• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এখন অসম্পূৰ্ণ দলঙে জীয়াতু ভোগাইছে শ শ গাঁৱৰ বাসিন্দাক: অনতি পলমে সম্পূৰ্ণ কৰাৰ দাবী স্থানীয় ৰাইজৰ

ইয়াছিন আলী by ইয়াছিন আলী
December 1, 2020 11:37 am
IMG-20201201-WA0000

ফটো: নর্থইষ্ট নাও

1.8k
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰঘোলাত ৰাইজে যাতায়তৰ বাবে চৰম যমৰ যাতনাত ভূগিবলগা হৈছে।

যোৱা ২০১৪ চনত বৰঘোলা আই নৈৰ ওপৰত এখন দলঙৰ কাম আৰম্ভ কৰা হয়। বহু বিতৰ্কৰ পিছত দলংখনৰ কাম এক প্ৰকাৰ শেষ হোৱাৰ সময়তে বান পানীৰ ফলত প্ৰৱল গৰাখহনীয়াই দলংখনৰ পূব ফালে দি সুলকি দলং খন নদীৰ মাজত পৰে। তেতিয়াৰে পৰাই বন্ধ হৈ পৰে দলঙৰ বাকী থকা কাম।

এই গৰাখহনীয়াৰ ফলত আধৰুৱা হৈ থকা দলংখনৰ বাবে বৃহত্তৰ অঞ্চলৰ হাজাৰ হাজাৰ ৰাইজে চৰম শাস্তি ভোগ কৰিবলগীয়া হৈছে।

পূৰ্বৰে পৰাই যদিও এটা পাৰঘাটৰ ব্যৱস্থা আছে তাত সেই পাৰঘাটৰ অচিলাৰে নিয়ম বহিৰ্ভূতভাৱে মাচুল সংগ্ৰহ কৰি সাধাৰণ ৰাইজক হাৰাশাস্তি কৰা পৰিলক্ষিত হৈছে।

ইপিনে, পাৰাপাৰৰ বাবে বৰ্তমান নদীখনৰ কেইবা ঠাইত বাহৰ সাকোঁ নিৰ্মাণ কৰি দিছে আৰু তাৰ বাবদ ২০ৰ পৰা ৩০ টকাকৈ সংগ্ৰহ কৰি আছে।

সেইদৰে, কেইবা শতাধিক গাঁৱৰ ৰাইজৰ যন্ত্ৰণাৰ প্ৰতি কাণ সাৰ দিয়া নাই চৰকাৰ তথা কোনো জনপ্ৰতিনিধিয়ে।

বাঁহেৰে নিৰ্মাণ কৰি দিয়া সাকোঁৰে জীৱনটো হাতৰ মুঠিত লৈ বিপদসংকুল ভাৱে যাতায়ত কৰিব লগা হৈছে বিস্তৃত অঞ্চলৰ ৰাইজ।

বিভিন্ন সময়ত বহু কেইটা দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো স্থানীয় বিধায়ক আব্দুল হাই নাগৰি বা সাংসদ আব্দুল খালেক তথা চৰকাৰে কোনো গুৰুত্ব দিয়া নাছিল।

জানিব পৰা মতে, পুনৰ দলং খন পূব ফালে বঢ়াই দিয়াৰ বাবে চৰকাৰে প্ৰায় ৩৫ কোটি টকা পুনৰ ধাৰ্য কৰিছে। কিন্তু সেয়া আকৌ কিমান বছৰত সমাপ্ত হ’ব সেই কথা কোনেও অনুমান কৰিব পৰা নাই।

স্থানীয় ৰাইজৰ চৰকাৰলৈ এটাই দাবী দলংখন সোনকালে সম্পূৰ্ণ কৰি বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়তৰ সুবিধা কৰি দিব লাগে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd