• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

চিজেপি নেতাগৰাকীয়ে লগতে অভিযোগ কৰে যে আদালতৰ এই ভূমিকাই নৱ প্ৰজন্মৰ ভোটাধিকাৰ আৰু ৰাজ্যৰ নিৰ্বাচনী প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পাৰে। তেওঁ দাবী কৰে যে সাধাৰণ জনতাৰ দৃষ্টিত উচ্চতম ন্যায়ালয়ৰ বিশ্বাসযোগ্যতা ইতিমধ্যে ম্লান হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 5, 2026 11:48 am
চিজেপিৰ নেতা তথা মুখপাত্ৰ সৌৰভ দাস। ফটোঃ সংগ্ৰহীত।

চিজেপিৰ নেতা তথা মুখপাত্ৰ সৌৰভ দাস। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ ভূমিকাক লৈ পুনৰ প্ৰশ্ন উত্থাপন কৰিছে ককৰোচ জনতা পাৰ্টি বা চিজেপিয়ে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মলা বাগচীৰ নাম উল্লেখ কৰি উচ্চতম ন্যায়ালয়ৰ কাম-কাজ সন্দৰ্ভত ইটোৰ পিছত সিটো প্ৰশ্ন উত্থাপন কৰিছে চিজেপিৰ বিষয়ববীয়া সৌৰভ দাসে।

তেওঁ অভিযোগ কৰে যে পশ্চিম বংগ আৰু বিহাৰৰ নিৰ্বাচনী তালিকা শুধৰণিৰ বাবে বিশেষ ব্যাপক পুনৰীক্ষণ (SIR) প্ৰক্ৰিয়াক অনুমতি দিয়াৰ ক্ষেত্ৰত আদালতৰ ভূমিকাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। আনকি যুৱক-যুৱতীসকলৰ ভোটাধিকাৰ কাঢ়ি লোৱাৰ প্ৰক্ৰিয়াত আদালতে পৰোক্ষভাৱে ভূমিকা গ্ৰহণ কৰা বুলিও তেওঁ অভিযোগ কৰে।

দেওবাৰে ছ’চিয়েল মিডিয়াত দিয়া বিবৃতিত সৌৰভ দাসে কয় যে মুখ্য ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মলা বাগচীয়ে পশ্চিমবংগ আৰু বিহাৰত এছ আই আৰ প্ৰক্ৰিয়াটো বাধাহীনভাৱে চলি থাকিবলৈ অনুমতি দিছিল। তেওঁ অভিযোগ কৰে যে, প্ৰয়োজনীয় গোচৰসমূহ সময়মতে শুনানি নোহোৱাৰ বাবে ভোটাধিকাৰ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ শীঘ্ৰে সমাধান নহ’ল।

Apply Now

চিজেপি নেতাগৰাকীয়ে লগতে অভিযোগ কৰে যে আদালতৰ এই ভূমিকাই নৱ প্ৰজন্মৰ ভোটাধিকাৰ আৰু ৰাজ্যৰ নিৰ্বাচনী প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পাৰে। তেওঁ দাবী কৰে যে সাধাৰণ জনতাৰ দৃষ্টিত উচ্চতম ন্যায়ালয়ৰ বিশ্বাসযোগ্যতা ইতিমধ্যে ম্লান হৈছে। ভৱিষ্যতে আদালতে দিয়া যিকোনো আদেশ মানুহে কিমান আস্থাৰে গ্ৰহণ কৰিব তাকলৈও তেওঁ প্ৰশ্ন উত্থাপন কৰে।

সৌৰভে কেৱল এছ আই আৰ নহয়, দেশৰ কেইবাটাও সাংবিধানিক আৰু ৰাজনৈতিক সংকটৰ বিষয়ো উত্থাপন কৰিছে। তেওঁ দাবী কৰে যে মহাৰাষ্ট্ৰ চৰকাৰৰ পতন, ৰাজনৈতিক দল বিভাজন, দিল্লীৰ সাংবিধানিক সংকটৰ দৰে প্ৰয়োজনীয় গোচৰৰ শুনানি সময়মতে হোৱা নাছিল।

