কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অতি গুৰুত্বপুৰ্ণ এনিমেল কৰিড’ৰ পাণবাৰী৷
এই এনিমেল কৰিড’ৰে পাণবাৰী সংৰক্ষিত বনাঞ্চলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংযোজিত কৰিছে৷
এই কৰিডৰৰ মাজেৰে গৈছে ৩৭ নং ৰাষ্ট্ৰীয় পথ৷ এই পথেৰে অহা যোৱা কৰা যানবাহনৰ যাত্ৰীয়ে আৱৰ্জনা পেলাই প্ৰদুষিত কৰে এনিমেল কৰিড’ৰটো৷
শনিবাৰে বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছাত্ৰ-ছাত্ৰীসকলে এক অভিযানেৰে আৱৰ্জনা বুটলি প্ৰদুষণমুক্ত কৰে এনিমেল কৰিড’ৰটো৷
শনিবাৰে পাণবাৰীত পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে এই অভিযানৰ আৰম্ভণি কৰে৷
এই উপলক্ষে পাণবাৰী খণ্ড বন কাৰ্যালয় প্ৰাংগনত আয়োজিত এক অনুষ্ঠানত ডি এফ অ’ ৰমেশ কুমাৰ গগৈৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ হিচাব পৰীক্ষণ বিভাগৰ ডেপুটি একাউন্টেট জেনেৰেল আব্ৰাহম জুদাহ চেপাহ এ, সহকাৰী বন সংৰক্ষক ঋতুপৱন বৰা, অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া, বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া ডাঃ ইন্দ্ৰাণী বৰগোহাঁই, খণ্ড বন বিষয়া তৰুণ গগৈ, জে ডি এছ জি মহাবিদ্যালয়ৰ জ্যেষ্ঠ প্ৰৱক্তা প্ৰশান্ত ফুকন আৰু মতিৰাম দাসৰ লগতে বনকৰ্মী আৰু মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীও উপস্থিত থাকে৷
অনুষ্ঠানত এনিমেল কৰিডৰৰ আৱৰ্জনা পৰিষ্কাৰ কৰিবৰ বাবে জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছাত্ৰ-ছাত্ৰীসকল আগবাঢ়ি অহাৰ বাবে ভূয়সী প্ৰসংসা কৰে৷
ছাত্ৰ-ছাত্ৰীসকলে হাতমোজা পৰিধান কৰি এনিমেল কৰিডৰটোৰ দুয়োকাষে পথৰ দাঁতিত পৰি ৰোৱা পুৰ্তি গন্ধময় আৱৰ্জনা বুটলি কৰিড’ৰটো পৰিষ্কাৰ কৰে।