• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 21, 2021 1:18 pm
195
VIEWS
Share on FacebookShare on Twitter

পৰ্টুগালৰ ষ্টাৰ ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো আৰু আৰ্জেণ্টিনাৰ লিয়’নেল মেছিৰ ভিতৰত কোন শ্ৰেষ্ঠ তাক লৈ ফুটবল মহলত চলি থাকে বিতৰ্ক আৰু চৰ্চা।

এই চৰ্চা চলি থকাৰ মাজতেই পেছাগত ফুটবলত মেছিক অতিক্ৰম কৰি পৰ্টুগালৰ ক্ৰিষ্ট্ৰিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ।

বুধবাৰে ইটালিয়ান ছুপাৰ কাপৰ ফাইনেলত নেপোলিৰ বিৰুদ্ধে ৰ’নাল্ডোৱে এটা গ’ল কৰাৰ লগে লগে তেওঁ পেছাগত ফুটবল ইতিহাসত সৰ্বাধিক গ’ল কৰাৰ অভিলেখ গঢ়ে।

ৰ’নাল্ডোৱে মেচৰ ৬৪ মিনিটত গ’ল কৰি জুভেণ্টাছক অগ্ৰগতি দিয়ে। এই গ’লটো ৰোনাল্ডোৰ পেছাগত ফুটবল কেৰিয়াৰৰ ৭৬০ সংখ্যক গ’ল।

ইয়াৰ পূৰ্বে ৰ’নাল্ডোৱে ৭৫৯টা গ’লৰ সহায়ত অষ্ট্ৰিয়াৰ জোছেফ বিকানৰ সৈতে সমতা স্থাপন কৰি আছিল। বিকানে ৪৫৯খন মেচত ৭৫৯টা গ’ল কৰিছিল।

উল্লেখ্য যে অলপতে মেছিয়ে পেছাগত ফুটবলত এটা নিৰ্দিষ্ট ক্লাবৰ হৈ খেলি ব্ৰাজিলৰ পেলেৰ নামত থকা সৰ্বাধিক গ’লৰ অভিলেখ ভংগ কৰিছিল।

কিন্তু সৰ্বমুঠ গ’ল কৰাৰ ক্ষেত্ৰত ৰ’নাল্ডোতকৈ বহু পৰিমানে পিছ পৰি আছে মেছি। দুয়োজনৰ মাজত ৪১টা গ’লৰ পাৰ্থক্য আছে।

সৰ্বাধিক গ’ল কৰাৰ তালিকাত ৰ’নাল্ডো আৰু বিকানৰ পিছত তৃতীয় স্থানত পেলে(৭৫৭) আৰু চতুৰ্থ স্থানত আছে ৰোমাৰিঅ’(৭৪৩)। ৭১৯টা গ’লৰ সহায়ত মেছি এই তালিকাৰ পঞ্চম স্থানত আছে।

উল্লেখ্য যে বুধবাৰে ইটালিয়ান ছুপাৰ কাপৰ ফাইনেলত নেপোলিক ২-০ৰ ব্যৱধানত পৰাস্ত কৰি অভিলেখ সংখ্যক নৱমবাৰৰ বাবে ট্ৰফি হস্তগত কৰে জুভেণ্টাছে।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd