• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘বিজেপিয়ে এবাৰ ৰাইজক মুৰ্খ বনালে, বাৰেপতি তেওঁলোকে মুৰ্খ বনাব নোৱাৰে’; জীতেন্দ্ৰ সিঙ

"বিজেপিৰ আভুৱা ভাঁৰা বাজেট-৫ বছৰীয়া ব্যৰ্থতাৰ দলিল" শীৰ্ষক গ্ৰন্থ উন্মোচন প্ৰদেশ কংগ্ৰেছৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 12, 2021 6:07 pm
bf9eca12-a7b2-4399-9908-6a4cfdf447f0
173
VIEWS
Share on FacebookShare on Twitter

“বিজেপিৰ আভুৱা ভৰা বাজেট-৫ বছৰীয়া ব্যৰ্থতাৰ দলিল” শীৰ্ষক গ্ৰন্থখন উন্মোচনী সভাত উপস্থিত থাকি বৰপেটা সমষ্টিৰ সাংসদ আব্দুল খালেকে বিজেপি চৰকাৰক হত্যাকাৰী চৰকাৰ আখ্যা দিয়ে।

তেওঁ কয় ‘এইখন সাংবাদিক হত্যাকাৰী আৰু হাৰাশাস্তি কৰা চৰকাৰ। এই চৰকাৰখনে মানুহৰ দৃষ্টি আনপিনে ঘুৰাই নিবলৈ বিচাৰে।‘

‘বিজেপিৰ বিৰুদ্ধে অসমৰ ৰাইজ জাগি উঠিছে। সাংবাদিক হত্যাকাৰী চৰকাৰখনক উৎখাত কৰাৰ ক্ষেত্ৰত সাংবাদিকসকলে অসমৰ ৰাইজক সহায় কৰিব লাগে।‘ খালেকে লগতে কয়।

ইপিনে, তৰুণ গগৈৰ চৰকাৰৰ দিনত এজনো সাংবাদিক গ্ৰেপ্তাৰ হোৱা নাছিল বুলি দাবী কৰি খালেকে লগতে কয় ‘এই চৰকাৰখনে সাংবাদিকসকলক অ’ত-ত’ত নিৰ্যাতন চলোৱা আৰম্ভ কৰিলে। ছিণ্ডিকেটৰ বিৰুদ্ধে মাত মতাজনক জেইলত ভৰোৱা হ’ল, পৰাগ ভূঞাক হত্যা কৰা হ’ল যদিও সুবিচাৰ এই পৰ্যন্ত নহ’ল।‘

তদুপৰি, বিজেপি চৰকাৰখনে পৰিৱৰ্তনৰ শ্লোগানৰে তেওঁলোকে শাসনৰ গাদী দখল কৰিছিল যদিও তেওঁলোকৰ পৰা ৰাইজে এতিয়া পৰিত্ৰাণ বিচাৰিছে বুলি উল্লেখ কৰে খালেকে।

তেওঁ লগতে ‘বিজেপি চৰকাৰ ফাঁকিবাজৰ চৰকাৰ।‘ বুলি দাবী কৰি লগতে কয় ‘তেওঁলোকে এক্সপ্ৰেছ হাইৱেৰ কথা কৈছিল। কিন্তু সদনত মই কৰা এক প্ৰশ্নত উত্তৰ আহিল যে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ ৰাজ্য চৰকাৰে কোনো ধৰণৰ প্ৰস্তাৱেই প্ৰেৰণ কৰা নাই।‘

ইপিনে, বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ পালন কৰিব পৰা নাই বুলি উল্লেখ কৰি খালেকে লগতে কয় ‘উন্নয়নৰ প্ৰশ্নত ভোট হ’লে তেওঁলোক যে জিকিব নোৱাৰে। সেয়েহে তেওঁলোকে কেনেকৈ মেৰুকৰণ কৰিব পাৰে তাৰ ওপৰতহে জোৰ দিছে।‘

ইপিনে, উপৰোক্ত গ্ৰন্থখন উন্মোচন কৰি প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক তথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে কয় ‘অসমৰ জনতাই বিজেপিৰ ভিজন ডকুমেন্টক এতিয়া বিনাশ ডকুমেন্ট বুলি ক’ব বিচাৰে। কিয়নো তেওঁলোকে ভিজন ডকুমেন্ট বা বাজেটত উল্লেখ কৰা একো প্ৰতিশ্ৰুতিয়েই এতিয়ালৈকে পূৰণ কৰা নাই।‘

‘নিৰ্বাচন অহাৰ বাবে এতিয়া বিজেপিৰ মুখ্যমন্ত্ৰী, চুপাৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকল দৌৰিবলৈ আৰম্ভ কৰিছে। নিৰ্বাচন অহাৰ লগে লগে আধাৰশিলা নিৰ্মাণ আৰম্ভ কৰিছে, ঘোষণা কৰিছে, স্কুল নিৰ্মাণৰ কাম আৰম্ভ কৰিছে, স্কুটী দিবলৈ আৰম্ভ কৰিছে। ক’ৰবাত তেওঁলোকে ধনো বিলাইছে, মোবাইল ফোন বিতৰণ কৰিছে।‘ বিজেপি চৰকাৰৰ নেতা মন্ত্ৰীক সমালোচনা কৰি সিঙে লগতে কয়।

ইপিনে, কালি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতে জে পি নাড্ডাই ২০১৬ৰ পূৰ্বে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি কেছেটখনৰ পুনৰাবৃত্তি কৰিলে বুলি তেওঁ কয়।

তেওঁ আৰু কয় ‘অসমত এতিয়া নিম্নস্তৰৰ ৰাজনীতি আৰম্ভ হ’বলৈ লৈছে। অসমৰ জনতা স্বাভিমানী আৰু যোদ্ধা। বিজেপিয়ে এবাৰ ৰাইজক মুৰ্খ বনালে, বাৰেপতি তেওঁলোকে মুৰ্খ বনাব নোৱাৰে।‘

Recent News

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

এইবাৰ লখিমপুৰত চলিল বুলড’জাৰ : ২২০ টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ

এইবাৰ লখিমপুৰত চলিল বুলড’জাৰ : ২২০ টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd