মছজিদৰ দৰে পবিত্ৰ ধৰ্মীয় অনুষ্ঠানৰ ইমামৰ দায়িত্বত থকা এজন লোকে নিজৰ যৌন কামনা পূৰণ কৰিবলৈ গৈ সাৱটি লবলগীয়া হ’ল মৃত্যুক।
মছজিদৰ কাষতে থকা এটা ঘৰৰ এগৰাকী যুৱতীক নিশা ধৰ্ষণ কৰিবলৈ গৈ যুৱতীৰ হাতত প্ৰাণ দিলে এগৰাকী ইমামে।
ঘটনাটো সংঘটিত হৈছিল বাংলাদেশৰ কিশোৰগঞ্জ জিলাৰ কুলিয়াৰপুৰ উপ-জিলাত।
কিশোৰগঞ্জ জিলাৰ বৌলাই পূৰ্ব বৰাতি গাওঁৰ ওচমানপুৰ মছজিদৰ ইমাম আছিল মিজানুৰ ৰহমান নামৰ লোক জন. ২০১৬ চনৰ ১৪ আগষ্টৰ পুৱতি নিশা ইমাম জনৰ মৃতদেহ উদ্ধাৰ হয় বাজৰা-চৌমাৰী ৰোডৰ এক স্থানত।
ইমাম জনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে ইমামৰ ভাতৃ মহম্মদ নুৰুল হকে অজ্ঞাত ব্যক্তিয়ে ইমাম জনক হত্যা কৰা বুলি কুলিয়াৰচৰ থানাত এজাহাৰ দাখিল কৰে।
আৰক্ষীয়ে ঘটনাটোৰ ক্ষিপ্ৰ তদন্ত চলাই কোনাপাৰা গাওঁৰ মইনা আক্তাৰ নামৰ যুৱতী গৰাকীৰ লগতে তেওঁৰ ভাতৃ মনিৰ হুছেইনক গ্ৰেপ্তাৰ কৰে আৰু ২০১৭ চনৰ ২৪ এপ্ৰিলৰ দিনা তেওঁলোক দুয়োৰে বিৰুদ্ধে আদালতত গোচৰ তৰা হয়।
ঘটনাটোৰ তদন্তৰ দায়িত্ব লোৱা আৰক্ষী বিষয়া কোহিনুৰ মিঞাই প্ৰকাশ কৰা মতে ২০১৬ চনৰ ১৪ আগষ্টৰ নিশা ইমাম মিজানুৰ ৰহমানে মইনা আক্তাৰৰ ঘৰত বলপূৰ্বক প্ৰৱেশ কৰি মইনাক ধৰ্ষণ কৰিবলৈ উদ্যত হয়।
উপায়হীন হৈ মইনাই নিজৰ সতীত্ব ৰক্ষা কৰাৰ বাবে এডাল লোৰ ৰ’ডেৰে ইমাম মিজানুৰৰ মূৰত প্ৰচণ্ড জোৰেৰে কোব শোধায়।
ফলত লগে লগে ইমাম জনৰ মৃত্যু ঘটে। এই ঘটনাৰ পিছতে যুৱতী গৰাকীয়ে ভায়েকৰ সহযোগত ইমাম দনৰ মৃতদেহটো বস্তাত ভৰাই বাজৰা-চৌমাৰী ৰোডত পেলাই থৈ আহে।
শেহতীয়াকৈ বাংলাদেশৰ কিশোৰগঞ্জৰ আদালতৰ ন্যায়াধীশ মহম্মদ আব্দুৰ ৰহিমে ইমাম জনক হত্যা কৰা মইনা আক্তাৰক যাবজ্জীৱন কাৰাদণ্ডৰ লগতে ২ লাখ বাংলাদেশী টাকাৰ জৰিমনা বিহে।
একেদৰে মইনাৰ ভাতৃ মনিৰক ৭ বছৰৰ কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টাকাৰ জৰিমনা বিহা হয়।