• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যসভাৰ পৰা পদত্যাগ সাংসদ বিশ্বজিৎ দৈমাৰীৰ

কাইলৈ হাজাৰ হাজাৰ সমৰ্থকক লগতলৈ যোগদান কৰিব বিজেপিত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 21, 2020 5:42 pm
Biswajit Daimary
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰিলে বিপিএফৰ কাৰ্য্যকৰী সভাপতি পদৰ পৰা সদ্য পদত্যাগী বিশ্বজিৎ দৈমাৰীয়ে।

ৰাজ্যসভাৰ অধ্যক্ষলৈ লিখিত আকাৰত মেইলযোগে পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰে দৈমাৰীয়ে।

Apply Now

গুৱাহাটীৰ ছয়মাইলস্থিত হোটেল লিলিত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে বিশ্বজিৎ দৈমাৰীয়ে।

ইপিনে, কাইলৈ বিজেপিত সদলবলে যোগদান কৰাৰ কথা ঘোষণা কৰি দৈমাৰীয়ে লগতে কয় ‘হাজাৰ হাজাৰ বিপিএফ সমৰ্থকে কাইলৈ আমাৰ সৈতে  বিজেপিত যোগদান কৰিব।‘

তেওঁৰ সৈতে বিপিএফৰ সাধাৰণ সম্পাদক ইমানুৱেল মুছাহাৰীয়েও বিজেপিত যোগদান কৰিব বুলি জানিব পৰা গৈছে।

ইপিনে, কাইলৈ বিজেপিত যোগদান কৰিব বাবেই তথা বিপিএফ দলৰ পৰা ৰাজ্যসভাৰ সাংসদ নিৰ্বাচিত হোৱাৰ বাবেই আজি ৰাজ্যসভাৰ সাংসদ পদৰ পৰা অব্যাহতি লোৱা বুলি তেওঁ উল্লেখ কৰে।

কাইলৈৰ পৰাই বিজেপি দলৰ হৈ কাম কৰি যাব বুলি তেওঁ ঘোষণা কৰে।

তদুপৰি আজিয়েই বিপিএফৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰে বুলি তেওঁ জনায়।

তেওঁ আৰু কয় ‘আমি জনগণৰ উন্নয়নৰ বাবে ৰাজনীতি কৰিছো গতিকে তেনেকুৱা কিছুমান ধাৰা বা পৰিকল্পনা লৈয়ে ৰাজনীতিত কাম কৰি যাব লাগিব।

ইপিনে, বিপিএফৰ পৰা লাহে লাহে সকলো আঁতৰি আহিব বুলি দাবী কৰি দৈমাৰীয়ে লগতে কয় ‘কাইলৈ হাজাৰ হাজাৰ বিপিএফ নেতা-কৰ্মী আহিব। বিজেপিৰ ভাল ভাল পৰিকল্পনা বা এজেণ্ডা থাকিলে নিশ্চয়কৈ বিটিচিৰ জনগণ বিজেপিৰ ফালে আহিব। এইকেইদিন বহু বিপিএফৰ লোক বিজেপিৰ মিটিঙলৈ আহিছিল যেতিয়া হিমন্ত বিশ্ব শৰ্মাই সভা অনুষ্ঠিত কৰিছিল।‘

বিপিএফৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলও বিজেপিত অতি শীঘ্ৰে যোগদান কৰিব বুলি দাবী কৰে দৈমাৰীয়ে।

বিপিএফত থাকি দলটোৰ প্ৰতি বিশ্বাস একেবাৰে হেৰুৱাই পেলোৱাৰ বাবেই  দল ত্যাগ কৰি বিজেপিত যোগদান কৰা বুলি দৈমাৰীয়ে সদৰী কৰে।

‘সকলো জাতি-জনগোষ্ঠীৰ সমানে উন্নয়ন কৰিবৰ বাবে বিজেপিত যোগদান কৰিছো। দলীয় নেতৃত্বৰ কিছুমান সিদ্ধান্ত আৰু কামৰ লগতহে মোৰ বিৰোধ হৈছিল ,সাধাৰণ সমৰ্থক বা কৰ্মীৰ লগত নহয়। সেয়েহে আজি অনুভৱ কৰিছো বিপিএফ দলত থাকি মোৰ কৰিবলগীয়া একো নাই।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিহাৰত মানৱ সৰবৰাহৰ বৃহৎ চক্ৰ উৎখাত : অসমৰ ১১৫ গৰাকী যুৱক-যুৱতীক উদ্ধাৰ

বিহাৰত মানৱ সৰবৰাহৰ বৃহৎ চক্ৰ উৎখাত : অসমৰ ১১৫ গৰাকী যুৱক-যুৱতীক উদ্ধাৰ

June 19, 2026 7:14 pm
বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

June 19, 2026 5:41 pm
গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

June 19, 2026 5:21 pm
পুষ্পা ২ ৰ প্ৰদৰ্শনীত ভয়ংকৰ পদপিষ্টৰ ঘটনা : ২২ জুনত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অভিনেতা আল্লু অৰ্জুনক

পুষ্পা ২ ৰ প্ৰদৰ্শনীত ভয়ংকৰ পদপিষ্টৰ ঘটনা : ২২ জুনত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অভিনেতা আল্লু অৰ্জুনক

June 19, 2026 4:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰত মানৱ সৰবৰাহৰ বৃহৎ চক্ৰ উৎখাত : অসমৰ ১১৫ গৰাকী যুৱক-যুৱতীক উদ্ধাৰ

বিহাৰত মানৱ সৰবৰাহৰ বৃহৎ চক্ৰ উৎখাত : অসমৰ ১১৫ গৰাকী যুৱক-যুৱতীক উদ্ধাৰ

June 19, 2026 7:14 pm
বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

June 19, 2026 5:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd