যতা স্বতন্ত্ৰভাৱে পৰীক্ষা কৰা হোৱা নাই। ভিডিঅ’টোত দীপকে আৰক্ষী বিষয়াসকলক কোৱা দেখা গৈছে যে, ‘মই গ্ৰেপ্তাৰ হ’বলৈ আহিছো। মোক গ্ৰেপ্তাৰ কৰক।’ ইয়াৰ উত্তৰত এজন আৰক্ষী বিষয়াই কোৱা শুনা যায়, ‘আপোনাক গ্ৰেপ্তাৰ কৰা হোৱা নাই। সহযোগ কৰক।’
নেতাকেইজনক আটক কৰাৰ পিছতে চিজেপিয়ে এক বিবৃতি প্ৰকাশ কৰে। ইয়াত কোৱা হৈছে, “আজি বিমানখন দিল্লীত অৱতৰণ কৰাৰ পিছত আমাৰ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক স্বেচ্ছাচাৰীভাৱে আটক কৰা কাৰ্যক ককৰোচ জনতা পাৰ্টিয়ে তীব্ৰ গৰিহণা দিছে। দিল্লী আৰক্ষীৰ এই পূৰ্ব পৰিকল্পিত কাৰ্য্যৰ মূল লক্ষ্য হৈছে আজিৰ শান্তিপূৰ্ণ প্ৰতিবাদৰ নেতাসকলে প্ৰতিবাদস্থলীত উপস্থিত হোৱাত বাধা দিয়া আৰু আন্দোলনটো আৰম্ভণিতে দুৰ্বল হোৱা। আমি অভিজিত, সৌৰভ আৰু আশুতোষৰ শীঘ্ৰে মুক্তিৰ দাবী জনাইছো।”
উল্লেখ্য যে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ আৰম্ভ হোৱাৰ পূৰ্বে শনিবাৰে নিশা দিল্লী আৰক্ষীয়ে কমেও ১০০০ লোকক আটক কৰি ৰাখিছিল। পুৱাও আটক কৰা হয় কমেও ১০০ জন লোকক।
অমিত শ্বাহৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়েও সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ পত্ৰ প্ৰেৰণ কৰি প্ৰতিবাদকাৰীক দিল্লীত প্ৰৱেশ কৰাত বাধা দিবলৈ দিল্লী আৰক্ষীৰ সৈতে সমন্বয় স্থাপন কৰিবলৈ অনুৰোধ জনাইছে।
অৱশ্যে শুকুৰবাৰৰ পৰাই দিল্লী আৰক্ষীয়ে এই দমনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল। ৰাজধানীৰ হৃদপিণ্ড কাৰ্যতঃ এটা ত্ৰুটিহীন দুৰ্গলৈ পৰিণত হৈছিল। ৰাজপথত নিয়োজিত হৈছিল কেন্দ্ৰীয় বাহিনৰ ২২৫টা কোম্পানী। লগতে ২৩ হাজাৰ অস্ত্ৰধাৰী দিল্লী আৰক্ষী জোৱান।
দিল্লী আৰক্ষীয়ে ৰোহিনী, ছাত্ৰশাল ষ্টেডিয়াম, ৰাজীৱ গান্ধী ষ্টেডিয়ামকে ধৰি সমগ্ৰ দিল্লীত বিস্তৃত ১০টা স্থানত ডিটেনচন চেণ্টাৰো স্থাপন কৰিছে। শান্তি-শৃংখলা বিঘ্নিত কৰিবলৈ যন্তৰ মন্তৰত সমবেত হ’বলৈ চেষ্টা কৰা প্ৰতিবাদকাৰীক বাছেৰে এই ডিটেনচন চেণ্টাৰলৈ লৈ যোৱা হ’ব। য
যন্তৰ মন্তৰৰ আশে-পাশে চাৰি কিলোমিটাৰ ব্যাসাৰ্ধত ইণ্টাৰনেট সেৱাও সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। দিল্লী আৰক্ষীয়েও ছ’চিয়েল মিডিয়াত তীক্ষ্ণ দৃষ্টি ৰাখিছে। শনিবাৰে পুৱাৰে পৰা দিল্লীৰ ৩৫টা পথত বেৰিকেড আৰু সশস্ত্ৰ আৰক্ষী মোতায়েন কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো বন্ধ হৈ আছে ৪৫টা মেট্ৰ’ ষ্টেচন।
🚨 ABHIJEET DIPKE, SAURAV DAS AND ASHUTOSH RANKA DETAINED FROM INSIDE THEIR FLIGHT 🚨
Shame on you @narendramodi @AmitShah https://t.co/hXl6bzh53i
— Cockroach Janta Party – CJP (@Cockroachisback) October 10, 2026
যন্তৰ মন্তৰ আৰু ইণ্ডিয়া গেটৰ সমীপৰ অঞ্চল বেৰিকেডেৰে ঘেৰাও কৰা হৈছে। দিল্লীৰ কন’ট প্লেচ বন্ধ। স্কুল-কলেজ বন্ধ। আৰক্ষীৰ পৰিকল্পনা অনুসৰি দিল্লীৰ সকলো সীমান্ততে প্ৰতিবাদকাৰীক ৰখোৱা হ’ব। ইয়াৰ সমান্তৰালকৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা দিল্লীলৈ যোৱা প্ৰায় ৩০০ ৰে’লও বাতিল কৰা হৈছে।





