মহাৰাষ্ট্ৰৰ নাগপুৰত এগৰাকী পত্নীয়ে স্বামীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি তেওঁৰ স্বামী গৌৰৱ ৰাগডেক পৰকীয়া প্ৰেমত আপত্তি কৰাৰ বাবে হত্যা কৰা হৈছিল। প্ৰায় ছমাহ ধৰি পলাতক হৈ থকাৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ২৯ বছৰীয়া দীপালী ওৰফে বালি বিজয় ছালুংকেক। অভিযোগ অনুসৰি প্ৰেমিক হৃষিকেশ খোড়ে আৰু তেওঁৰ কেইজনমান বন্ধুৰ সৈতে মিলি গৌৰৱক আক্ৰমণ কৰিছিল।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, পেছাত অটোৰিক্সা চালক গৌৰৱ নাগপুৰৰ আজনি অঞ্চলৰ বাসিন্দা আছিল। দীপালীৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ পিছতে দুয়োৰে বিয়া হৈছিল। কিন্তু পিছত হৃষিকেশ খোড়েৰ সৈতে দীপালীৰ ঘনিষ্ঠতা গঢ় লৈ উঠা বুলি অভিযোগ উত্থাপন হৈছে।
আৰক্ষীয়ে দাবী কৰিছে যে গৌৰৱে পত্নীৰ বিবাহ বহিৰ্ভূত প্ৰেমৰ কথা জানিব পাৰি আপত্তি কৰিছিল। এই বিষয়টোক লৈ দুয়োৰে মাজত কেইবাবাৰো তৰ্ক-বিতৰ্কও হয়। ইয়াৰ পিছত দীপালীয়ে স্বামীৰ ঘৰ এৰি সুকীয়াকৈ থাকিবলৈ ধৰে।
২০ আগষ্টৰ দুপৰীয়া গৌৰৱে দেউতাকক ফোন কৰি কয় যে তেওঁ নাগপুৰৰ নৰেন্দ্ৰ নগৰলৈ গৈ দীপালী আৰু হৃষিকেশৰ লগত কথা পাতি বিষয়টো নিষ্পত্তি কৰিবলৈ গৈ আছে। তাতেই তেওঁক আক্ৰমণ কৰা বুলি আৰক্ষীৰ তদন্তত জানিব পৰা গৈছে।
আৰক্ষীৰ সূত্ৰই দাবী কৰিছে যে যেতিয়া গৌৰৱ তাত উপস্থিত হয় তেতিয়া হৃষিকেশ কেইজনমান বন্ধুৰ সৈতে আছিল। প্ৰথমে তৰ্ক কৰিবলৈ আৰম্ভ কৰে। গৌৰৱৰ পৰিয়ালৰ অভিযোগ যে সেই সময়ত ঘটনাস্থলীত দীপালীও উপস্থিত আছিল।
দীপালীৰ নিৰ্দেশত গৌৰৱক ছুৰীৰে আক্ৰমণ কৰা বুলি পৰিয়ালৰ দাবী। উপৰ্যুপৰি আঘাতত তেওঁ গুৰুতৰভাৱে আহত হয়। স্থানীয় ৰাইজৰ সহযোগত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
ঘটনাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল দীপালি। কোৱা আৰক্ষীয়ে তেওঁক বিচাৰি আছিল। প্ৰায় ছমাহ ধৰি আৰক্ষীৰ পৰা পলায়ন কৰাৰ পিছত শনিবাৰে দীপালীক গ্ৰেপ্তাৰ হয়। আৰক্ষীয়ে জনোৱা মতে, তেওঁক সোধা-পোছা কৰা হৈছে।
থানে ক্ৰাইম ব্ৰাঞ্চৰ জ্যেষ্ঠ বিষয়া শৈলেশ ছালভিয়ে দাবী কৰা মতে, দীপালীয়ে জেৰাৰ সময়ত এই ঘটনাত নিজৰ ভূমিকা স্বীকাৰ কৰে। অৱশ্যে তেওঁৰ স্বীকাৰোক্তিৰ লগতে তদন্তৰ সময়ত হাতলৈ অহা অন্যান্য তথ্য আৰু প্ৰমাণো পৰীক্ষা কৰা হৈছে।
গ্ৰেপ্তাৰ হোৱাৰ পিছতে অভিযুক্ত মহিলাগৰাকীক নাগপুৰৰ বেলতাৰোডী আৰক্ষীক গতাই দিয়ে। এই হত্যাকাণ্ডৰ লগত আৰু কোন জড়িত আছিল আৰু সমগ্ৰ আক্ৰমণৰ পৰিকল্পনা কেনেকৈ কৰা হৈছিল সেই বিষয়ে জানিবলৈ তদন্ত অব্যাহত আছে।


