• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কয়লা ব্যৱসায়ী পংকজ চৌধুৰীৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান : আপত্তিজনক বহু নথিপত্ৰ জব্দ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
December 5, 2020 9:01 pm
index.jpgk
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰ্ঘেৰিটাৰ প্ৰতিষ্ঠিত চাহ আৰু কয়লা ব্যৱসায়ী পংকজ চৌধুৰীৰ মাৰ্ঘেৰিটা মিছন ৰোড তিনিআলিতস্থিত বাসগৃহত ৪ ডিচেম্বৰ পুৱা ৯ বজাৰ পৰা পুৱতি নিশা প্ৰায় ২ বজালৈকে আয়কৰ বিভাগে অভিযন চলায়।

অভিযানৰ অন্তত কি কি জব্দ কৰিলে সেয়া অভিযানকাৰী দলটোৱে সংবাদিকৰ সন্মুখত কোনো মন্তব্য প্ৰকাশ কৰা নাই যদিও বহু আপত্তিজনক নথি পত্ৰ জব্দ কৰা বুলি ধাৰণা কৰা হৈছে।

ইফালে চৌধুৰীৰ পৰিয়ালৰ কোনো ব্যক্তি ও সংবাদমাধ্যমৰ সন্মুখলৈ নাহিল। অভিযানকাৰী দলটোক বাৰম্বাৰ প্ৰশ্ন কৰা হৈছিল যে চৌধুৰীৰ বাসগৃহ আৰু বাসগৃহ সংগলগ্ন কাৰ্যালয়ৰ পৰা কি কি জব্দ কৰিলে বা কি তথ্যৰ ভিত্তিত বিভাগে এই অভিযান চলাইছিল।

লগত অহা অসম আৰক্ষীৰ এজন বিষয়াই অনানুষ্ঠানিকভাৱে কয় যে এয়া আয়কৰ বিভাগৰ তালাচী। দিল্লী পৰা অহা এই দলটোৰ লগত ডিব্ৰুগড় পৰা অহা এজন পুৰুষ আৰু এগৰাকী মহিলা বিষয়া আছে বুলি জানিবলৈ দি আৰক্ষীয়ে লগত কয় যে বাকী কেইবাজনো অনা অসমীয়া বিষয়া দলটোত আছে।

উল্লেখ্য যে পংকজ চৌধুৰী মাৰ্ঘেৰিটাৰ বৰগোলাই নিবেদিতা চাহ ফেক্টৰীৰ স্বত্বাধিকাৰ আৰু কয়লাৰ ব্যৱসায়ৰ লগত জড়িত বুলি জানিব পৰা গৈছে যদিও বিভিন্ন স্থানত বহু সম্পত্তি আছে বুলি এক নিৰ্ভৰযোগ্য সূত্ৰত প্ৰকাশ।

বিশেষকৈ আয়কৰ বিসংগতিৰ সন্দেহতে এই অভিযান চলিছিল বুলি সন্দেহ কৰা হৈছে। এটা সূত্ৰই জানিবলৈ দিয়ামতে মাৰ্ঘেৰিটা লিডুৰ বহু চৰ্চিত কয়লাৰ বেহাৰ সৈতে এই পঙ্কজ চৌধুৰী জড়িত বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য যে, প্ৰায় বিশ বছৰ পূৰ্বে মাৰ্ঘেৰিটাৰ ক’ল ইণ্ডিয়াৰ পৰা লোৱা কয়লাৰ কৰ ফাঁ‌কিৰে অবৈধভাৱে সৰবৰাহ কৰা লবীৰ সৈতে চৌধুৰীৰ নাম সাঙোৰ খাই পৰিছিল বুলি সূত্ৰত প্ৰকাশ।

তদানীন্তন কংগ্ৰেছৰ শাসনাধিস্থ চৰকাৰখনে সেই সময়ত সকলো গাপ দিয়াৰ অভিযোগ উত্থাপন হৈছিল বুলি চৰ্চা চলিছে।

