দুৰ্গম হিমালয়ৰ বুকুত দেশৰ প্ৰথমটো উচ্চভূমি বন্যপ্ৰাণী ছাফাৰী আৰম্ভ কৰা হৈছে লাডাখত। প্ৰশাসনে এই সেৱাৰ বাবে বিশেষভাৱে নিৰ্মিত ছয়খন মুক্ত পৃষ্ঠভাগৰ বাহনৰ যাত্ৰা আৰম্ভ কৰিছে। যোৱা আগষ্ট মাহত অনুমোদন লাভ কৰা এই প্ৰকল্পটোৰ কাম প্ৰাৰম্ভিক পৰ্যায়ত লাডাখৰ তুষাৰ চিতাৰ বাবে পৰিচিত ৰুম্বাক, শ্বাং আৰু উলে অঞ্চলত আৰম্ভ কৰা হৈছে। সংবেদনশীল বন্যপ্ৰাণী বাসস্থানসমূহত অনিয়ন্ত্ৰিত বিচৰণৰ সলনি প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া সুকীয়া পথেৰে এই বাহনসমূহ চলাচল কৰিব। পৰ্যটকসকলক নিৰাপত্তা আৰু সঠিক নিৰ্দেশনা প্ৰদান কৰিবলৈ প্ৰশিক্ষণপ্ৰাপ্ত স্থানীয় চালক আৰু বন্যপ্ৰাণী নিৰ্দেশকসকলে সংগ দিব।
হেমিস ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ৰুম্বাক আৰু শ্বাম অঞ্চলৰ উলে ইতিমধ্যে তুষাৰ চিতা নিৰীক্ষণৰ বাবে বিশ্বখ্যাত। শীতকালত পাহাৰৰ ধূসৰ শিলৰ সৈতে দেহৰ বৰণ মিলি থকাৰ বাবে তুষাৰ চিতা প্ৰত্যক্ষ কৰাটো অতিশয় কঠিন আৰু ইয়াৰ সন্ধানত পৰ্যটকসকলে ঘণ্টাৰ পাছত ঘণ্টা পাহাৰৰ ঢাল নিৰীক্ষণ কৰিবলগীয়া হয়। এই ছাফাৰীয়ে তুষাৰ চিতাৰ বাসস্থানলৈ যোৱাৰ সুবিধা কৰি দিব যদিও প্ৰত্যক্ষ দৰ্শনৰ কোনো নিশ্চিতি প্ৰদান নকৰে। তথাপিও ভাৰতৰ ভিতৰতে লাডাখতেই এই বিৰল প্ৰাণীবিধ দেখিবলৈ পোৱাৰ সম্ভাৱনা সৰ্বাধিক। দেশৰ প্ৰথম তুষাৰ চিতা গণনাৰ তথ্য অনুসৰি, ভাৰতত আনুমানিক ৭১৮ টা তুষাৰ চিতা আছে, যাৰ ভিতৰত অকলেই লাডাখত ৪৭৭ টা বাস কৰে। অৰ্থাৎ দেশৰ প্ৰতি তিনিটা তুষাৰ চিতাৰ ভিতৰত দুটাই লাডাখত উপলব্ধ। ইয়াৰ উপৰিও এই অঞ্চলত নীল ভেড়া (ভৰল), আইবেকছ আৰু অন্যান্য হিমালয়ৰ বন্যপ্ৰাণীও দেখা পোৱা যায়।
প্ৰশাসনৰ পৰিকল্পনা অনুসৰি পৰৱৰ্তী সময়ত এই ছাফাৰী হেমিস ৰাষ্ট্ৰীয় উদ্যান, চাংথাং, কাৰাকোৰাম অভয়াৰণ্য, নুব্ৰা, জাংস্কাৰ, কাৰ্গিল আৰু দ্ৰাছলৈ সম্প্ৰসাৰণ কৰা হ‘ব। আনহাতে, লাডাখৰ স্পৰ্শকাতৰ পৰিৱেশত যান-বাহনৰ বৃদ্ধিয়ে পেলোৱা প্ৰভাৱক লৈ পৰিৱেশবিদসকলে উদ্বেগ প্ৰকাশ কৰিছে। অৱশ্যে প্ৰশাসনে স্পষ্ট কৰিছে যে অবৈধভাৱে অফ-ৰ‘ডিঙত বাধা দিয়া আৰু বন্যপ্ৰাণীক আমনি নকৰাৰ লক্ষ্যৰেই এই শৃংখলিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই উদ্যোগত স্থানীয় নিৱাসীক জড়িত কৰাই তেওঁলোকৰ জীৱিকা সুনিশ্চিত কৰিবলৈ চালক, নিৰ্দেশক আৰু প্ৰকৃতি ব্যাখ্যাবিদ হিচাপে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে ২০ জন স্থানীয় যুৱকক পক্ষী নিৰীক্ষণৰ বিশেষ প্ৰশিক্ষণো দিয়া হৈছে।
লাডাখৰ পৰম্পৰাগত তুষাৰ চিতা পৰ্যটন সাধাৰণতে স্থানীয় ট্ৰেকাৰ আৰু হোমষ্টে‘ৰ ওপৰত নিৰ্ভৰশীল আছিল। কিন্তু নতুন যান-বাহনভিত্তিক ছাফাৰীৰ সফলতাই পৰ্যটকৰ সংখ্যা আৰু নিৰ্ধাৰিত পথৰ সঠিক নিয়ন্ত্ৰণৰ ওপৰত নিৰ্ভৰ কৰিব। বৰ্তমান সীমিত পৰিসৰত তিনিটা অঞ্চলত আৰম্ভ হোৱা এই ছাফাৰীৰ ভাড়া, বুকিং ব্যৱস্থা আৰু সময়সূচী প্ৰশাসনে অতি সোনকালে ৰাজহুৱা কৰিব। ছাফাৰীয়ে তুষাৰ চিতাৰ বাসস্থানলৈ যাত্ৰা সুগম কৰি তুলিলেও “পাহাৰৰ ভূত” খ্যাত এই অপৰূপ প্ৰাণীটোক দেখা পাবলৈ পৰ্যটকৰ ধৈৰ্য আৰু ভাগ্যৰ সমানেই প্ৰয়োজন হ‘ব।





