পুনৰবাৰ ৰাহুল গান্ধীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ‘মোদীৰ বিৰোধিতা কৰিলেই সন্ত্ৰাসবাদীৰ মোহৰ পৰে। মোহন ভাগৱতেও মোদীৰ বিৰোধিতা কৰিলে তেওঁক সন্ত্ৰাসবাদী বুলি কোৱা হ’ব।‘
এনেদৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনাৰ লক্ষ্য কৰি ল’লে ৰাহুল গান্ধীয়ে। মোদীৰ শাসনত দেশত গণতন্ত্ৰক হত্যা কৰা হৈছে বুলিও অবিযোগ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।
কেন্দ্ৰৰ কৃষি আইনৰ বিৰুদ্ধে বিৰোধীসকল সৰৱ হৈ পৰিছে। আন আন বিৰোধী দলৰ লগতে কংগ্ৰেছেও কৃষি আইন সন্দৰ্ভত কেন্দ্ৰৰ বিৰোধিতাৰে সৰৱ হৈ পৰিছে কংগ্ৰেছ।
বৃহস্পতিবাৰে কেন্দ্ৰৰ কৃষি আইনৰ প্ৰতিবাদত ৰাষ্ট্ৰপতি ভৱনলৈ যাত্ৰা কৰিছিল কংগ্ৰেছে। এই আইনৰ বিৰোধিতাৰে ২কোটি স্বাক্ষৰ সংগ্ৰহ কৰিছে কংগ্ৰেছে।
সামাৰক পত্ৰ লৈ কংগ্ৰেছে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ভৱনলৈ প্ৰতিবাদ কৰি যাত্ৰা কৰিছিল। কিন্তু ৰাষ্ট্ৰপতি ভৱন পোৱাৰ পূৰ্বেই কংগ্ৰেছৰ প্ৰতিবাদী যাত্ৰা আৰক্ষীয়ে বন্ধ কৰি দিয়ে।
আৰক্ষীয়ে প্ৰিয়ংকা গান্ধীকে ধৰি বহুকেইগৰাকী কংগ্ৰেছ নেতাক আটক কৰে।