কিন্তু ২০২১ৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এনে ব্যৱসায়ীৰ ঘৰত কিয় আয়কৰ বিভাগে অভিযান চলালে তাকে লৈ এতিয়া সমগ্ৰ তিনিচুকীয়া জিলাখনতে সৰৱ চৰ্চা চলিছে।

কালিৰ এই অভিযানকাৰী দলটোৱে আভিযান কালত বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ তন্ন তন্নকৈ পৰীক্ষা কৰাৰ লগতে কম্পিউটাৰৰ, লেপটপৰ তথ্যও পৰীক্ষা কৰিছিল বুলি জানিব পৰা গৈছে।

অভিযান সম্পূৰ্ণ কৰি পুৱতি নিশা অভিযানকাৰী দলটোৱে বাসগৃহ আৰু কাৰ্যালয়ৰৰ পৰা বাহিৰ হোৱাৰ সময়ত বহুকেইটা খাকি ৰঙৰ কাৰ্টুনৰ বাকচত বিভিন্ন নথিপত্ৰ জব্দ কৰি লগত লৈ যোৱা বুলি জানিব পৰা গৈছে।

এই অভিযানে সমগ্ৰ মাৰ্ঘেৰিটা মহকুমাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিশেষকৈ উজনিৰ কয়লা ব্যৱসায়ীৰ লগত জড়িত ব্যক্তিসকলক এই অভিযানে সন্ত্ৰস্ত কৰিছে বুলি বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিয়ন্ত্ৰণ চাৰিজন মন্ত্ৰীৰ নিয়ন্ত্ৰণত চলি আছে ‘চিণ্ডিকেট চৰকাৰ’: প্ৰদ্যুত বৰদলৈৰ অভিযোগ

নিয়ন্ত্ৰণ চাৰিজন মন্ত্ৰীৰ নিয়ন্ত্ৰণত চলি আছে ‘চিণ্ডিকেট চৰকাৰ’: প্ৰদ্যুত বৰদলৈৰ অভিযোগ

September 1, 2025 8:32 pm

বিহাৰ SIR সন্দৰ্ভত ১ ছেপ্টেম্বৰৰ পাছত অভিযোগ দাখিল কৰিব পাৰিবঃ ছুপ্ৰীম কোৰ্টত নিৰ্বাচন আয়োগ

September 1, 2025 7:57 pm
বিটিচিৰ নিৰ্বাচনী যুঁজলৈ সাজু কংগ্ৰেছ, ৰাইজৰ দলঃ প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা

বিটিচিৰ নিৰ্বাচনী যুঁজলৈ সাজু কংগ্ৰেছ, ৰাইজৰ দলঃ প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা

September 1, 2025 7:13 pm
এটম বোমাৰ পিছত এইবাৰ আহি আছে হাইড্ৰজেন বোমা : ঘোষণা ৰাহুল গান্ধীৰ

এটম বোমাৰ পিছত এইবাৰ আহি আছে হাইড্ৰজেন বোমা : ঘোষণা ৰাহুল গান্ধীৰ

September 1, 2025 6:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিয়ন্ত্ৰণ চাৰিজন মন্ত্ৰীৰ নিয়ন্ত্ৰণত চলি আছে ‘চিণ্ডিকেট চৰকাৰ’: প্ৰদ্যুত বৰদলৈৰ অভিযোগ

নিয়ন্ত্ৰণ চাৰিজন মন্ত্ৰীৰ নিয়ন্ত্ৰণত চলি আছে ‘চিণ্ডিকেট চৰকাৰ’: প্ৰদ্যুত বৰদলৈৰ অভিযোগ

September 1, 2025 8:32 pm

বিহাৰ SIR সন্দৰ্ভত ১ ছেপ্টেম্বৰৰ পাছত অভিযোগ দাখিল কৰিব পাৰিবঃ ছুপ্ৰীম কোৰ্টত নিৰ্বাচন আয়োগ

September 1, 2025 7:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd