• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সৃষ্টি নগৰৰ নিৰ্মাণকাৰ্য্য বন্ধৰ নিৰ্দেশ : তদন্ত ঘোষণা কামৰূপ জিলা প্ৰশাসনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 14, 2018 7:49 am
Atul Bora
134
VIEWS
Share on FacebookShare on Twitter

চূণচালিত পাহাৰ কাটি চলাই থকা বিশাল নগৰ এলেকাৰ নিৰ্মাণকাৰ্য্য বিৰুদ্ধে খোদ শাসকীয় দলৰ বিধায়ককে ধৰি বিভিন্ন পক্ষ সৰৱ হৈ পৰাত চৰকাৰে বিষয়টোত হস্তক্ষেপ কৰিবলৈ বাধ্য হ’ল।

এক নিৰ্দেশযোগ্য কামৰূপ মহানগৰ প্ৰশাসনে এই অঞ্চলটোত সৃষ্টি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল’পমেণ্ট ক’ৰ্প’ৰেইশ্যনে তিনিটা ঠিকাদাৰী প্ৰতিষ্ঠানৰ সহযোগত চলাই থকা নিৰ্মাণকাৰ্য্য সাময়িকভাৱে স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছে। ইয়াৰ লগতে প্ৰশাসনে গোটেই বিষয়টোৰ এক তদন্তও দিছে।

জানিব পৰামতে, কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত নৱদীপ পাঠকক এই নিৰ্মাণকাৰ্য্য সন্দৰ্ভত অনুসন্ধান কৰি সাতদিনৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিব। অতিৰিক্ত উপায়ুক্তজনক সহায় কৰিব গুৱাহাটীৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, কামৰূপ পূব মণ্ডলৰ ডি এফ অ’ই।

উল্লেখযোগ্য যে ইক’ ছেনছিটিভ জ’ন হিচাপে চিহ্নিত চূণচালিৰ চাহবাগিচাৰ সমীপৰ পাহাৰ ব্যাপকৰূপত কাটি প্ৰায় ৬ হাজাৰ বিঘা ভূমিক সামৰি সৃষ্টি নগৰ নামৰ এটা নতুন বিলাসী আৱাসিক এলেকা নিৰ্মাণ কৰি থকা হৈছে। জানিব পৰামতে বুলবুল চৌধুৰী নামৰ এজন লোকৰ পৰা ৬৫০ বিঘা মাটি কিনি আৰু ইয়াৰ সৈতে দাঁতিকাষৰীয়া পাহাৰ আৰু নদীৰ এক বৃহৎ অংশ সামৰি নিৰ্মাণকৰ্তা প্ৰতিষ্ঠানটোৱে এই নগৰখন নিৰ্মাণ কৰি আছে। এই প্ৰায় ৬ হাজাৰ বিঘা মাটিৰ বাবে পাহাৰৰ বৃহৎ অংশ এটা কাটি সমান কৰি পেলোৱা হৈছে। লগতে নদীৰ এক অংশও পুতি পোলোৱা বুলি অভিযোগ উঠিছে। জানিব পৰামতে ইয়াত বৃহৎ বৃহৎ অট্টালিকাৰ উপৰি মহানাগৰিক জীৱনৰ অন্যান্য সকলো সা-সুবিধাৰ লগতে থাকিব স্কুল, চিকিৎসালয়, ক্লাব আদিও।

মন কৰিব লগীয়া যে যোৱা ১০ মাৰ্চত শাসকীয় দলৰে এজন বিধায়ক অতুল বৰাই সংবাদমেল পাতি এই সৃষ্টি নগৰৰ নিৰ্মাণকাৰ্য্য অবৈধ আৰু প্ৰকৃতি ধ্বংসৰ নামান্তৰ বুলি ৰাজহুৱাভাৱে অভিযোগ কৰিছিল আৰু চৰকাৰক ইয়াৰ বিৰুদ্ধে ৪৮ ঘণ্টাৰ ভিতৰত ব্যৱস্থা ল’বলৈ দাবী জনাইছিল। তেওঁ এই পাহাৰ ধ্বংস অবাধে চলি থাকিব পৰাৰ অন্তৰালত চৰকাৰী পৃষ্ঠপোষকতাৰ গোন্ধ পোৱা বুলি স্পষ্টকৈ কয়। তেওঁক সমৰ্থন দিছিল কৃষক মুক্তিৰ লগতে আন কিছুমান দল-সংগঠনেও।

আনহাতে অঞ্চলটোত বহু বছৰৰ পৰা বাস কৰি অহা প্ৰায় ২০ হাজাৰ পৰিয়ালে দাবী কৰি অহা সত্ত্বেও নিজৰ ভেটিটো থকা মাটিৰো পট্টা নোপোৱাৰ পিছত চৌধুৰী উপাধিৰ ব্যক্তিজনে একেই অঞ্চলত ৬৫০ বিঘাকৈ মাটিৰ পট্টা কেনেকৈ পালে বুলিও প্ৰশ্ন কৰিছে বহুতে।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd