• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যুদ্ধপ্ৰিয় বোৰ্ডাৰ গাৰ্ড বাংলাদেশৰ গুলিত মৃত্যু নিৰপৰাধী ভাৰতীয় গাঁওবুঢ়াৰ, সীমান্তত উত্তেজনা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 1, 2021 6:47 pm
279
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰীয়া জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত বোৰ্ডাৰ গাৰ্ড বাংলাদেশৰ জোৱানে এগৰাকী নিৰপৰাধী ভাৰতীয় গাঁওবুঢ়াক হত্যা কৰাক কেন্দ্ৰ কৰি সীমান্তত উত্তেজনাই বিৰাজ কৰিছে।

মেঘালয়ৰ ৰুধাগ্ৰে গাঁৱৰ গাঁওবুঢ়া থেদিয়ন মোমিনক ২৮ ডিচেম্বৰত বিজিবিৰ জোৱানে গুলিয়াই হত্যা কৰে।

মোমিনক দক্ষিণ গাৰো পাহাৰীয়া জিলাৰ গাচুৱাপাৰ অঞ্চলৰ ন’ মেনছ লেণ্ডত গুলিয়াই হত্যা কৰা হয়।

ভাৰত-বাংলাদেশ সীমান্তত থকা পাচলিৰ বাগিচাত গাঁওবুঢ়া থেদিয়নক অন্তিমবাৰৰ বাবে ২৮ ডিচেম্বৰৰ আবেলি ৪.৩০ মান বজাত দেখা গৈছিল।

মোমিনৰ পাচলিৰ বাগিচা সীমান্ত অঞ্চলৰ জিৰো পইণ্টলৈ আছিল আৰু কিছু পৰিমানে সীমান্ত পাৰ হৈয়ো আছিল বুলি স্থানীয় লোকে উল্লেখ কৰে।

ভাৰতীয় পথো বোৰ্ডাৰ ফেন্সিৰ সিপাৰে বহু ঠাই জুৰি আছে।

‘‘থেদিয়নে নিজৰ দুচকীয়া বাহনেৰে নিজৰ পাচলিৰ বাগিচালৈ গৈছিল আৰু উভতি নাহিল,’’ বিজিবি জোৱানে শীতল মস্তিষ্কৰে থেদিয়নক হত্যা কৰা বুলি অভিযোগ তুলি স্থানীয় লোকে এইদৰে কয়।

থেদিয়নৰ মৃত্যুৰ পাছতে বিজিবিয়ে এক বিজ্ঞপ্তি জাৰি কৰি থেদিয়নক ড্ৰাগছ সৰবৰাহকাৰী আখ্যা দিয়ে আৰু গুলিয়াগুলিত তেওঁৰ মৃত্যু হোৱা বুলি কয়।

লেফটেনেণ্ট কৰ্নেল থৌহিদ মহম্মদ আৰু বিজিবিৰ মৈমনসিং চেক্টৰৰ কামাণ্ডৰে দাবী কৰা অনুসৰি নিশা হালুৱাঘাট উপজিলাৰ সীমান্তৰে এটা ড্ৰাগছ সৰবৰাহকাৰীৰ দলে বাংলাদেশত প্ৰৱেশৰ চেষ্টা চলাইছিল।

আনহাতে, সৰবৰাহকাৰীৰ দলটোৱে বিজিবিক উদ্দেশ্যে কৰি চোঁকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল আৰু আত্মৰক্ষাৰ বাবে বিজিবিয়ে গুলিচালনা কৰিবলগীয়া হৈছিল বুলি কয়।

এই গুলিচালনাৰ ঘটনাত থেদিয়ন মোমিনৰ ঘটনাস্থলীতে মৃত্যু হয় বুলি বিজিবিয়ে উল্লেখ কৰে আৰু পৰৱৰ্তী সময়ত তেওঁৰ মৃতদেহ মৈমনসিং চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় বুলি কয়।

কিন্তু বিজিবিৰ আন এক ভাষ্য পৰস্পৰ স্ববিৰোধী। বিজিবিৰ গোবৰকুৰা কেম্পৰ কামাণ্ডাৰ ওমৰ ফাৰুকৰ ভাষ্য অনুসৰি সুৰজপুৰ বোৰ্ডাৰ আউট পোষ্টৰ জোৱানে সন্দেহযুক্ত সৰবৰাহকাৰীৰ সৈতে গুলিয়াগুলিত লিপ্ত হয়।

ফাৰুকে এই সংঘৰ্ষত বিজিবিৰ জোৱানো আঘাতপ্ৰাপ্ত হোৱা বুলি উল্লেখ কৰে।

দক্ষিণ গাৰো পাহাৰীয়া জিলাৰ আৰক্ষী অধীক্ষক পি পাণ্ডে নৰ্থ-ইষ্ট নাওক জনোৱা অনুসৰি তেওঁলোকে বিজিবিৰ দ্বাৰা ভাৰতীয় গাঁওবুঢ়াক হত্যাৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

‘‘থেদিয়নৰ কোনোধৰণৰ অপৰাধমূলক তথ্য নাছিল আৰু তেওঁক কেতিয়াও কোনোধৰণৰ সৰবৰাহৰ ঘটনাৰ সৈতে জড়িত থকা কোনোও দেখা নাই,’’ আৰক্ষী অধীক্ষক গৰাকীয়ে লগতে কয়।

পৰৱৰ্তী সময়ত বিজিবিয়ে মৃত্যু হোৱা থেদিয়নৰ মৃতদেহ বি এছ এফৰ হাতত গটাই দিয়ে।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd