• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বিজেপিয়ে এবাৰ ৰাইজক মুৰ্খ বনালে, বাৰেপতি তেওঁলোকে মুৰ্খ বনাব নোৱাৰে’; জীতেন্দ্ৰ সিঙ

"বিজেপিৰ আভুৱা ভাঁৰা বাজেট-৫ বছৰীয়া ব্যৰ্থতাৰ দলিল" শীৰ্ষক গ্ৰন্থ উন্মোচন প্ৰদেশ কংগ্ৰেছৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 12, 2021 6:07 pm
bf9eca12-a7b2-4399-9908-6a4cfdf447f0
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“বিজেপিৰ আভুৱা ভৰা বাজেট-৫ বছৰীয়া ব্যৰ্থতাৰ দলিল” শীৰ্ষক গ্ৰন্থখন উন্মোচনী সভাত উপস্থিত থাকি বৰপেটা সমষ্টিৰ সাংসদ আব্দুল খালেকে বিজেপি চৰকাৰক হত্যাকাৰী চৰকাৰ আখ্যা দিয়ে।

তেওঁ কয় ‘এইখন সাংবাদিক হত্যাকাৰী আৰু হাৰাশাস্তি কৰা চৰকাৰ। এই চৰকাৰখনে মানুহৰ দৃষ্টি আনপিনে ঘুৰাই নিবলৈ বিচাৰে।‘

Apply Now

‘বিজেপিৰ বিৰুদ্ধে অসমৰ ৰাইজ জাগি উঠিছে। সাংবাদিক হত্যাকাৰী চৰকাৰখনক উৎখাত কৰাৰ ক্ষেত্ৰত সাংবাদিকসকলে অসমৰ ৰাইজক সহায় কৰিব লাগে।‘ খালেকে লগতে কয়।

ইপিনে, তৰুণ গগৈৰ চৰকাৰৰ দিনত এজনো সাংবাদিক গ্ৰেপ্তাৰ হোৱা নাছিল বুলি দাবী কৰি খালেকে লগতে কয় ‘এই চৰকাৰখনে সাংবাদিকসকলক অ’ত-ত’ত নিৰ্যাতন চলোৱা আৰম্ভ কৰিলে। ছিণ্ডিকেটৰ বিৰুদ্ধে মাত মতাজনক জেইলত ভৰোৱা হ’ল, পৰাগ ভূঞাক হত্যা কৰা হ’ল যদিও সুবিচাৰ এই পৰ্যন্ত নহ’ল।‘

তদুপৰি, বিজেপি চৰকাৰখনে পৰিৱৰ্তনৰ শ্লোগানৰে তেওঁলোকে শাসনৰ গাদী দখল কৰিছিল যদিও তেওঁলোকৰ পৰা ৰাইজে এতিয়া পৰিত্ৰাণ বিচাৰিছে বুলি উল্লেখ কৰে খালেকে।

তেওঁ লগতে ‘বিজেপি চৰকাৰ ফাঁকিবাজৰ চৰকাৰ।‘ বুলি দাবী কৰি লগতে কয় ‘তেওঁলোকে এক্সপ্ৰেছ হাইৱেৰ কথা কৈছিল। কিন্তু সদনত মই কৰা এক প্ৰশ্নত উত্তৰ আহিল যে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ ৰাজ্য চৰকাৰে কোনো ধৰণৰ প্ৰস্তাৱেই প্ৰেৰণ কৰা নাই।‘

ইপিনে, বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ পালন কৰিব পৰা নাই বুলি উল্লেখ কৰি খালেকে লগতে কয় ‘উন্নয়নৰ প্ৰশ্নত ভোট হ’লে তেওঁলোক যে জিকিব নোৱাৰে। সেয়েহে তেওঁলোকে কেনেকৈ মেৰুকৰণ কৰিব পাৰে তাৰ ওপৰতহে জোৰ দিছে।‘

ইপিনে, উপৰোক্ত গ্ৰন্থখন উন্মোচন কৰি প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক তথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে কয় ‘অসমৰ জনতাই বিজেপিৰ ভিজন ডকুমেন্টক এতিয়া বিনাশ ডকুমেন্ট বুলি ক’ব বিচাৰে। কিয়নো তেওঁলোকে ভিজন ডকুমেন্ট বা বাজেটত উল্লেখ কৰা একো প্ৰতিশ্ৰুতিয়েই এতিয়ালৈকে পূৰণ কৰা নাই।‘

‘নিৰ্বাচন অহাৰ বাবে এতিয়া বিজেপিৰ মুখ্যমন্ত্ৰী, চুপাৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকল দৌৰিবলৈ আৰম্ভ কৰিছে। নিৰ্বাচন অহাৰ লগে লগে আধাৰশিলা নিৰ্মাণ আৰম্ভ কৰিছে, ঘোষণা কৰিছে, স্কুল নিৰ্মাণৰ কাম আৰম্ভ কৰিছে, স্কুটী দিবলৈ আৰম্ভ কৰিছে। ক’ৰবাত তেওঁলোকে ধনো বিলাইছে, মোবাইল ফোন বিতৰণ কৰিছে।‘ বিজেপি চৰকাৰৰ নেতা মন্ত্ৰীক সমালোচনা কৰি সিঙে লগতে কয়।

ইপিনে, কালি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতে জে পি নাড্ডাই ২০১৬ৰ পূৰ্বে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি কেছেটখনৰ পুনৰাবৃত্তি কৰিলে বুলি তেওঁ কয়।

তেওঁ আৰু কয় ‘অসমত এতিয়া নিম্নস্তৰৰ ৰাজনীতি আৰম্ভ হ’বলৈ লৈছে। অসমৰ জনতা স্বাভিমানী আৰু যোদ্ধা। বিজেপিয়ে এবাৰ ৰাইজক মুৰ্খ বনালে, বাৰেপতি তেওঁলোকে মুৰ্খ বনাব নোৱাৰে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am
ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

September 4, 2026 9:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd