আজি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো উদযাপন কৰা হয় ৰাষ্ট্ৰীয় ভোটাৰ দিৱস।
শিৱসাগৰ জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া বিষ্ণু কমল বৰাই ভোটাৰ দিৱসৰ উদ্বোধন কৰি এই দিৱস আয়োজন কৰাৰ মূল উদ্দেশ্য আৰু গণতান্ত্ৰিক ব্যৱস্থাত ভোটদানত অংশগ্ৰহণেৰে সুস্থ আৰু সৱল গণতন্ত্ৰ গঢ়ি তোলাৰ ওপৰত আলোকপাত কৰে।
জিলাখনৰ সমূহ ভোটাৰক তেওঁ ভোটদান প্ৰক্ৰিয়াত বিপুল হাৰত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।
জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে ভোটাৰৰ সাক্ষৰতা আৰু অংশগ্ৰহণ বৃদ্ধিৰ বাবে শিৱসাগৰ জিলাত চলাই থকা কাৰ্যসূচী সমূহৰ ওপৰতো আলোকপাত কৰে।
ভোটদান এক মৌলিক অধিকাৰ বুলি উল্লেখ কৰি জিলা নির্বাচনী বিষয়াই এই বছৰৰ মূল বিষয়বস্তু “আমাৰ দেশৰ ভোটাৰ সকলৰ সৱলীকৰণ, জাগ্ৰত, নিৰাপদ সুনিশ্চিতকৰণ আৰু তেওঁলোকৰ ভোটাধিকাৰৰ বিষয়ে অৱগত কৰা” (Making our voters empowered, safe and informed) -ৰ ওপৰত আলোকপাত কৰে।
তেওঁ উল্লেখ কৰে যে, এই বছৰ নতুন ভোটাৰ সকলৰ বাবে e-EPIC কাৰ্ডখন ইলেকট্ৰনিক পদ্ধতিৰে উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰা হৈছে।
এই ব্যৱস্থা অনুসৰি আজি ২৫ জানুৱাৰিৰ পৰা ৩১ জানুৱাৰি, ২০২১ -ৰ ভিতৰত নতুনকৈ নাম সন্নিবিষ্ট হোৱা ভোটাৰসকলে নিজৰ মোবাইল নম্বৰ পঞ্জীয়নভূক্ত কৰি e-EPIC কাৰ্ডখন ডাউনলোড কৰিব পাৰিব লগতে ১ ফেব্ৰুৱাৰিৰ পৰা মোবাইল নম্বৰ নথকা ভোটাৰ সকলেও e-EPIC কাৰ্ডখন ডাউনলোড কৰিব পাৰিব বুলি জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে সদৰি কৰে।
তেওঁ লগতে উল্লেখ কৰে যে, ভাৰতৰ নিৰ্বাচন আয়োগে এই বছৰ আগন্তুক বিধান সভা নিৰ্বাচনত আশী বছৰ বয়সৰ উৰ্ধ্বৰ ভোটাৰ আৰু বিশেষভাৱে সক্ষম লোকসকলৰ সুবিধাৰ বাবে পোষ্টেল বেলট পেপাৰৰ মাধ্যমেৰে ভোটদান কৰাৰ সুবিধা আগবঢ়াইছে।
অনুষ্ঠানটি উদ্বোধন কৰি জিলা নিৰ্বাচনী বিষয়া বিষ্ণু কমল বৰাই উপস্থিত সকলোকে ভোটাৰ দিৱসৰ সংকল্প পাঠ কৰায়।
অনুষ্ঠানটিত ভোটাৰ তালিকাত নতুনকৈ নাম সন্নিবিষ্ট হোৱা ২০ গৰাকী নতুন ভোটাৰক টি-ছাৰ্ট, বেজ আৰু প্ৰশংসাপত্ৰ প্ৰদান কৰে জিলা নিৰ্বাচনী বিষয়াই।
ভোটাৰ দিৱসৰ কাৰ্যসূচীত শিৱসাগৰ নিৰ্বাচন জিলাৰ তিনিওটা বিধানসভা সমষ্টিৰ পৰা ১০ গৰাকীকৈ মুঠ ৩০ গৰাকী BLO, আৰু ৩ গৰাকীকৈ মুঠ ৯ গৰাকী AERO -ক সম্বৰ্ধনা জনোৱা হয়।
উল্লেখযোগ্য যে, ১৯৫০ চনত ভাৰতৰ নিৰ্বাচন আয়োগ গঠন হোৱা দিনটোকে বিগত ২০১১ চনৰপৰা ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে পালন কৰি অহা হৈছে।
আজিৰ অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল কলিতা, জিলা পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী বিষয়া টি জে ৰবাৰ্ট, দিখৌমুখ কলেজৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক তথা জিলা পৰ্যায়ৰ ভোটাৰ সজাগতা (SVEEP) -ৰ নডেল বিষয়া ড০ প্ৰতিম শৰ্মা উপস্থিত থাকে।