বোকাখাত জিলা চুতীয়া জাতি সন্মিলন আৰু বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত আজি বোকাখাতৰ সতী সাধনী ভৱনত কৃতীমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ বাবে এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়।
অনুষ্ঠানত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বোকাখাত মহকুমাৰ চুতীয়া জনগোষ্ঠীৰ মুঠ ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীক একোটাকৈ গছৰ পুলি, ফুলাম গামোছা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।
বোকাখাত জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি প্ৰতাপ চন্দ্ৰ বৰাৰ পৌৰাহিত্যত অনুষ্ঠিত আৰু সম্পাদক প্ৰশান্ত শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱাই।
অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট লেখিকা সুৱৰ্ণ শইকীয়া বৰদলৈয়ে। উদ্দেশ্য বাখ্যা কৰি বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক লাচিত কাকতীয়ে ক’ভিড-১৯ ৰ সংক্ৰমণৰ পটভূমিত স্থগিত ৰখা এই অনুষ্ঠান আজি অনুষ্ঠিত কৰা বুলি জনায়।
নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰে বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক জ্যেষ্ঠ সাংবাদিক উত্তম শইকীয়াই।
অনুষ্ঠানত চুতীয়া জাতি সন্মিলনৰ উপদেষ্টা অন্নদা শইকীয়া, প্ৰৱীন সাংবাদিক ভৱেশ শইকীয়া, মহিলা সন্মিলনৰ চন্দ্ৰপ্ৰভা ডেকা শইকীয়া, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পৰাগ শইকীয়া, প্ৰবীন শিক্ষক গোলোক বৰা আৰু অতুল হাজৰিকাৰ লগতে গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ৰিতু শইকীয়া, গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক সুভাষ শইকীয়াৰ উপৰি দুয়োটা সংগঠনৰ বিষয়-ববীয়াও উপস্থিত থাকে।
সভাৰ শেষত ছাত্ৰ সংগঠনটোৰ সভাপতি মন্টু শইকীয়াই অনুষ্ঠানৰ সফলতাৰ বাবে সকলোকে ধন্যবাদ জনায়।