ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৰে ‘দক্ষ শিক্ষামন্ত্ৰী’ৰ কাৰ্য্যকালতে ঘৰৰ চৌকা নজ্বলা হৈছে অপ্ৰাদেশিকৃত বিদ্যালয়ত ওৰেতো জীৱন নিষ্ঠাৰে সেৱা আগবঢ়াই অহা হাজাৰ হাজাৰ শিক্ষক-কৰ্মচাৰীৰ।
এই কথা গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলযোগে জানিবলৈ দিয়ে অসম হাইস্কুল(নৱ প্ৰাদেশিকীকৃত) অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত শিক্ষক-কৰ্মচাৰী সমন্বয় সমিতিৰ সাধাৰণ সম্পাদক নৃপেন্দ্ৰ নাথ শৰ্মাই।
শৰ্মাই সংবাদমেলত কয় ‘মানৱ সম্পদ গঢ়াত ব্যস্ত হৈ অৱসৰ গ্ৰহণৰ পিছত পেঞ্চনৰ পৰিৱৰ্তে ল’ব লাগিব ভিক্ষাৰ জোলোঙা। কিয়নো NPS ৰ পৰা মাহিলী ৫০০-৬০০ টকা পেন্সনহে আমি লাভ কৰো। এনেদৰে আমাৰ পৰিয়াল পোহপাল দিয়াত অত্যন্ত অসুবিধা হৈছে। ভেন্সাৰ স্কুলত ২০ ৰ পৰা ৩২ বছৰ পৰ্য্যন্তবিনাবেতনে চাকৰি কৰা শিক্ষক-কৰ্মচাৰীসকলে অৱসৰৰ পাছত ভিক্ষাৰ জোলোঙা।‘
‘জীৱনৰ সোণালীময় কালছোৱা বিনা বেতনে চাকৰি কৰি অৱসৰ গ্ৰহণ কৰাৰ পিছত সেইসকল শিক্ষক-কৰ্মচাৰীৰ ঘৰৰ চৌকা নজ্বলা অৱস্থা হৈছে। অষ্টম শ্ৰেণীৰ বিভাগীয় স্বীকৃতিৰ পিছত মাত্ৰ দৈনিক ২.৬০ টকা তদৰ্থ মঞ্জুৰীত কাম কৰা এইসকল শিক্ষক-কৰ্মচাৰীৰ প্ৰতি শিক্ষা বিভাগ আৰু চৰকাৰ পক্ষৰ ২০১৩ চনত চকু মেল খাইছিল। উক্ত চনৰে ১ জানুৱাৰীৰ পৰা ভেন্সাৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণ আইন অনুসৰি প্ৰাদেশিকীকৰণ হৈছিল। প্ৰাদেশিকীৰণৰ Allotment Order ৰ কপিটো হাতত লৈয়ে বহুতো শিক্ষক-কৰ্মচাৰীয়ে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিলে। কিন্তু ভেন্সাৰ পৰ্য্যায়ত চাকৰি কৰি থকাতকৈও অৱসৰ গ্ৰহ:ৰ পিছত এইসকল শিক্ষক-কৰ্মচাৰীৰ আৰ্থিক অৱস্থা ক্ৰমে শোচনীয় হৈ পৰিল।‘ শৰ্মাই লগতে কয়।
ইপিনে, NPS ৰ নামত এজন শিক্ষক-কৰ্মচাৰীয়ে নিজৰ বেচিক পে আৰু ডিএ লগ লাগি হোৱা মুঠ ধনৰ পৰা ১০ শতাংশ ধন কৰ্তন কৰিব লাগে বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘চৰকাৰৰ পক্ষর পৰা ১০ শতাংশ দিয়ে। এই ধনৰ পৰা অৱসৰৰ পিছত ৬০ শতাংশ ধন জমা কৰ্তাই LIC, HDFC, Life, State Bank Life, ICCI Life & Reliance Life আদি ৫ টা এজেন্সিৰ যিকোনো এটাক প্ৰাধান্য দি জমা কৰিব লাগে।‘
তেওঁ লগতে কয় ‘এই ধনৰ সুতৰ পৰা মাহিলী হিচাপত ৫০০ ৰ পৰা ১২০০ টকা পৰ্য্যন্তহে পেন্সন পায়। এইসকল পেন্সনাৰে এটা পৰিয়াল চলোৱাটো কিমান কষ্টকৰ সেয়া ভুক্তভোগীয়েহে জানে।‘
আনহাতে, উক্ত সংবাদমেলত উপস্থিত থাকি সমিতিৰ সভাপতি প্ৰবীণ শইকীয়াই তেওঁলোকৰ দাবীসমূহ জনাই কয় ‘প্ৰাদেশিকীকৰণ আইন মতে পদ প্ৰাদেশিকীকৰণৰ Alloyment Order ত থকা যোগদানৰ তাৰিখ গণ্য কৰা আৰু যোগদানৰ তাৰিখৰ মতে NPS ৰ পৰিৱৰ্তে অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত প্ৰাদেশিকীকৃত শিক্ষক-কৰ্মচাৰীক পুৰণি পেন্সন (OPS) ৰ ব্যৱস্থা কৰা।‘
‘Ad-hoc Recurring Grant Receving Date ৰ পৰা চাকৰিয়াল গণ্য কৰি অসম সেৱা (পেন্সন) বিধি ১৯৬৯ মতে অৱসৰকালীন গ্ৰেচ্যুইটি, নিয়মীয়া মাহিলি পেন্সন, চিকিৎসা সেৱা আদি প্ৰদান কৰা। চাকৰি কালত মৃত্যুবৰণ কৰা শিক্ষক-কৰ্মচাৰীৰ পৰিয়ালক মৃতকৰ বাকী থকা চাকৰিকালৰ পূৰ্ণ বেতন প্ৰদান কৰা। ফেমেলী পেন্সনৰ ব্যৱস্থা কৰা, কোনো অৰ্হতা সম্পন্ন প্ৰাৰ্থীক যোগ্যতাৰ ভিত্তিত চাকৰিত মকৰল কৰা। Last Basic Pay মতে ৫০ শতাংশ পেন্সন ফিক্স কৰি অৱসৰপ্ৰাপ্ত সকলো শিক্ষক-কৰ্মচাৰীক OPS ভূক্ত কৰি মাহিলী পেন্সন দিয়াৰ ব্যৱস্থা কৰা।‘ তেওঁলোকৰ অন্যান্য দাবীসমূহ জনাই শইকীয়াই সংবাদমেলত এইদৰে কয়।
তেওঁলোকৰ উপৰোক্ত দাবীসমূহ পূৰণ কৰিবলৈ শিক্ষামন্ত্ৰী গৰাকীক তেওঁলোকে উক্ত সংবাদমেলৰ জৰিয়তে আহ্বান জনায়।