উৎসৱৰ বতৰত মহাৰাষ্ট্ৰ ফুড এণ্ড ড্ৰাগ এডমেনিষ্ট্ৰেছনে (এফ ডি এ) ৰাজ্যজুৰি এক বিশেষ অভিযানত ৯ কোটিৰো অধিক মূল্যৰ খাদ্য সামগ্ৰী জব্দ কৰিছে। তদুপৰি পতঞ্জলি আয়ুৰ্বেদৰ এটা ছুপাৰ ডিষ্ট্ৰিবিউটৰকে ধৰি মুঠ ১৯খন খাদ্য ব্যৱসায় প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ স্থগিত ৰখা হৈছে।
সোমবাৰে এফ ডি এয়ে এক আনুষ্ঠানিক বিবৃতিত কয় যে মহাৰাষ্ট্ৰৰ ৭টা সংমণ্ডলৰ ১১৪টা প্ৰতিষ্ঠানৰ পৰা প্ৰায় ৩.৫৩ লাখ কেজি খাদ্য সামগ্ৰী জব্দ কৰা হৈছে, যাৰ মুঠ মূল্য ৯.০১ কোটি টকা।
জব্দ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে ২,২৭৯.৭ লিটাৰ পতঞ্জলি গৰু ঘিউ, যাৰ মূল্য ২০.২০ লাখ টকা। ছত্রপতি সম্ভাজিনগৰত অৱস্থিত পতঞ্জলি আয়ুৰ্বেদৰ ছুপাৰ ডিষ্ট্ৰিবিউটৰ ‘মেছাৰ্ছ দিব্য মহাবিতৰক’ৰ পৰা এই ঘিউ উদ্ধাৰ কৰা হয়। সংস্থাটোৰ মতে, ভুল লেবেল আৰু ভেজালৰ সন্দেহত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
জব্দ কৰা চালানটোত মুঠ ৪০৩২ ইউনিট ঘিউ আছিল। ইয়াৰে ২,৯৯৮ ইউনিটত আছিল ১,৩৪৯.১ লিটাৰ ঘিউ (মূল্য ১২.২৯ লাখ টকা) আৰু বাকী ১,০৩৪ ইউনিটত ৯৩০.৬ লিটাৰ ঘিউ (মূল্য ৭.৯১ লাখ টকা) আছিল। এফ ডি এৰ মতে, প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে মজুত কৰা সামগ্ৰীসমূহে খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন, ২০০৬ৰ বিধান উলংঘা কৰিছে।
মুম্বাই, আমৰাৱতী আৰু ছত্রপতি সম্ভাজিনগৰ সংমণ্ডলত চলি থকা নিমখীয়া জলপান (নমকিন), মিঠাই আৰু মছলা প্ৰস্তুত কৰা প্ৰতিষ্ঠানকে ধৰি মুঠ ১৯টা প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়ন এফ ডি এয়ে স্থগিত কৰি দিছে। পৰিদৰ্শনৰ সময়ত খাদ্য সুৰক্ষাৰ কেইবাটাও উলংঘা ধৰা পৰে। ইয়াৰ ভিতৰত আছে অস্বাস্থ্যকৰ পৰিৱেশ, খাদ্য সংৰক্ষণৰ বিসংগতি, কীট-পতংগ নিয়ন্ত্ৰণত অপৰ্যাপ্ত ব্যৱস্থা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা তথা ৰক্ষণাবেক্ষণৰ কোনো নথিপত্ৰ নথকা আদি। ইয়াৰ উপৰিও কিছুমান প্ৰতিষ্ঠানে বাধ্যতামূলক নথিপত্ৰ বৰ্তাই ৰখা আৰু নিৰ্ধাৰিত খাদ্য সুৰক্ষাৰ মানদণ্ড মানি চলাত ব্যৰ্থ হয়।
এই কঠোৰ অভিযানৰ অংশ হিচাপে বিভিন্ন স্থানৰ পৰা বৃহৎ পৰিমাণৰ খাদ্য সামগ্ৰী জব্দ কৰা হয়। এফ ডি এয়ে থানে জিলাৰ ভীৱাণ্ডীৰ এভিনিউ ছুপাৰমাৰ্টছ লিমিটেডৰ পৰা ১,৪৪,২১৮ কেজি ভোজ্য তেল জব্দ কৰে। সাতৰাৰ আমিন ট্ৰেডাৰ্ছৰ পৰা আন ২০,৫৬০ কেজি চাউল, দালি, গুড় আৰু অন্যান্য খাদ্য সামগ্ৰী জব্দ কৰে। পুনে সংমণ্ডলত সাতৰাৰ স্বাতী অইল মিল আৰু সোলাপুৰৰ এছ জি ট্ৰেডাৰ্ছৰ পৰাও কৰ্তৃপক্ষই জব্দ কৰে ভোজ্য তেল।
যোৱা ২৮ৰ পৰা ৩১ অক্টোবৰৰ ভিতৰত ১৭খন প্ৰতিষ্ঠানৰ পৰা ৭৯.৪০ লাখ টকাৰ নিষিদ্ধ খাদ্য সামগ্ৰী জব্দ কৰা বুলি এফ ডি এয়ে জানিবলৈ দিয়ে। একে সময়ছোৱাতে ১৩খন এফ আই আৰ পঞ্জীয়ন কৰা হয়, ১৬জন লোকক গ্ৰেপ্তাৰ কৰা হয়। অভিযানৰ অংশ হিচাপে কৰ্তৃপক্ষই ৭টা প্ৰতিষ্ঠান ছীল কৰাৰ লগতে ৬খন বাহন জব্দ কৰে।
তদুপৰি নাচিক, ছত্ৰপতি সম্ভাজিনগৰ আৰু নাগপুৰ সংমণ্ডলৰ ৩৪খন হোটেল, ৰেষ্টুৰেণ্ট আৰু ধাবাত খাদ্য সুৰক্ষা বিষয়াসকলে পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ অন্তত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু খাদ্য সুৰক্ষাৰ অভাৱৰ বাবে ২৯খন প্ৰতিষ্ঠানলৈ ‘উন্নয়নৰ জাননী’ জাৰি কৰা হয়।
সংস্থাটোৱে কয় যে এই বলবৎকাৰী ব্যৱস্থাসমূহ ‘খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন, ২০০৬’ আৰু ইয়াৰ অধীনত নিৰ্ধাৰিত নিয়ম অনুসৰি গ্ৰহণ কৰা হৈছে।





