• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

মুখ্য নিৰ্বাচন আয়ুক্ত সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ আজিৰ অন্ত পৰিছে। অহা সপ্তাহত পুনৰ উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ’ব শুনানি।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 5, 2026 2:11 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ চাঞ্চল্যকৰ প্ৰতিবেদনত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে। মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে একপক্ষীয় সিদ্ধান্ত লোৱাৰ অভিযোগত আজি উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হয়। জ্ঞানেশ কুমাৰৰ গোচৰত উচ্চতম ন্যায়ালয়ে কয় যে, “নিৰ্বাচন আয়োগৰ সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে হ’ব লাগে, সংখ্যাগৰিষ্ঠ মতামত অনুসৰি নহয়”।

জ্ঞানেশ কুমাৰক অপসাৰণৰ বাবে দাখিল কৰা গোচৰত উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক জাননী জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ে মুখ্য নিৰ্বাচন আয়ুক্তৰ নেতৃত্বত আয়োগৰ সিদ্ধান্ত সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ আৰু আয়োগক জাননী জাৰি কৰিব পাৰে।

মুখ্য নিৰ্বাচন আয়ুক্ত সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ আজিৰ অন্ত পৰিছে। অহা সপ্তাহত পুনৰ উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ’ব শুনানি।

Apply Now

বাতৰি অনুসৰি, কোনো নিৰ্দেশ নিদিয়ে বুলি উচ্চতম ন্যায়ালয়ে জানিবলৈ দিয়ে। শুনানিৰ আৰম্ভণিতে চি ই চিক বৰ্খাস্ত কৰাৰ দাবী তোলে অধিবক্তা বিকাশ সিঙে। উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন, ‘নিৰ্বাচন আয়োগে কেনেদৰে কাম কৰিব?’

অধিবক্তা বিকাশ সিঙে “দুজন নিৰ্বাচন আয়ুক্তই কাম কৰিব পাৰে”, বুলি উচ্চতম ন্যায়ালয়ত যুক্তি আগবঢ়োৱাত আদালতে কয় যে আপোনাৰ আবেদন আমি পৰীক্ষা কৰিব লাগিব। অধিবক্তা বিকাশ সিঙে অনুৰোধ জনায় ” কিবা অন্তৱৰ্তীকালীন আদেশ দিয়ক, কেইবাটাও স্থানত নিৰ্বাচন আহি আছে।”

এই গোচৰৰ শুনানি গ্ৰহণ কৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনৰ বিচাৰপীঠে। তেওঁৰ বিৰুদ্ধে বিচাৰ বিভাগীয় তদন্তৰ দাবী জনোৱা হৈছে। ইয়াৰ সমান্তৰালকৈ নিৰ্বাচন আয়োগৰ বৈঠকৰ ৰেকৰ্ড তলব আৰু তদন্তৰ সময়ত জ্ঞানেশ কুমাৰক চি ই চিৰ কৰ্তব্যৰ পৰা অঁতৰাই ৰাখিবলৈ অনুৰোধ জনোৱা হৈছে।

দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন পোহৰলৈ অহাৰ পিছত ২৫ ছেপ্টেম্বৰত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা হয়। এগৰাকী অধিবক্তাই মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে অপৰাধমূলক ব্যৱস্থা গ্ৰহণৰ দাবীত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে।

উচ্চতম ন্যায়ালয়ত দাখিল কৰা আৱেদনত জ্ঞানেশ কুমাৰে এছ আই আৰ প্ৰক্ৰিয়াত নিজৰ সাংবিধানিক কৰ্তব্য উলংঘা কৰা বুলি উল্লেখ কৰে। অভিযোগ উত্থাপন হৈছে যে জ্ঞানেশ কুমাৰে নিৰ্বাচন আয়ুক্ত দুজনৰ সন্মতি অবিহনে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই আৱেদনখনত এই সিদ্ধান্ত আৰু নিৰ্দেশনাসমূহ বাতিল ঘোষণা কৰাৰ দাবী কৰা হৈছে।

২৯ ছেপ্টেম্বৰত তেওঁৰ নেতৃত্বত নিৰ্বাচন আয়োগে আন দুজন নিৰ্বাচন আয়ুক্তৰ অনুমোদন অবিহনে সিদ্ধান্ত লোৱা প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই পিআইএল দাখিল কৰা হৈছিল বুলি দ্য ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ পাইছে।

পাটনাৰ বাসিন্দা ৰাকেশ কুমাৰ সিঙে দাখিল কৰা এই পিআইএলত ক্ষিপ্ৰ শুনানিৰ বাবে আবেদন জনাই অধিবক্তা বিকাশ সিঙে কয় যে একাধিক নিৰ্বাচন আয়ুক্ত থকাৰ উদ্দেশ্য হৈছে যাতে সকলো সিদ্ধান্ত একমত বা সংখ্যাগৰিষ্ঠ মতামতৰ ভিত্তিত লোৱা হয়। নিৰ্বাচন আয়োগৰ কাম-কাজৰ ধৰণে এই সিদ্ধান্তসমূহ সৰ্বসন্মতিক্ৰমে লোৱা হৈছে নে নাই সেই লৈ সন্দেহৰ সৃষ্টি কৰিছে। যদিহে সিদ্ধান্তসমূহ সহমতৰ ভিত্তিত লোৱা হোৱা নাছিল, তেন্তে সেয়া এক গুৰুতৰ বিষয়। তদন্ত কৰা হওক যে মুখ্য নিৰ্বাচন আয়ুক্তই একপক্ষীয়ভাৱে কোনো ক্ষমতা প্ৰয়োগ কৰিছে নেকি যিটো আইনগতভাৱে সমগ্ৰ নিৰ্বাচন আয়োগৰ হাতত আছে। যদি আছে, তেন্তে সেই কাৰ্য্যসমূহ অকৰ্তৃত্বশীল বুলি ঘোষণা কৰিব লাগে। ইয়াৰ সমান্তৰালকৈ উচ্চতম ন্যায়ালয়ক উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনোৱা হয়।

২৯ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়েত দাখিল কৰা জনস্বাৰ্থৰ গোচৰৰ আবেদনত লগতে কোৱা হৈছে যে আবেদনৰ চূড়ান্ত শুনানি নোহোৱালৈকে জ্ঞানেশ কুমাৰে যাতে মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাম নকৰে সেই মৰ্মে নিৰ্দেশ দিব লাগে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd