• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিটিচিত হাগ্ৰামাই আৰু বেছি দিন টেঙা আম বেচিব নোৱাৰিব—ভবেশ কলিতা

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
November 23, 2020 6:35 am
a IMG_20201122_134243
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিটিআৰৰ ৰাজনীতিত এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি কৰি ৰবিবাৰে আনুষ্ঠানিকভাবে বিজেপি দলত যোগদান কৰে বিপিএফৰ দুই হাই প্ৰফাইল নেতা বিশ্বজিৎ দৈমাৰী।আৰু ইমানুৱেল মুছাহাৰী।

বিপিএফ দলৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰী আৰু বিপিএফ দলৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ৰাবিবাৰে আনুষ্ঠানিকভাবে গেৰুৱা বসন পিন্ধে ।

ৰাজ্যিক বিজেপিৰ উদ্যাগত তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত কেইবা হাজাৰ জনতাৰ উপস্থিতিত অনুষ্ঠিত এই বিশাল যোগদান সমাৰোহত নেডাৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মা , ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস , সাংসদ দিলীপ শইকীয়া , মন্ত্ৰী ভবেশ কলিতাই বিপিএফৰ এই দুই নেতাক বিজেপি দললৈ উষ্ম আদৰণি জনায় ।

এই যোগদান সমাৰোহত অংশগ্ৰহণ কৰি নেডাৰ আহ্বায়ক তথা স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীক ক্ষুৰধাৰ সমালোচনা কৰে । তেওঁ কয় — হাগ্ৰামা মহিলাৰীয়ে মোক শপত গ্ৰহণৰ দিনা নামাতো বুলি কৈছে । কিন্তু হাগ্ৰামাৰ বিটিচি আৰু নাই ।

অহা ১৫ ডিচেম্বৰত বিজেপিয়ে কোকৰাঝাৰ দখল কৰি শপত গ্ৰহণ কৰিব । কোকৰাঝাৰত বিজেপিয়ে শপত গ্ৰহণ কৰাৰ সময়ত হাগ্ৰামা মহিলাৰীক মাতিব নে নামাতে বুলি ৰাইজক প্ৰশ্ন কৰে ।  বিটিচিবাসী ৰাইজে মাটি কিনা বেচাক লৈ বিপিএফ দলে সমস্যা সৃষ্টি কৰা  বুলি কৈ কয় যে মাটি কিনা বেচাৰ অনুমতি আমি দিম।

বিজেপি দলে বিটিচিত চৰকাৰ গঠন কৰাৰ পোন্ধৰ  দিনৰ পৰা ত্ৰিশ দিনৰ ভিতৰত মাটি কিনা বেচাৰ অনুমতি প্ৰদান কৰা হব বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয় — বিটিচিত সকলো জাতি জনগোষ্ঠীৰ লোকে মাটি কিনা বেচা কৰাৰ অধিকাৰ লাভ কৰিব । আমাৰ মাটি , আমাৰ অধিকাৰ ।

হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ মানুহক দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰি ৰখা  বুলি মন্তব্য কৰি ডঃ শৰ্মাই কয় — বিজেপিয়ে বিটিচি পৰিষদ দখল কৰিলে সকলো শ্ৰেণীৰ ৰাইজ প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে থাকিব। কোনেও দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে থাকিব নালাগে।

ৰাইজে বিটিচিত পৰিৱৰ্তন আনিব আৰু ৰাইজেই বিটিচিত বিজেপি চৰকাৰ আনিব । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজকে ৰাইজৰ সেৱক বুলি কোৱাৰ বিপৰীতে হাগ্ৰামা মহিলাৰীয়ে নিজকে বিটিচিৰ চীফ বুলি কোৱা কথাক কটাক্ষ কৰি কয় হাগ্ৰামা কিহৰ চীফ । বিটিচিত চীফ নহয় , বিটিচিত ৰাইজৰ সেৱক আহিব লাগিব ।

  বিজেপিয়ে সদায় ৰাইজৰ সেৱক হৈ থাকিব । তেওঁ কয়- যিদৰে লাও পাতৰ তল, ৰাজনীতি কৰা ব্যক্তি সকলো  সদায় ৰাইজৰ তলত । হাগ্ৰামা মহিলাৰীয়ে ডঃ হিমন্ত বিশ্ব শৰ্মা , ৰঞ্জিত কুমাৰ দাসক বিটিচিত প্ৰৱেশ কৰিবলৈ নিদিওঁ বুলি কোৱা কথাক উভতি ধৰি কয় — এইখন বিটিচি আমাৰ বিটিচি ।

এইখন অসম আমাৰ অসম । গতিকে আমাৰ বিটিচিত আমাক প্ৰৱেশ কৰিবলৈ মানা কৰা হাগ্ৰামা মহিলাৰী কোন হয় বুলি ডঃ শৰ্মাই প্ৰশ্ন কৰে । যি মানুহে বিধবা মহিলাৰ টকা খায়, চৰকাৰী ঘৰ অবন্টন দিয়াৰ নামত ঘোচ লয়,  সেই মানুহক আৰু ভয় কৰাৰ কথা নাই ।

সভাত হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে অধিক আক্রমণাত্মক হৈ ডঃ শৰ্মাই — নিযুক্তিৰ ক্ষেত্ৰত বিগত সময়চোৱাত মেধাৰ ভিত্তিত নিযুক্তি নহল । নিযুক্তিৰ তালিকা হাগ্ৰামাৰ পকেটত থাকে । হাগ্ৰামাৰ পকেটত থকা তালিকাত নাম থাকিলেহে আমাৰ লৰা ছোৱালীয়ে চাকৰি পায় । মেধাৰ ভিত্তিত নিযুক্তি নহয় ।

কিন্তু বিজেপি দলে বিটিচি চৰকাৰ গঠন কৰিলে মেধাৰ ভিত্তিত নিযুক্তি দিয়া হব । বিপিএফৰ লগত থকা মিত্ৰতাৰ প্ৰসংগত তেওঁ কয় অহা বিধান সভা নিৰ্বাচনত বিটিচিৰ ১২ টা বিধান সভা সমষ্টিতে বিজেপিয়ে নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব । লাফিকুল হত্যাকাণ্ডৰ প্ৰসংগ টানি মন্ত্ৰী ডঃ শৰ্মাই কয় — বিটিচিত লাফিকুলৰ যি ৰাজনৈতিক হত্যা হল , তেনে ৰাজনৈতিক হত্যাকাণ্ড অসমৰ কোনো ঠাইতে বিজেপি চৰকাৰে কেতিয়াও হবলৈ নিদিয়ে ।

তেওঁ কয়- এতিয়া সেই ৰামো নাই, সেই অযোধ্যাও নাই । বিগত ১৫ বছৰে বিটিচিখনক ভেন্সাৰ স্কুল কৰি ৰাখিলে হাগ্ৰামাই । যেনেকৈ ভেন্সাৰ স্কুলৰ শিক্ষকে দৰমহা নাপায় তেনেকৈ বিটিচিবাসীৰ বৃদ্ধ সকলে পেঞ্চন নাপায় , ঘৰ নাপায় বুলি তেওঁ মন্তব্য কৰে। বিজেপি দলে  ষাঠি বছৰ বা তাৰ ওপৰৰ আটাইকেই বৃদ্ধ পেঞ্চন আৰু বিধবা পেঞ্চন দিব বুলি ঘোষণা কৰে  ।

তামুলপুৰবাসী ৰাইজলৈ আশাৰ বাৰ্তা কঢ়িয়াই মন্ত্ৰী ডঃ শৰ্মাই কয় — তামুলপুৰত ট্রেজাৰী অফিচ , চিকিৎসা মহাবিদ্যালয় , কলা, বিজ্ঞান আৰু বাণিজ্য শাখাক সামৰি এখন পূৰ্ণাংগ ডিগ্ৰী কলেজ স্থাপন কৰা হব । পাগলাদিয়া নদীৰ ওপৰত দলং নিৰ্মান কৰাৰ লগতে অহা পাঁচ বছৰৰ ভিতৰত তামুলপুৰ মহকুমাক জিলালৈ উন্নীত কৰা হব বুলিও প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী গৰাকীয়ে।  সভাত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে বিটিচিবাসীৰ আশীৰ্বাদ এতিয়া বিপিএফৰ ওপৰত নাই।  সেয়েহে বিপিএফ দলৰ লগত আৰু বিজেপি দল নাই । সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনত কোনো ৰাজনৈতিক দলৰ লগতে বিজেপি দলৰ মিত্ৰতা নাই । অহা বিধান সভা নিৰ্বাচনত বিটিচিৰ অধীনস্থ আটাইকেইটা সমষ্টিতে বিজেপি দলে নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰাব ।

সভাত উপস্থিত থাকি অসম চৰকাৰৰ মন্ত্ৰী ভবেশ কলিতাই বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা কৰে । তেওঁ কয়-  বিগত সোঁতৰ বছৰে হাগ্ৰামা মহিলাৰীয়ে বিটিআৰ অঞ্চলত কেৱল উৎপীৰণ চলালে । হাগ্ৰামা মহিলাৰী , চন্দন ব্ৰহ্মই উন্নয়নৰ পিনে পিঠি দি কেৱল ধন আত্মসৎ কৰি আহিছে । হাগ্ৰামাই টেঙা আম বহুত বেছিলে , আৰু বেচিব নোৱাৰে । বিটিআৰ কেনেদৰে চলাব লাগে সেয়া হাগ্ৰামাই বিজেপিৰ পৰা শিকিব লাগিব । এইবাৰৰ বিটিআৰত হাগ্ৰামা আউট , বিজেপি ইন । বিজেপিৰ উপ সভানেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী ৰেখা ৰাণী দাস বড়োৱে আজিৰ এই যোগদান সমাৰোহে বিজেপি দলত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি মন্তব্য কৰে ।

হাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা কৰি তেওঁ কয় হাগ্ৰামাৰ অপশাসনৰ অন্ত পৰিল । দালালি কৰা দিন উকলিল , দাবী ধমকি দিয়াৰ দিন উকলিল । হাগ্ৰামাৰ ৰাজত্বৰ অন্ত পৰিল । সভাত ভাষণ ৰাখি ৰাজ্যিক বিজেপিৰ উপ সভাপতি তথা প্ৰাক্তন বিধায়ক জয়ন্ত মল্ল বৰুৱাই কয়-  ইমানদিনে হাগ্ৰামাই বিজেপিৰ অক্সিজেন লৈ জীয়াই আছিল । কিন্তু হাগ্ৰামাৰ দিন আৰু উকলিল । ইপিনে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰি বিধায়ক ইমানুৱেল মোছাহাৰীয়ে কয় — মই বিপিএফ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰাটো সময়ৰ আহ্বান ।

মোৰ ৰাষ্ট্ৰীয় দল এটাৰ লগত থাকি কাম কৰাৰ প্ৰবল ইচ্ছা আছিল ।  আজি মোৰ ইচ্ছা পূৰণ হল আৰু বিজেপি দলৰ লগত থাকি ৰাইজৰ হকে কাম কৰি যাম।  বিপিএফৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি, প্ৰাক্তন সাংসদ  বিশ্বজিৎ দৈমাৰীয়ে ভাষণ ৰাখি কয় — বিটিচিত নতুন চিন্তাৰে কাম কৰিব লাগিব । নতুন চিন্তাৰে কাম কৰিব লাগিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আঁচনি সমূহ বিটিচিত ৰূপায়ন কৰিব লাগিব ।

আজিৰ পৰা মই  বিপিএফ পাহৰিলোঁ । বিপিএফৰ বেয়া দিনবোৰ পাহৰিলোঁ । তেওঁ কয়-  এতিয়া হাগ্ৰামা মহিলাৰী , চন্দন ব্ৰহ্ম , প্ৰমিলা ৰাণী ব্ৰহ্মৰ অভিশাপক ভয় নকৰোঁ । বিপিএফ দল নীতি হীন , দায়িত্বহীন দল বুলি মন্তব্য কৰি দৈমাৰীয়ে কয় যে বিপিএফ দলে মানুহৰ বিশ্বাস হেৰুৱাইছে দলৰ নেতা বোৰৰ কাৰণে । মোক বিভীষণ আখ্যা দিছে। বিভীষণৰ বাবেই স্ত্ৰী হাৰণকাৰী ৰাৱণ বধ হৈছিল। ৰাইজৰ বাবে ভাল কাম কৰাৰ বাবে মোক বিভীষণ কলেও মোৰ একো নহয়।

আজিৰ এই সভাতেই বিটিচি নিৰ্বাচনৰ বাবে জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰে কণ্ঠদান কৰা বিটিচিত এইবাৰ বিজেপিৰ চৰকাৰ শীৰ্ষক গীতটো উন্মোচন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে । বাক্সা  জিলা বিজেপিৰ সাধাৰণ সম্পাদক ৰাজেশ বড়োৱে আঁত ধৰা সভাখনত আদৰণি ভাষণ ৰাখে বাগসা জিলা বিজেপিৰ সভাপতি ৰাম দাহালে ।

সভাত ২৬ নম্বৰ দৰঙাজুলি সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী দেবেন বড়ো , ২৭ নম্বৰ নাগ্ৰীজুলি সমষ্টিৰ প্ৰাৰ্থী ধৰ্ম নাৰায়ণ দাস , ২৮ নম্বৰ গয়বাৰী সমষ্টিৰ প্ৰাৰ্থী হেমন্ত কুমাৰ ৰাভা,  ২৯ নম্বৰ শুক্লাই চেৰফাং সমষ্টিৰ প্ৰাৰ্থী ৰনেন্দ্ৰ নাৰ্জাৰীকে ধৰি বাক্সা জিলাৰ বিভিন্ন সমষ্টিৰ প্ৰাৰ্থীসকলে ৰাইজৰ ওচৰত আঁঠু লৈ ৰাইজৰ আশীৰ্বাদ বিচাৰে ।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

September 17, 2025 1:43 pm
অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd