দিল্লী কৃষক বিদ্ৰোহলৈ সমৰ্থন আগবঢ়াইছে দেশৰ বিশিষ্ট গান্ধীবাদী সামাজিক কৰ্মী আন্না হাজাৰেই।
২৮ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ নিজ গাঁও ৰালেগান সিদ্ধিৰ পৰা প্ৰকাশ কৰা এক ঘোষণাত বিশিষ্ট গান্ধীবাদী সমাজকৰ্মীজনে কয় যে অহা মাহৰ পৰা দিল্লীত কৃষক আন্দোলনৰ সমৰ্থনত তেওঁ আন্দোলনত আৰম্ভ কৰিব।
উল্লেখ্য ইয়াৰ পূৰ্বে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টুমৰলৈ প্ৰেৰণ কৰা পত্ৰত আন্না হাজাৰেই লিখিছিল যে এম এছ স্বামীনাথন আয়োগৰ পৰামৰ্শসমূহ কেন্দ্ৰ চৰকাৰে ৰূপায়ণ নকৰিলে তেওঁ অনশন আৰম্ভ কৰিব।
আন্নাৰ মতে স্বামীনাথন আয়োগৰ পৰামৰ্শসমূহ কেন্দ্ৰই ৰূপায়ণ কৰিলেহে দেশত কৃষকৰ আত্মহত্যা বন্ধ হ’ব।
আন্নাই পাচলি, ফল-মূলৰ লগতে গাখীৰো ন্যূনতম সমৰ্থন নিৰ্ধাৰণ কৰাৰ দাবী জনাইছে।
শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষি আইন বাতিলৰ দাবীত দিল্লী সীমান্তৱৰ্তী সংযোগী অঞ্চলসমূহত এমাহৰো অধিক দিন নিৰন্তৰভাৱে দেশৰ কৃষকসকলে আন্দোলন অব্যাহত ৰাখিছে।
কৃষক আন্দোলনলৈ সমৰ্থন ঘোষণা কৰি দিল্লীত আন্দোলন আৰম্ভ কৰাৰ কথা ঘোষণা কৰাৰ পিছতে কৃষক আন্দোলনে এক নতুন মাত্ৰা লাভ কৰিব বুলি ধাৰণা কৰা হৈছে।
অৱশ্যে আগন্তুক মাহৰ কোন তাৰিখৰ পৰা দেশৰ বিশিষ্ট গান্ধীবাদী সমাজকৰ্মী গৰাকীয়ে আন্দোলন আৰম্ভ কৰিব সেয়া এতিয়াও ঘোষণা কৰা নাই।