এতিয়া প্ৰযুক্তিৰ যুগ। প্ৰযুক্তিৰ হাত ধৰি ই-কমাৰ্চে নতুন ৰূপ পৰিগ্ৰহ কৰিছে। মানুহে এতিয়া বজাৰলৈ নোযোৱাকৈয়ে ঘৰতে বহি বিভিন্ন সামগ্ৰী ক্ৰয় কৰিবলৈ সক্ষম হৈছে।
অৱশ্যে ই-কমাৰ্চৰ জগত খনত অসমীয়া সাজ-পাৰ, গহণা আদি ইমান দিনে উপলব্ধ নাছিল যদিও এতিয়াৰে পৰা Flipkart ৰ জৰিয়তে দেশ-বিদেশৰ মানুহে ঘৰতে বহি অসমীয়া মেখেলা-চাদৰ, থলুৱা গহণা আদি ক্ৰয় কৰাৰ সুবিধা পাব।
শেহতীয়াকৈ উদ্যোগ আৰু বাণিজ্য বিভাগে অসমৰ পৰম্পৰাগত সাজ-পাৰ গহণাৰ বহল ভিত্তিত বিপননৰ কেতবোৰ গুৰুত্বপূণ পদক্ষেপ গ্ৰহণ কৰিছে।
এই বিভাগৰ উদ্যোগতে অসমৰ ১৯ টা প্ৰতিষ্ঠানে ই-কমাৰ্চৰ অগ্ৰনী সংস্থা Flipkart ৰ সৈতে সংযুক্ত হ’বলৈ সক্ষম হৈছে। এই সন্দৰ্ভত উদ্যোগ আৰু বাণিজ্য দপ্তৰৰ এক উচ্চস্তৰীয় সূত্ৰই কয় যে অসমৰ ৩০০টাৰো অধিক প্ৰতিষ্ঠানক Flipkart ৰ পঞ্জীয়নভূক্ত কৰাৰ বাবে চেষ্টা চলোৱা হৈছিল যদিও বিভিন্ন কাৰিকৰী কাৰণত ১৯ টা প্ৰতিষ্ঠানে পঞ্জীয়ন লাভ কৰিছে।
এতিয়াৰে পৰা এই ১৯ টা প্ৰতিষ্ঠানে সৰম্পৰাগত সাজ-পাৰ, গহণা আদি Flipkart ৰ জৰিয়তে বিপনন কৰিব পাৰিব।
Flipkart –এ ইতিমধ্যে অসমীয়া সাজ-পাৰ,গহণা আদিৰ ফটো শ্বুটৰ কাম আৰম্ভ কৰিছে।
অচিৰেই Flipkart ত জিলিকি উঠিব অসমীয়াৰ পৰম্পৰাগত পোছাক আৰু অলংকাৰ।