• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যসভাৰ পৰা পদত্যাগ সাংসদ বিশ্বজিৎ দৈমাৰীৰ

কাইলৈ হাজাৰ হাজাৰ সমৰ্থকক লগতলৈ যোগদান কৰিব বিজেপিত

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , November 21, 2020 5:42 pm

2 min read

Biswajit Daimary
426
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰিলে বিপিএফৰ কাৰ্য্যকৰী সভাপতি পদৰ পৰা সদ্য পদত্যাগী বিশ্বজিৎ দৈমাৰীয়ে।

ৰাজ্যসভাৰ অধ্যক্ষলৈ লিখিত আকাৰত মেইলযোগে পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰে দৈমাৰীয়ে।

গুৱাহাটীৰ ছয়মাইলস্থিত হোটেল লিলিত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে বিশ্বজিৎ দৈমাৰীয়ে।

ইপিনে, কাইলৈ বিজেপিত সদলবলে যোগদান কৰাৰ কথা ঘোষণা কৰি দৈমাৰীয়ে লগতে কয় ‘হাজাৰ হাজাৰ বিপিএফ সমৰ্থকে কাইলৈ আমাৰ সৈতে  বিজেপিত যোগদান কৰিব।‘

তেওঁৰ সৈতে বিপিএফৰ সাধাৰণ সম্পাদক ইমানুৱেল মুছাহাৰীয়েও বিজেপিত যোগদান কৰিব বুলি জানিব পৰা গৈছে।

ইপিনে, কাইলৈ বিজেপিত যোগদান কৰিব বাবেই তথা বিপিএফ দলৰ পৰা ৰাজ্যসভাৰ সাংসদ নিৰ্বাচিত হোৱাৰ বাবেই আজি ৰাজ্যসভাৰ সাংসদ পদৰ পৰা অব্যাহতি লোৱা বুলি তেওঁ উল্লেখ কৰে।

কাইলৈৰ পৰাই বিজেপি দলৰ হৈ কাম কৰি যাব বুলি তেওঁ ঘোষণা কৰে।

তদুপৰি আজিয়েই বিপিএফৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰে বুলি তেওঁ জনায়।

তেওঁ আৰু কয় ‘আমি জনগণৰ উন্নয়নৰ বাবে ৰাজনীতি কৰিছো গতিকে তেনেকুৱা কিছুমান ধাৰা বা পৰিকল্পনা লৈয়ে ৰাজনীতিত কাম কৰি যাব লাগিব।

ইপিনে, বিপিএফৰ পৰা লাহে লাহে সকলো আঁতৰি আহিব বুলি দাবী কৰি দৈমাৰীয়ে লগতে কয় ‘কাইলৈ হাজাৰ হাজাৰ বিপিএফ নেতা-কৰ্মী আহিব। বিজেপিৰ ভাল ভাল পৰিকল্পনা বা এজেণ্ডা থাকিলে নিশ্চয়কৈ বিটিচিৰ জনগণ বিজেপিৰ ফালে আহিব। এইকেইদিন বহু বিপিএফৰ লোক বিজেপিৰ মিটিঙলৈ আহিছিল যেতিয়া হিমন্ত বিশ্ব শৰ্মাই সভা অনুষ্ঠিত কৰিছিল।‘

বিপিএফৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলও বিজেপিত অতি শীঘ্ৰে যোগদান কৰিব বুলি দাবী কৰে দৈমাৰীয়ে।

বিপিএফত থাকি দলটোৰ প্ৰতি বিশ্বাস একেবাৰে হেৰুৱাই পেলোৱাৰ বাবেই  দল ত্যাগ কৰি বিজেপিত যোগদান কৰা বুলি দৈমাৰীয়ে সদৰী কৰে।

‘সকলো জাতি-জনগোষ্ঠীৰ সমানে উন্নয়ন কৰিবৰ বাবে বিজেপিত যোগদান কৰিছো। দলীয় নেতৃত্বৰ কিছুমান সিদ্ধান্ত আৰু কামৰ লগতহে মোৰ বিৰোধ হৈছিল ,সাধাৰণ সমৰ্থক বা কৰ্মীৰ লগত নহয়। সেয়েহে আজি অনুভৱ কৰিছো বিপিএফ দলত থাকি মোৰ কৰিবলগীয়া একো নাই।‘

Recent News

নৰেন্দ্ৰ মোডী শাসনলৈ অহাৰ পাছতে ভাৰতীয় গণতন্ত্ৰ ক্ষয়িস্নু হৈ পৰিছে : আমেৰিকাৰ সাংবাদিক ফৰীদ জাকাৰিয়া

নৰেন্দ্ৰ মোডী শাসনলৈ অহাৰ পাছতে ভাৰতীয় গণতন্ত্ৰ ক্ষয়িস্নু হৈ পৰিছে : আমেৰিকাৰ সাংবাদিক ফৰীদ জাকাৰিয়া

a modi_ji_660_2503

‘এদিন ভাৰতবৰ্ষৰ নাম নৰেন্দ্ৰ মোদীৰ নামেৰে ৰখা হ’ব’!

উত্তৰপ্ৰদেশ : বিবাহত অমান্তি হোৱাৰ বাবেই প্ৰেয়সীক হত্যা!

উত্তৰপ্ৰদেশ : বিবাহত অমান্তি হোৱাৰ বাবেই প্ৰেয়সীক হত্যা!

158325653_3651255315098972_1371538705393563669_o

বিশাল সমদলেৰে কাৰাৰুদ্ধ অখিল গগৈৰ মনোনয়ন দাখিল কৰে মাতৃ প্ৰিয়দা গগৈসহ ৰাইজৰ দলৰ নেতৃত্বই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd