• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যুৱতীগৰাকীয়ে ১০০দিন ধৰি পিন্ধিছে এযোৰেই পোছাক; অভিলেখ গঢ়ি পালে এই পুৰষ্কাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 9, 2021 11:47 am
girl with one dress for 100days

ছাৰা ৰবিন্স।

193
VIEWS
Share on FacebookShare on Twitter

আপোনাক যদি কোনোবাই সোধে আপুনি এযোৰ পোছাক কিমান দিন ধৰি পিন্ধি থাকিব পাৰিব? স্বাভাৱিকভাৱে, আপুনি হয়তো বৰ বেছি তিনিদিন বুলি উত্তৰ দিব।

কিন্তু ব’ষ্টনৰ ছাৰা ৰবিন্সে এযোৰ পোছাকেই ৩মাহতকৈয়ো অধিক সময় অৰ্থাৎ ১০০দিন পৰ্যন্ত পিন্ধাৰ অভিলেখ সৃষ্টি কৰি বাতৰিৰ শিৰোণামলৈ আহিছে।

ব’ষ্টনত একেৰাহে ১০০দিন ধৰি এযোৰ পোছাকেই পিন্ধা ছাৰা ৰবিন্স কোলে প্ৰতিবাৰে পিন্ধিবলগীয়া পোছাকযোৰ বেলেগ ধৰণে ষ্টাইল কৰি পিন্ধে।

তেওঁ টপটো কেতিয়াবা স্কাৰ্টৰ সৈতে আৰু কেতিয়াবা পেন্টৰ সৈতে পিন্ধে। এইটো তেওঁ এই কাৰণেই কৰে কিয়নো ছাৰাই ২০২০ৰ ছেপ্টেম্বৰত ১০০দিনৰ ড্ৰেছ চেলেঞ্জত অংশ লৈছিল।

দ্য মিৰ’ৰৰ প্ৰতিবেদন অনুসৰি তেওঁ সেই পোছাক পিন্ধি ১০০দিন পৰ্যন্ত নিজৰ সকলো কাম সম্পন্ন কৰে। এইটোৱে তেওঁক আগবাঢ়ি যোৱাৰ বাবে অনুপ্ৰাণিত কৰা বুলিও ছাৰাই জানিবলৈ দিয়ে।

তেওঁ লগতে কয় যে ২০২১ৰ ১জানুৱাৰিৰ পৰা ২০২২ৰ ১জানুৱাৰিলৈকে ছাৰাই কোনো নতুন কাপোৰ বা সামগ্ৰী ক্ৰয় নকৰাৰ সিদ্ধান্ত লৈছে।

ছাৰাই তেওঁৰ আলমাৰীত দম হৈ পৰি থকা কাপোৰবোৰ কেনেকৈ ব্যৱহাৰ কৰিব আৰু অহা দিনকেইটাত কি পিন্ধিব সেয়া ঠিক কৰি আলমাৰীটো খালী কৰাৰ সিদ্ধান্তও লৈছে।

ছাৰাই উক্ত চেলেঞ্জত ভাগ লৈছিল যাতে তেওঁ শেহতীয়া কোনো ফেশ্বন ডিজাইন অবিহনে থাকিব পাৰে আৰু কাপোৰ অধিক ধোৱাৰ ফলত পৃথিৱীৰ হ’ব পৰা ক্ষতি হ্ৰাস কৰাত সহায় কৰিব পাৰে।

১০০ দিনীয় পোছকৰ এই চেলেঞ্জৰ আৰম্ভণি কাপোৰৰ ব্ৰেণ্ড বুল এণ্ড-য়ে কৰিছিল। যিসকলে এই প্ৰতিযোগিতাত ভাগ লৈছিল, তেওঁলোকে বিজয়ী হোৱাৰ পাছত ১০০ আমেৰিকান ডলাৰৰ ভাউচাৰ লাভ কৰে।

এই প্ৰতিযোগিতাৰ লক্ষ্য কেবল এদিনত কেবল এযোৰ পোছাক পিন্ধাৰ অভ্যাস গঢ়ি তোলাই নাছিল বৰঞ্চ ইয়াৰ দ্বাৰা কাপোৰ প্ৰস্তুত কৰাত প্ৰয়োজনীয় শ্ৰম হ্ৰাস কৰা আৰু সেইবোৰ ধোৱাৰ ঝামেলা হ্ৰাস কৰাটোও আছিল।

Recent News

NEET PG 2025: ৩ আগষ্টত এটা শ্বিফটত অনুষ্ঠিত হ’ব পৰীক্ষা

NEET PG 2025: ৩ আগষ্টত এটা শ্বিফটত অনুষ্ঠিত হ’ব পৰীক্ষা

ক্ষিপ্ৰ ন্যায় আৰু সৌহাৰ্দ্যপূৰ্ণ গোচৰ নিষ্পত্তিৰ সুযোগ! শিলচৰত ১৪ জুনত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত

ক্ষিপ্ৰ ন্যায় আৰু সৌহাৰ্দ্যপূৰ্ণ গোচৰ নিষ্পত্তিৰ সুযোগ! শিলচৰত ১৪ জুনত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত

আজি ঈদৰ দিনটোত কিয় কুৰবানী দিয়া হয় জানেনে? হজৰত ইব্ৰাহিমে নিজ পুত্ৰক কুৰবানী দিবলৈ কিয় বিচাৰিছিল?

আজি ঈদৰ দিনটোত কিয় কুৰবানী দিয়া হয় জানেনে? হজৰত ইব্ৰাহিমে নিজ পুত্ৰক কুৰবানী দিবলৈ কিয় বিচাৰিছিল?

নাড্ডাৰ পিছত কোন? বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে চৰ্চাত তিনিগৰাকী জ্যেষ্ঠ নেতাৰ নাম

নাড্ডাৰ পিছত কোন? বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে চৰ্চাত তিনিগৰাকী জ্যেষ্ঠ নেতাৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd