• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি কৰিলে অসম ৰাজ্যিক চিৰিয়াখানা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2020 6:47 pm
1.3k
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা অসম ৰাজ্যিক চিৰিয়াখানা ও উদ্ভিদ উদ্যানখন আজি দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি কৰা হয়।

ৰাজ্যৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কেইবাগৰাকীও জ্যেষ্ঠ বনবিষয়াৰ উপস্থিতিত আনুষ্ঠানিকভাৱে চিৰিয়াখানাখন মুকলি কৰে।

উল্লেখ্য যে, ক’ভিড-১৯ৰ ভয়াৱহ পৰিস্থিতিৰ ফলত দেশজুৰি হোৱা লকডাউনৰ পৰাই বন্ধ হৈ আছিল গুৱাহাটীস্থিত চিৰিয়াখানাখন।

চিৰিয়াখন পুনৰ মুকলি কৰা অনুষ্ঠানৰ ছবি শ্বেয়াৰ কৰি মন্ত্ৰী শুক্লবৈদ্যই টুইটাৰত লিখে যে কেৱল অনলাইনযোগেহে টিকট বুকিং কৰিব পাৰিব।

দৰ্শনাৰ্থীসকলে assamstatezoo.in যোগে টিকট বুক কৰিব পাৰিব।

Formally opened the @assamzoo today in presence of senior forest officials post lockdown.Ticketing system has been made completely online by booking through https://t.co/K2jr5Wa1ce
Visitors can step in & enjoy this flora & fauna hotspot from 2nd Jan,2021. pic.twitter.com/arhnWWUYS9

— Parimal Suklabaidya (@ParimalSuklaba1) December 31, 2020

উল্লেখ্য যে দৰ্শনাৰ্থীসকলে অহা ২ জানুৱাৰিৰ পৰাহে চিৰিয়াখানাৰ জীৱ-জন্তু তথা ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব বুলি মন্ত্ৰীজনে টুইটাৰত উল্লেখ কৰে।

ইয়াৰ পূৰ্বে চিৰিয়াখানাখন ১ ডিচেম্বৰৰ পৰা মুকলি কৰাৰ পৰিকল্পনা কৰিছিল যদিও ক’ৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কৰ্তৃপক্ষই এই সিদ্ধান্ত বাতিল কৰিছিল।

ৰাজ্যিক চিৰিয়াখানা পুনৰ মুকলি সন্দৰ্ভত ইয়াৰ মাণ্ডলিক বন বিষয়া (ডি এফ অ’) তেজাছ মৰিস্বামীয়ে নিৰ্দিষ্ট মান তথা প্ৰচলন প্ৰক্ৰিয়া (এছ ও পি) জাৰি কৰা বুলি জনায়।

ক’ৰ’না সংক্ৰমণ ৰোধৰ বাবে ক’ভিড সম্পৰ্কীয় সকলো নীতি-নিৰ্দেশনাসমূহ মানি চলা হ’ব বুলিও বন বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

তেওঁ লগতে জানিবলৈ দি কয় যে এদিনত ১০০০ জনহে দৰ্শনাৰ্থীক প্ৰৱেশ কৰিব দিয়া হ’ব।

দৰ্শনাৰ্থীৰ লগতে চিৰিয়াখানাৰ কৰ্মচাৰীয়ে মাস্ক পৰিধান কৰা, চেনিটাইজাৰ ব্যৱহাৰ আৰু সামাজিক দূৰত্ব মানি চলিব লাগিব বুলিও জনাই ডি এফ অ’ গৰাকীয়ে।

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd