মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিদায় বেলা সমাগত।
বিদায়ৰ পূৰ্বে ট্ৰাম্পে ইৰান, চীন, ভাৰত আদি দেশৰ বিৰুদ্ধে এনে কেতবোৰ কঠোৰ পদক্ষেপ ঘোষণা কৰিছে যিবোৰে আমেৰিকাৰ সৈতে থকা বহু দেশৰ সম্পৰ্ক বিঘ্নিত কৰিছে।
চীনৰ ক্ষতি কৰিব পৰা বহু কেইটা সিদ্ধান্ত গ্ৰহণেৰে ট্ৰাম্পে চীনৰ সৈতে আৰম্ভ কৰিছিল একপ্ৰকাৰৰ শীতল যুদ্ধ।
ট্ৰাম্পৰ বিদায়ৰ ক্ষণত চীনে এতিয়া সেই শীতল যুদ্ধৰ অৱসান বিচাৰিছে।
আজি চীনৰ বিদেশ দপ্তৰৰ মন্ত্ৰী য়ান ইয়ে এইবুলি কয় যে নৱ নিৰ্বাচিত মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেনৰ ওপৰত তেওঁলোকৰ পূৰ্ণ আস্থা আছে।
বিদেনৰ নেতৃত্বতে ট্ৰাম্পে বিনষ্ট কৰা চীন-মাৰ্কিন সম্পৰ্ক পুনৰ প্ৰতিষ্ঠা হ’ব বুলি তেওঁ আশা ব্যক্ত কৰে।
তেওঁ কয় যে চীনক অৱদমন কৰি ৰখাৰ বাবেই ট্ৰাম্পে চীনৰ বিৰুদ্ধে শীতল যুদ্ধ আৰম্ভ কৰিছিল।
ইয়াৰ ফলত দুয়োখন দেশেই ক্ষতিৰ সন্মুখীন হোৱা বুলি তেওঁ উল্লেখ কৰে।
বিদেনৰ উদাৰবাদী নীতিয়ে পুনৰ এই সম্পৰ্কক নতুন ৰূপ দিবলৈ সক্ষম হ’ব বুলি চীনৰ বিদেশ মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে।
উল্লেখ্য ট্ৰাম্পে গ্ৰহণ কৰা পদক্ষেপৰ বাবে চীনে এতিয়া তিব্বতৰ দালাই লামা নিৰ্বাচনৰ ক্ষেত্ৰত পূৰ্বৰ দৰে প্ৰভুত্ব খটুৱাব নোৱাৰিব।
শেহতীয়াকৈ মাৰ্কিন সংসদে গ্ৰহণ কৰিছে Tibetan Policy and Support Act 2020 নামৰ বিশেষ বিধেয়ক খন।
মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আজি সেই বিধেয়কত স্বাক্ষৰ কৰাৰ লগে লগে সেয়া আইনত পৰিণত হৈ পৰিল।
Tibetan Policy and Support Act 2020 আইন খনত স্পষ্ট ভাবে এই কথা উল্লেখ আছে যে তিব্বতৰ দালাই লামা নিৰ্বাচনৰ ক্ষেত্ৰত চীনে এতিয়াৰে পৰা আৰু অধিক প্ৰতাপ খটুৱাব নোৱাৰিব।
আইন খনে দালাই লামা নিৰ্বাচনৰ ক্ষেত্ৰত চীন অথবা বিশ্বৰ আন কোনো দেশৰে প্ৰভূত্ব নৰজিব বুলি উল্লেখ কৰিছে। ফলত আমেৰিকাৰ এই আইন খনকলৈ এতিয়া বিপাঙত পৰিছে চীনৰ প্ৰশাসন।