বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই যোৱা ১২ মাৰ্চত অসম বিধান সভাত ২০১৮-১৯ বৰ্ষৰ বাজেট উত্থাপন কৰাৰ পিছতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বাজেটত ঘোষিত আঁচনি তথা প্ৰকল্প সমূহ সময়সাপেক্ষে ৰূপায়ণৰ সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়।
জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত হোৱা এই বৈঠকত অধ্যক্ষতা কৰি মুখ্য মন্ত্ৰীয়ে সংশ্লিষ্ট বিভাগসমূহৰ শীৰ্ষ বিষয়াসকলক বাজেটত ঘোষিত আঁচনি তথা প্ৰকল্প সমূহ বিত্তীয় বৰ্ষৰ ভিতৰতে ৰূপায়ণেৰে ৰাইজৰ আশা-আকাংক্ষা পূৰণৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে।
মুখ্য মন্ত্ৰী গৰাকীয়ে লগতে বিধান সভাত বাজেট গৃহীত হোৱাৰ পিছতে ঘোষিত আঁচনি সমূহৰ কাম অহা এপ্ৰিলৰ পৰা ৰূপায়ণৰ বাবে তৎপৰতাৰে পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে।
আনহাতে উক্ত অংশ গ্ৰহণ কৰা ড০ হিমন্ত বিশ্ব শৰ্মাই বাজেটত ঘোষিত আঁচনি সমূহৰ নিবিদা এপ্ৰিলৰ পৰা আহ্বান কৰাৰ ব্যৱস্থা ল’বলৈও নিৰ্দেশ দিয়ে।