তেওঁ লগতে এই সকলোবোৰ ঘটনাৰ পৰা বিজেপি লাভৱান হোৱা বুলিও অভিযোগ উত্থাপন কৰে। অৱশ্যে প্ৰতিবেদনত তেওঁৰ অভিযোগৰ সমৰ্থনত কোনো আদালতৰ সিদ্ধান্ত বা স্বতন্ত্ৰ প্ৰমাণৰ উল্লেখ কৰা হোৱা নাই। ফলত সদ্যহতে বিষয়টো চিজেপি নেতাগৰাকীৰ ৰাজনৈতিক বক্তব্য হিচাপে বিবেচিত হৈছে।

সৌৰভৰ এই আক্রমণ এনে সময়তে ঘটিছে যি সময়ত আজি ৫ অক্টোবৰত মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰসমূহৰ শুনানি উচ্চতম ন্যায়ালয়ত চলি আছে৷ আয়োগৰ কাম-কাজ আৰু মুখ্য নির্বাচন আয়ুক্তই অকলে নিজৰ ক্ষমতা ব্যৱহাৰ কৰিছে নে নাই সেই সন্দর্ভতো প্রশ্ন উত্থাপন হৈছে৷

প্রতিবেদনত মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মলা বাগচী আৰু ন্যায়াধীশ ভি মোহনৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰিব পাৰে বুলি উল্লেখ কৰিছে। পাটনাৰ বাসিন্দা ৰাকেশ কুমাৰ সিঙে জনস্বাৰ্থৰ গোচৰ (পিআইএল) দাখিল কৰি জানিব বিচাৰিছে যে মুখ্য নিৰ্বাচন আয়ুক্তই আইন অনুসৰি সমগ্ৰ আয়োগৰ ক্ষমতা অকলেই ব্যৱহাৰ কৰিব পাৰেনে?

চিজেপি আৰু উচ্চতম ন্যায়ালয়ৰ মাজত সৃষ্টি হোৱা বিবাদ নতুন নহয়। ইয়াৰ পূৰ্বেও সৌৰভ দাসে ছাত্ৰ আন্দোলন আৰু ইয়াক কেন্দ্ৰ কৰি দাখিল কৰা গোচৰত আদালতৰ স্থিতি সন্দৰ্ভত ৰাজহুৱাভাৱে সৰৱ হৈছে। জুলাই মাহতো প্ৰতিবাদকাৰীৰ বিৰুদ্ধে এফআইআৰ, আৰক্ষীৰ ভূমিকা আৰু তদন্তক লৈ চিজেপিৰ সৈতে আদালতৰ সংঘাত হৈছিল। পৰৱৰ্তী সময়ত ছেপ্টেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে ছাত্ৰ আন্দোলনৰ সৈতে জড়িত কেইবাটাও এফআইআৰ খাৰিজ কৰাৰ নিৰ্দেশ দিছিল।

ফলত নতুনকৈ মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশ বাগচীক লক্ষ্য কৰি লোৱাত বিতৰ্ক আৰু অধিক বৃদ্ধি পাইছে। গণতন্ত্ৰত আদালতক লৈ ৰাজনৈতিক সমালোচনা অস্বাভাৱিক নহয়। কিন্তু যেতিয়া ন্যায়াধীশসকলৰ বিৰুদ্ধে কোনো নিৰ্দিষ্ট অভিযোগ উত্থাপন হয় তেতিয়া প্ৰমাণৰ প্ৰশ্নটোও চৰ্চালৈ আহে। ফলত সৌৰভৰ মন্তব্যক কেন্দ্ৰ কৰি প্ৰতি ৰাজনৈতিক আৰু আইনী বিতৰ্ক আৰম্ভ হোৱাৰ প্ৰবল সম্ভাৱনা আছে।

যি সময়ত দেশজুৰি এছ আই আৰ, নিৰ্বাচন আয়োগৰ ভূমিকা আৰু ন্যায়পালিকাৰ নিৰপেক্ষতাক লৈ আলোচনা চলি আছে, সেই সময়ত উচ্চতম ন্যায়ালয়ৰ কাম-কাজত চি জে পিৰ প্ৰত্যক্ষ আক্ৰমণে পৰিস্থিতি আৰু অধিক উত্তপ্ত কৰি তুলিছে।

এতিয়া ৫ অক্টোবৰৰ হ’বলগীয়া শুনানিৰ ওপৰত দৃষ্টি ৰখা হৈছে। এই বিতৰ্কে কি দিশত আগবাঢ়িব সেয়া আদালতৰ পৰৱৰ্তী স্থিতি কি হ’ব তাৰ ওপৰত বহুলাংশে নিৰ্ভৰ কৰিব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am
ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am
কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

October 5, 2026 8:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd